ETV Bharat / state

এক বজাৰ শীৰ্ষ বাতৰিসমূহ..... - TOP 10 @ 1 PM

এক বজাৰ শীৰ্ষ বাতৰিসমূহ.....

TOP 10 @ 1 PM
এক বজাৰ শীৰ্ষ বাতৰিসমূহ.....
author img

By

Published : Jun 5, 2020, 1:02 PM IST

কনটেইন্টমেন জ'ন ঘোষণা : কামৰূপ প্ৰশাসনৰ পক্ষপাতিত্বমূলক আচৰণৰ অভিযোগ

কোভিড-19 ত আক্ৰান্ত ৰোগী চিনাক্ত হোৱাৰ পাছতে জিলাখনৰ গ্ৰাম্য অঞ্চলত বিভিন্ন ঠাইত পাঁচশ মিটাৰলৈকে কনটেইন্টমেন জ'ন ঘোষণা কৰিছে প্ৰশাসনে । কিন্তু ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ ক্ষেত্ৰত জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক নৰম হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ।

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰাইজক উদ্দেশ্যি কি ক'লে যাদৱ পায়েঙে ?

পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি নিজ বাসগৃহৰ আশে-পাশে কেইবাটাও গছপুলি ৰোপণ কৰিলে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে ৷

বিশ্ব পৰিবেশ দিৱস : এইবৰ্ষৰ বিষয়বস্তু "TIME OF NATURE" !

আজি বিশ্ব পৰিৱেশ দিৱস ৷ 2020 বৰ্ষত বিশ্ব পৰিবেশ দিৱসৰ মূল বিষয় হৈছে "TIME OF NATURE" ৷ মানৱ জাতিক পৰিবেশ তথা প্ৰকৃতি সংৰক্ষণৰ বিষয়ে সজাগ কৰাৰ বাবেই উদযাপন কৰা হয় এই দিৱস ৷

জম্মু কাশ্মীৰত নিৰাপত্তাৰক্ষী গুলীত নিহত উগ্ৰপন্থী !

জম্মু কাশ্মীৰত নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ ৷ নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে এগৰাকী উগ্ৰপন্থী ৷

গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰাবাসৰ 13 জনৰ দেহত COVID-19

গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰাবাসত কোৱাৰেণ্টাইন হৈ থকা 13 গৰাকী লোকৰ দেহত নতুনকৈ বৃহস্পতিবাৰে ধৰা পৰে COVID-19 । আটাইকেইজন আক্ৰান্ত লোককে প্ৰেৰণ কৰা হৈছে হাজো আদৰ্শ চিকিৎসালয়লৈ ৷

মুখ্যমন্ত্ৰী লৈ বোন্দাপৰ : ক্ষোভিত সাংবাদিকে দিলে সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ ধ্বনি !

শিলচৰত মুখ্যমন্ত্ৰী সোণোৱালক লৈ অসন্তুষ্ট সংবাদকৰ্মী ৷ দিনৰ 12.30 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে অপেক্ষা কৰাৰ পাচতো সম্বোধন নকৰিলে মুখ্যমন্ত্ৰীয়ে ৷ যাৰ ফলত ক্ষোভিত সংবাদকৰ্মীসকলে অনুষ্ঠান বৰ্জন কৰাৰ লগতে সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ ধ্বনি দিয়ে ৷

২৪ ঘণ্টাত দেশত আৰোগ্য লাভ কৰিছে ৩,৮০৪ গৰাকী কোভিড ৰোগীয়ে

এইপৰ্যন্ত ভাৰতত ৪৭.৯৯ শতাংশ লোকে কোভিড-১৯ ৰ পৰা আৰোগ্য লাভ কৰিছে । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে এক বিজ্ঞপ্তিযোগে প্ৰকাশ কৰে এই তথ্য । বিগত ২৪ ঘণ্টাত দেশত সুস্থ হৈ উঠিছে ৩,৮০৪ গৰাকী কোভিড-১৯ আক্ৰান্ত ৰোগী ৷

গৌৰীসাগৰত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মান কৰা ঠিকাদাৰৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ অভিযোগ

গৌৰীসাগৰত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিৰ্মাণ কৰা পকী নলাত ব্যাপক বিসংগতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ঠিকাদাৰৰ বিৰুদ্ধে ৷ অতি নিম্নমানৰ সামগ্ৰীৰে ঠিকাদাৰে নলা সমূহ নিৰ্মাণ কৰাৰ ফলত নিৰ্মাণৰ পিছতে পকী নলা আৰু শ্লেবত ফাট মেলাৰ লগতে বহু অংশ বহি যোৱাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে ৷

আম্ফানত ক্ষতিগ্ৰস্তলৈ সহায়ৰ হাত আজমল ফাউণ্ডেচনৰ

কিছুদিন পূৰ্বে ৰাজ্যত আংশিক প্ৰভাৱ পৰিছিল ধুমুহা আম্ফানৰ ৷ শুকুৰবাৰে আম্ফানত ক্ষতিগ্ৰস্ত ধুবুৰীৰ কেইবাটাও পৰিয়ালক সাহায্য আগবঢ়াই আজমল ফাউণ্ডেচনে ৷ জিলাখনৰ আগমনিৰ প্ৰায় 86 টা পৰিয়াললৈ নগদ 7 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে ফাউণ্ডেচনে ৷

বিস্ময়ঃ স্থবিৰ হ'ব নেকি অৰ্ধ শতিকাজোৰা বৰ্ণাঢ্য যাত্ৰা ?

ক'ৰণা বিভীষিকা,দীঘলীয়া লক ডাউন এই সকলো বিলাকে এতিয়া যেন স্থবিৰ কৰি পেলাব খুজিছে অসমীয়া আলোচনী জগতত স্বৰ্ণিল অধ্যায় ৰচনা কৰা "বিস্ময়"ৰ যাত্ৰা । আজিৰ পৰা ৫২ বছৰ পূৰ্বে "বিস্ময়"ক জন্ম দিয়া শশী ফুকন আজি যেন ক্লান্ত ! ভীষণ উদ্বিগ্ন নিজে জন্ম দিয়া,নিজ সন্তানৰ দৰে লালন পালন কৰি ৫২ বছৰীয়া কৰি তোলা "বিস্ময়" ৰ ভৱিষ্যতক লৈ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.