ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা খবৰ - সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা খবৰ

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা খবৰ

Top 10 7 P.M
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা খবৰ
author img

By

Published : Dec 16, 2020, 7:08 PM IST

বিটিচি পৰিষদ গঠন : ন্যায়ালয়ৰ কাষ চাপিব বিপিএফ !

বিজেপিয়ে স্বৈৰচাৰিতা আৰম্ভ কৰিছে । জনতাৰ ৰায়দান বিপিএফৰ সপক্ষে গৈছে যদিও বিজেপি আৰু ইউপিপিএলে অগণতান্ত্ৰীক ভাৱে চৰকাৰ গঠন কৰিছে । বুধবাৰে এক সংবাদ মেল সম্বোধন কৰি এই অভিযোগ তুলিলে সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ।

গোৱালপাৰাত গ্ৰেণেড বিস্ফোৰণ

গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত খলিছা ভিটাত সৰ্বেশ আলী নামৰ লোকজনৰ বাসগৃহত গ্ৰেণেড বিস্ফোৰণ ৷ ঘটনাত গুৰুতৰভাৱে আহত সৰ্বেশ আলী আৰু তেখেতৰ পত্নী অঞ্জু মনোৱাৰা খাতুন ৷ নিশাই ঘটনাস্থলীত লক্ষীপুৰ আৰু ধুমেৰঘাট আৰক্ষীৰ উপস্থিত হৈ এই সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷ আহত দুয়োগৰাকীয়ে উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰা হয় ৷

আন্দোলনৰ জুইত ৰাজনীতিৰ ৰুটি সেকিব নালাগে : অতুল বৰা

CAA আন্দোলনৰ জড়িয়তে ৰাজনীতিৰ ৰুটি সেকিব খোজা সকলৰ আশা কেতিয়াও পূৰণ নহ’ব । কাৰণ, আন্দোলনৰ জুইত ৰাজনীতিৰ ৰুটি সেকিব নালাগে ।" এই ভাষ্য অসম গণ পৰিষদৰ সভাপতি, ৰাজ্যৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাৰ । অগপৰ সভাপতি গৰাকীয়ে আৰু কয় যে, নতুন আঞ্চলিক দলে অগপৰ কোনো হানি বিঘিনি ঘটাব নোৱাৰে । আজি বিভিন্ন আঞ্চলিক দলৰ জন্ম দিয়া একাংশই CAA আন্দোলনৰ দ্বাৰা নিজৰ স্বাৰ্থ পূৰণ কৰিব খুজিছে বুলিও তেওঁ মন্তব্য কৰে ।

কাইলৈ তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন : সাজু প্ৰশাসন

কাইলৈ অনুষ্ঠিত হব লগা তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ১৮৭টা ভোট কেন্দ্ৰলৈ বেলট বক্স লৈ ৰাওনা হৈছে জিলাখনৰ ৮৪১ গৰাকী বিভিন্ন বৰ্গৰ কৰ্মচাৰী। নিৰ্বাচনৰ সকলো দিশ জিলা উপায়ুক্ত উপস্থিত থাকি নিজে তদাৰক কৰিছে।

কাৰ ভুলৰ বাবে প্ৰতাৰিত হৈছে বাঘজানবাসী!

অৱশেষত বহু প্ৰচেষ্টাৰ অন্তত নিৰ্বাপিত হ’ল বাঘজানৰ জুই ৷ কিন্তু ইয়াৰ পিছতো সমস্যাৰ অন্ত পৰা নাই বাঘজানবাসীৰ ৷ বিগত 27 মে‘ত বাঘজানৰ অভিশপ্ত BGR ৫ নং তৈলখাদত সংঘটিত বিস্ফোৰণে প্ৰভাৱ পেলাইছিল বাঘজানৰ দাতিকাষৰীয়া অঞ্চলসমূহত ৷ ভূকম্পন আৰু তীব্ৰ শব্দৰ মাজত প্ৰায় পাঁচটা মাহ পাৰ কৰিবলগীয়া হৈছিল ৰঙাগড়াবাসী ৰাইজে ৷ অৱেশেষত সুদূৰ কানাডাৰ বিশেষজ্ঞৰ দলে নিৰ্বাপিত কৰিবলৈ সক্ষম হৈছিল জুই ৷

চাপৰিত কৃষি বিপ্লৱ মাজুলীৰ দুই যুৱকৰ

বান- বিভীষিকাই জুৰুলা কৰা মাজুলীৰ চাপৰি সমূহত এতিয়া কৃষক সকল ব্যস্ত হৈ পৰিছে কৃষি কৰ্মত । বান-গৰাখহনীয়াই প্ৰতিবছৰে তাণ্ডৱ সৃষ্টি কৰা মাজুলীৰ কৰদৈগুৰি অঞ্চলত এতিয়া কৃষি বিপ্লৱৰ সূচনা কৰি পথাৰ দখল কৰা যুৱ কৃষক সকল এতিয়া আনন্দিত । উল্লেখযোগ্য যে, অঞ্চলটোৰ কৃষক মুক্তিৰ দুই সদস্য পৱন্ত শইকীয়া আৰু মুনে বানে ধোৱা মৰুময় পথাৰত হাড়ভঙা শ্ৰম কৰি আৰম্ভ কৰিছে কৃষি বিপ্লৱ ৷ যাৰ জৰিয়তে পথাৰ আৰু বজাৰ দলখল কৰাত নামি পৰিছে দুই উদীয়মান যুৱক।

খোৱাঙৰ ব্যৱসায়ীয়ে নিজ মুখেৰে ব্যক্ত কৰিলে আক্ৰমণৰ কাহিনী

মুখ্যমন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড়ৰ খোৱাঙত ক্ৰমাৎ বৃদ্ধি পাইছে বন্দুক ধাৰি দুৰ্বৃত্তৰ দপদপনি ৷ মঙলবাৰে সন্ধিয়া ডিব্ৰুগড় জিলাৰ মৰাণৰ খোৱাঙত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ খোৱাং বোকাহোলাৰ পৰমানন্দ চৌধুৰী (৬৫) নামৰ ব্যৱসায়ীজনক ধনদাবী কৰাৰ লগতে হত্যাৰ চেষ্টা চলায় অচিনাক্ত দুৰ্বৃত্তই ৷

মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা আইনৰ বিৰুদ্ধাচৰণ কৰি আমগুৰিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল ৷ আৰ বি আই গাইডলাইন ভংগ কৰি কেন্দ্ৰীয় চৰকাৰে মাইক্ৰ’ফাইনেঞ্চ কোম্পানীক সুৰক্ষা দিয়াৰ সিদ্ধান্তক বিৰুদ্ধাচৰণ কৰি সংবাদমেল সম্বোধন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

180 কিলোমিটাৰ বেতন দৌৰি বিজয় দিৱস পালন বিএছএফ জোৱানৰ

বিজয় দিৱস উপলক্ষে আন্তঃৰাষ্ট্ৰীয় সীমান্তত সীমা সুৰক্ষা বাহিনী বিএছএফৰ জোৱানসকলে 930 জন জোৱান আৰু মহিলা জোৱান মাজত মাজনিশা 11 ঘণ্টাত 180 কিলোমিটাৰ বেতন দৌৰ অনুষ্ঠিত কৰি দেশৰ অখণ্ডতাৰ প্ৰতি সন্মান জনায় । এই কথা টুইটাৰত প্ৰকাশ কৰিলে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুয়ে ।

সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানিয়েই নগাঁৱত অনুষ্ঠিত হ'ব তিৱা স্বায়ত শাসিত পৰিষদৰ নিৰ্বাচন

সম্পূৰ্ণ ক'ভিড প্ৰট'কল ৰক্ষা কৰিয়েই তিৱা স্বায়ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে নগাঁও জিলা প্ৰশাসন। ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ বিশেষ ব্যৱস্থা কৰিছে নগাঁও জিলা প্ৰশাসনে। মাস্ক অবিহনে ভোটকেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰিব ভোটাৰে। ভোটগ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বে সম্পূৰ্ণৰূপে চেনিটাইজৰ ব্যৱস্থা কৰা হৈছে ভোটকেন্দ্ৰসমূহত। পলিং আৰু প্ৰিজাইডিং বিষয়াৰ বাবেও প্ৰশাসনৰ পৰা প্ৰদান কৰা হৈছে সাৱধানতা অৱলম্বন কৰিব পৰা সকলো সামগ্ৰী।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.