ETV Bharat / state

TMC criticizes Assam govt: স্বীকৃতিপ্ৰাপ্ত বিদ্যালয় প্ৰাদেশিকীকৰণৰ দাবী অসম তৃণমূল কংগ্ৰেছৰ

author img

By

Published : Apr 11, 2023, 8:07 PM IST

শিক্ষাখণ্ডত ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অসম তৃণমূল কংগ্ৰেছ ৷ এখন সংবাদমেল আয়োজন কৰি অসম তৃণমূল কংগ্ৰেছে চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে (TMC criticizes Govt regarding education sector) ৷

tmc demands to provincialize of recognized school
বিদ্যালয় প্ৰাদেশিকীকৰণৰ দাবী অসম তৃণমূল কংগ্ৰেছৰ

গুৱাহাটী, 11 এপ্ৰিল : ২০০৬ চনত স্বীকৃতিপ্ৰাপ্ত কোনো বিদ্যালয় নতুনকৈ প্ৰাদেশিকীকৰণ কৰা নহ'ব বুলি অসম চৰকাৰৰ শিক্ষামন্ত্ৰীয়ে কৰা ঘোষণাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অসম তৃণমূল কংগ্ৰেছ । মঙলবাৰে গুৱাহাটীত দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই কয় যে, অসম চৰকাৰৰ শিক্ষা বিভাগে ২০০৬ চনৰ ১ জানুৱাৰীৰ পাছত স্বীকৃতিপ্ৰাপ্ত কোনো বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা নহ'ব বুলি কৰা ঘোষণা দুৰ্ভাগ্যজনক ।

যিখন চৰকাৰে ১০০ কোটি টকা খৰচ কৰি জাতীয় উৎসৱ বিহুক বিশ্বৰেকৰ্ডত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তুতি চলায়, লাখ কোটি টকা ধাৰত পোত গৈ থাকিও বৰ বৰ কথা কয়, সেইখন চৰকাৰে আজি অবিবেচক সিদ্ধান্ত লৈ ২৩১৯ খন অপ্ৰাদাশিকীকৃত বিদ্যালয়ৰ প্ৰায় ২০ হাজাৰ শিক্ষক-শিক্ষয়িত্ৰীৰ জীৱনলৈ অন্ধকাৰ নমাই আনিব বিচাৰিছে । এয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয় (TMC demands provincialization of school to govt) ।

যিখন চৰকাৰে অসমক দেশৰ প্ৰথম ৫ খন ৰাজ্যৰ এখন কৰাৰ কথা কয়, সেইখন চৰকাৰৰ শিক্ষাখণ্ডৰ এই সিদ্ধান্ত লজ্জাজনক । উল্লেখযোগ্য যে, বিজেপিয়ে ইয়াৰ ২০১৬ চনৰ নিৰ্বাচনী ইস্তাহাৰত উক্ত বিদ্যালয় সমূহ প্ৰাদেশিকীকৰণ কৰাৰ অন্যতম প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু তাৰ পাচত দুবাৰকৈ শাসনত বহিও শিক্ষাগুৰুসকলক বুঢ়া আঙুলি দেখুৱাইছে এই চৰকাৰখনে । আনহাতে, এতিয়াৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ২০০৬ চনৰ পৰা অধিক সময় শিক্ষামন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ আছিল । আজি মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেওঁৰ এই শিক্ষাগুৰুবিৰোধী সিদ্ধান্ত মানি ল'ব নোৱাৰি (TMC criticizes Govt regarding education sector) ।

আনহাতে শেহতীয়াকৈ সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালকৰ কাৰ্যালয়ে উক্ত অপ্ৰাদেশিকীকৃত বিদ্যালয়লৈ পি এম পোষণ শক্তি নিৰ্মাণ আঁচনিৰ অধীনত মধ্যাহ্ন ভোজনৰ যোগান বন্ধ কৰাৰ নিৰ্দেশ দি আন এক অমানৱীয় সিদ্ধান্ত লৈছে বুলিও তেওঁ কয় । দিলীপ কুমাৰ শৰ্মাই চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি ২০০৬ চনৰ ১ জানুৱাৰীৰ পৰা স্বীকৃতিপ্ৰাপ্ত সমূহ বিদ্যালয় প্ৰাদেশিকীকৰণ কৰাৰ দাবী জনোৱাৰ লগতে মধ্যাহ্ন ভোজন বন্ধ কৰাৰ নিৰ্দেশনা শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক : Protest against SEBA: ছেবা সংস্কাৰৰ দাবীত ২৮ এপ্ৰিলত গুৱাহাটীত আন্দোলনৰ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.