ETV Bharat / state

অনুচ্ছেদ 370 সন্দৰ্ভত ৰাজ্যৰ তিনি সাংসদ - সন্ত্ৰাসবাদ

যৌথ সংবাদমেলত দিলীপ শইকীয়া, তপন গগৈ আৰু কুইন ওজা ৷ 370 অনুচ্ছেদ বাতিল কৰা বিষয় লৈ মন্তব্য কৰে সাংসদকেইগৰাকীয়ে

অনুচ্ছেদ 370 সন্দৰ্ভত ৰাজ্যৰ তিনি সাংসদ
author img

By

Published : Aug 9, 2019, 11:11 PM IST

গুৱাহাটী, 9 আগষ্ট : জম্মু-কাশ্মীৰৰ 370 অনুচ্ছেদ বাতিল কৰা বিষয় লৈ এক যৌথ সংবাদমেলত ভাগ লয় বিজেপিৰ তিনি সাংসদে ৷ সংবাদমেলত দিলীপ শইকীয়া, তপন গগৈ আৰু কুইন ওজাই অংশ লৈ এতিয়া সন্ত্ৰাসবাদ সম্পূৰ্ণৰূপে নিৰ্মুল হ’ল বুলি উল্লেখ কৰে ৷ সাংসদ দিলীপ শইকীয়াই অনুচ্ছেদ 370 বাতিলক লৈ মন্তব্য কৰি কয় যে, এই আইন আছিল অতি বৈষম্যমূলক । সুদীৰ্ঘ বছৰে এই বিষয়টো চৰ্চিত হৈ আছিল । পাকিস্তানে তৃতীয় পক্ষৰ দ্বাৰা জম্মু কাশ্মীৰত হস্তক্ষেপ চলোৱাৰ চেষ্টা কৰি আছিল । কিন্তু এতিয়া এই সুযোগ পাকিস্তানক দিয়া নহ'ব । দেশৰ অন্য প্ৰান্তৰ লোকে লাভ কৰা সকলো অধিকাৰ জম্মু কাশ্মীৰৰ লোকে লাভ কৰিব । কেন্দ্ৰৰ এই সিদ্ধান্তৰ পাছত প্ৰায় 7 লাখ কাশ্মীৰী পণ্ডিতৰ মুখত হাঁহি বিৰিঙিছে । প্ৰধানমন্ত্ৰীৰ এই ঐতিহাসিক সিদ্ধান্তৰ জৰিয়তে জম্মু কাশ্মীৰৰ একাংশ লোকৰ দাবী পূৰণ হ'ল । সাংসদ তপন গগৈয়েও এই সন্দৰ্ভত মন্তব্য আগবঢ়ায় কয় যে, এখন বৈষম্যমূলক আইন বাতিল কৰিবলৈ সক্ষম হ'ল মোডী চৰকাৰে । শ্যামা প্ৰসাদ মুখাৰ্জীৰ সপোন বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম হ'ল নৰেন্দ্ৰ মোদী । লাডাখৰ সাংসদে কোৱাৰ দৰে তাৰ লোকে 72 টা বছৰে কেন্দ্ৰীয় শাসিত অঞ্চলৰ দাবী কৰি আহিছিল । সেই সপোন আজি পূৰণ হ'ল । আমি নিজকে ধন্য মানিছো । কিয়নো 33 খন বিল গৃহীত হৈছে লোকসভাত । এই বিল পাছ কৰোঁতে অসমৰ পৰা আটাইবোৰ উপস্থিত থাকিবলৈ চেষ্টা কৰিছিলো । আমাৰ মহিলা সকলক কথা কোৱাৰ সুযোগ দিছিল কয় সাংসদ কুইন ওজা ৷

Intro:ৰঞ্জিত দাস আৰু তিনি সাংসদ ক্ৰমে দিলীপ শইকীয়া, তপন গগৈ আৰু কুইন ওজাৰ যৌথ সংবাদমেল

Body:শুকুৰবাৰে মহানগৰীৰ হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত এখনি সংবাদ মেলৰ আয়োজন কৰা হয়। উক্ত সংবাদমেলখনত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু অসমৰ তিনি সাংসদ ক্ৰমে দিলীপ শইকীয়া, তপন গগৈ আৰু কুইন ওজা।

এই তিনিওগৰাকী সাংসদে জম্মু-কাশ্মীৰৰ ৩৭০ অনুচ্ছেদ বাতিল কৰা বিষয়ত এক যৌথ সংবাদমেলত ভাগ লয় নিজৰ নিজৰ মন্তব্য আগবঢ়ায়।

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসেও অনুচ্ছেদ ৩৭০ বাতিলক লৈ নিজৰ মন্তব্য আগবঢ়ায় কয় যে সকলোৱে ৩৭০ অনুচ্ছেদ কাশ্মীৰৰ পৰা বাতিল হোৱাটো বিচাৰি আছিল। শ্যামা প্ৰসাদ মুখাৰ্জীয়ে এক দেশ এক নিচান হোৱাটো বিচাৰিছিল। কিন্তু একাংশ ৰাজনৈতিক দলে মানুহক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰি আছে। মোডী চৰকাৰৰ সিদ্ধান্তৰ পিছত এতিয়া কাশ্মীৰত গৈ অন্য প্ৰান্তৰ লোকেও ভাৰতীয় সন্তান হিচাপ গৌৰৱ কৰিব পাৰিব।

লগতে সভাপতি গৰাকীয়ে কয় যে সন্ত্ৰাসবাদ বৃদ্ধি হোৱাৰ মূল কাৰণ আছিল ৩৭০ ধাৰা। গতিকে কেন্দ্ৰৰ এই সিদ্ধান্তৰ পাছত ভৱিষ্যতে এই ধাৰাৰ জৰিয়তে সম্পূৰ্ণৰূপে সন্ত্ৰাসবাদ নিৰ্মূল হ'ব বুলি আশা ব্যক্ত কৰে।

সাংসদ দিলীপ শইকীয়াইও অনুচ্ছেদ ৩৭০ বাতিলক লৈ মন্তব্য কৰি কয় যে এই আইন আছিল অতি বৈষম্যমূলক। সুদীৰ্ঘ বছৰে এই বিষয়টো চৰ্চিত হৈ আছিল। পাকিস্তানে তৃতীয় পক্ষৰ দ্বাৰা জম্মু কাশ্মীৰত হস্তক্ষেপ চলোৱাৰ চেষ্টা কৰি আছিল। কিন্তু এতিয়া এই সুযোগ পাকিস্তানক দিয়া নহ'ব। দেশৰ অন্য প্ৰান্তৰ লোকে লাভ কৰা সকলো অধিকাৰ জম্মু কাশ্মীৰৰ লোকে লাভ কৰিব। কেন্দ্ৰৰ এই সিদ্ধান্তৰ পাছত প্ৰায় ৭ লাখ কাশ্মীৰী পণ্ডিতৰ মুখত হাঁহি বিৰিঙিছে। প্ৰধানমন্ত্ৰীৰ এই ঐতিহাসিক সিদ্ধান্তৰ জৰিয়তে জম্মু কাশ্মীৰৰ একাংশ লোকৰ দাবী পূৰণ হ'ল। উল্লেখযোগ্য যে এইবাৰ জম্মু কাশ্মীৰৰ ১২ খন জিলাৰ ৰাইজে নিজৰ মন পছন্দৰ প্ৰাৰ্থী নিৰ্বাচন কৰিব পাৰিব বিধানসভালৈ। ইয়াৰ লগতে সাংসদ গৰাকীয়ে কংগ্ৰেছক সমালোচনা কৰি কয় যে তৰুণ গগৈ, ৰাহুল গান্ধীকে ধৰি অন্য কংগ্ৰেছ নেতাৰ ওঠৰ ভাষা পাকিস্তানৰ লোকে কোৱা ভাষাৰ দৰে। গতিকে তেওঁলোকে নিজৰ ভাষা সলনি কৰিব লাগে।

সাংসদ তপন গগৈও এই সন্দৰ্ভত মন্তব্য আগবঢ়ায় কয় যে এখন বৈষম্যমূলক আইন বাতিল কৰিবলৈ সক্ষম হ'ল মোডী চৰকাৰে। শ্যামা প্ৰসাদ মুখাৰ্জীৰ সপোন বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম হ'ল নৰেন্দ্ৰ মোদী। লাদাখৰ সাংসদে কোৱাৰ দৰে তাৰ লোকে ৭২ টা বছৰে কেন্দ্ৰীয় শাসিত অঞ্চলৰ দাবী কৰি আহিছিল। সেই সপোন আজি পূৰণ হ'ল।

আমি নিজকে ধন্য মানিছো। কিয়নো ৩৩ খন বিল গৃহীত হৈছে লোকসভাত। এই বিল পাছ কৰোঁতে অসমৰ পৰা আটাইবোৰ উপস্থিত থাকিবলৈ চেষ্টা কৰিছিলো। আমাৰ মহিলা সকলক কথা কোৱাৰ সুযোগ দিছিল এইবুলি নিজৰ মন্তব্য আগবঢ়ায় কয় সাংসদ কুইন ওজাই।Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.