গুৱাহাটী, 6 আগষ্টঃ মহানগৰীৰ শান্তিপুৰস্থিত আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত কৰ'ণাতংক ৷ ক'ভিড পজিটিভ হিচাপে চিনাক্ত হৈছে কাৰ্যালয়টোৰ তিনিজনকৈ লোক ৷ জানিব পৰা মতে,10 জন বিষয়াৰ কৰ'ণা পৰীক্ষণ কৰাত তাৰে তিনিজন বিষয়াৰ দেহত ক'ভিড সংক্ৰমণ ৷ কাৰ্যালয়টোৰ মুনিন্দ্ৰ বৰ্মন,অসীম কুমাৰ দাস, পদ্মিনী দাসৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছ সংক্ৰমণ ৷ বৰ্তমান তিনিও গৰাকী বিষয়াকে আমিনগাঁওস্থিত আই আই টি ক'ভিড কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে ।
উল্লেখ্য যে,বিষয়া কেইগৰাকীৰ দেহত নাছিল কৰ'ণাৰ কোনো লক্ষণ । কৰ্তব্যৰ খাতিৰত বিভিন্ন লোকৰ সংস্পৰ্শলৈ আহিছিল বিষয়া কেইগৰাকী । যাৰ বাবে কাৰ্যালয়টোৰ ১০ গৰাকী বিষয়া-কৰ্মচাৰীৰ স্বাৱ পৰীক্ষা কৰোৱা হৈছিল ।
লগতে পঢ়কঃCOVID-19ৰ সময়ত প্লাজমা দান