ETV Bharat / state

গুৱাহাটীবাসীৰ বাবে শুকুৰবাৰে তিনিখনকৈ ফুটব্ৰীজ মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে - আদাবাৰী ফুটব্ৰীজ

গুৱাহাটী মহানগৰীৰ তিনি স্থানত আজি মুখ্যমন্ত্ৰীয়ে ৰাইজৰ বাবে মুকলি কৰে ফুটব্ৰীজ । আদাবাৰী, মালিগাঁও আৰু শুক্ৰেশ্বৰত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে ফুটব্ৰীজ।

opening_three_footbridge
গুৱাহাটীবাসীৰ বাবে শুকুৰবাৰে তিনিখনকৈ ফুটব্ৰীজ মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে
author img

By

Published : Aug 20, 2021, 9:57 PM IST

গুৱাহাটী,২০ আগষ্টঃ ১০০ দিন সম্পূৰ্ণ কৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে শুকুৰবাৰে গুৱাহাটীবাসী ৰাইজলৈ তিনিখনকৈ ফুটব্ৰীজ উপহাৰ হিচাপে আগবঢ়ায় । গুৱাহাটী মহানগৰীৰ তিনিস্থানত আজি মুখ্যমন্ত্ৰীয়ে ৰাইজৰ বাবে মুকলি কৰে ফুটব্ৰীজ ।

প্ৰথমতে ১০ কোটি ৩৮ লাখ টকা ব্যয়ৰে নিৰ্মান কৰি উলিওৱা আদাবাৰী ফুটব্ৰীজখন মুকলি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । তাৰ পাছতেই মুখ্যমন্ত্ৰী গৰাকীয়ে ৯ কোটি ৭০ লাখ ৫০ হাজাৰ ব্যয় সাপেক্ষে নিৰ্মান কৰা বৰীপৰা মালিগাঁৱৰ ফুটব্ৰীজ মুকলি কৰে । দুয়োখন ফুটব্ৰীজ মুকলি কৰাৰ পাছত শুক্ৰেশ্বৰত নিৰ্মাণ কৰা ফুটব্ৰীজখনো মুখ্যমন্ত্ৰী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ।

গুৱাহাটীবাসীৰ বাবে শুকুৰবাৰে তিনিখনকৈ ফুটব্ৰীজ মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে

লগত পঢ়ক: গুৱাহাটীৰ ৰাজীৱ ভৱনত ৰাজীৱ গান্ধীৰ 77 সংখ্যক জন্ম দিৱস উদযাপন

আদাবাৰী আৰু মালিগাঁৱৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰা শুক্ৰেশ্বৰৰ ফুট ব্ৰীজখন মুঠ ৭.৯৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে । ফুটব্ৰীজ মুকলিৰ লগত সংগতি ৰাখি শুক্ৰেশ্বৰ ঘাটত এক অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে গুৱাহাটী মহানগৰীৰ উন্নয়ণৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে ।

উল্লেখযোগ্য যে, ২০২০ চনৰ ৫ জুনত এই ফুট ব্ৰীজৰ কাম-কাজ আৰম্ভ কৰা হৈছিল । আনহাতে দীপাৱালীৰ দিনা মুকলি কৰা হ’ব ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেতুখন ।

লগত পঢ়ক: শনিবাৰে মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ সৈতে চুক্তি স্বাক্ষৰ কৰিব চৰকাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.