ETV Bharat / state

Thief arrested: সাংসদৰ আবাসৰ সমীপত পানীৰ মটৰ খুলি থাকোতেই ধৰা পৰিল চোৰ - theft incident in Guwahati

পুৱাই চানমাৰি আৰক্ষীৰ জালত পৰিল এটা চোৰ । মহানগৰীৰ গান্ধীবস্তিৰ এটা বাসগৃহত পানীৰ মটৰ খুলি থাকোঁতে হাতে লোতে ধৰা পৰে চোৰটো । সাংসদ পল্লৱ লোচন দাসৰ বাসগৃহৰ সমীপতে সংঘটিত এই ঘটনা ।

Thief arrested in Guwahati
চানমাৰী আৰক্ষীৰ জালত চোৰ
author img

By

Published : Aug 16, 2023, 1:34 PM IST

গুৱাহাটী, ১৬ আগষ্ট: ৰাজ্যত বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা । মহানগৰীৰ আলিয়ে গলিয়ে চলিছে এতিয়া চোৰৰ উপদ্ৰৱ । বৃদ্ধৰ পৰা একাংশ কিশোৰ নামি পৰিছে চৌৰ্যবৃত্তিত । একপ্ৰকাৰে আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰিছে চোৰ ।

বুধবাৰে পুৱাই পুনৰ চানমাৰি আৰক্ষীৰ জালত পৰিল এটা চোৰ । মহানগৰীৰ গান্ধীবস্তিৰ এটা বাসগৃহত পানীৰ মটৰ খুলি থাকোঁতে হাতে-লোটি ধৰা পৰে চোৰটো । ধৃত চোৰটোৰ আনুমানিক বয় প্ৰায় ১৭ বছৰ বুলি জানিবপৰা গৈছে । চানমাৰি ৰেল লাইনৰ সমীপত সংঘটিত হৈছে এই ঘটনা । লক্ষণীয়ভাৱে ঘটনা সংঘটিত হোৱা স্থানৰ সমীপতে আছে সাংসদ পল্লৱ লোচন দাসৰ বাসগৃহও ।

উল্লেখযোগ্য যে চানমাৰী তথা গান্ধীবস্তিৰ এই ঘটনাই প্ৰথম নহয় । স্থানীয় লোকৰ অভিযোগ অনুসৰি গান্ধীবস্তি ৰাজগড় প্ৰায়বোৰ অঞ্চলত প্ৰায়ে সংঘটিত হৈ আহিছে চুৰিকাণ্ড । আনহাতে এই সন্দৰ্ভত আৰক্ষীক প্ৰায়ে স্থানীয় লোকে অভিযোগ কৰি আহিছে যদিও আজি পৰ্যন্ত কোনো সুফল পোৱা নাই বুলি জানিবপৰা গৈছে ।

স্মাৰ্ট আৰক্ষীৰ নাকৰ তলত এতিয়া এনেদৰে মহানগৰীত দৈনিক সংঘটিত হৈছে অপৰাধজনিত ঘটনা । চুৰিকাণ্ড, হত্যা আদিকে ধৰি ভিন্ন অপৰাধজনিত ঘটনাৰ ৰম্যভূমিত পৰিণত হৈছে এতিয়া গুৱাহাটী মহানগৰী । ইফালে গুৱাহাটী মহানগৰীত মোবাইল ফোন আৰু ডিঙিৰ চেইন কাঢ়ি নিয়া তথা সঘনাই চুৰিকাণ্ড সংঘটিত হৈ থকাৰ কথা স্বীকাৰ কৰিছিল খোদ মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ৷

ইয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাও দেখা গৈছে মহানগৰ আৰক্ষীক । মাত্ৰ কিছুদিন পূৰ্বে গুৱাহাটীৰ বিৰুবাৰী আৰু পানীখাইতি । বিৰুবাৰীত বাঁওভৰিত গুলী লাগি আঘাতপ্ৰাপ্ত হৈছিল মহিবুল হক নামৰ চোৰটো । আনহাতে পানীখাইতিত সোঁভৰিত গুলী লাগি আঘাতপ্ৰাপ্ত হৈছিল অভিজিৎ ৰাভা নামৰ আনটো চোৰ । পিছে ইমানৰ পাছতো কেতিয়া চোৰৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাব মহানগৰবাসীয়ে ? সেয়া এক ডাঙৰ প্ৰশ্ন ।

লগতে পঢ়ক: Assam CM HBS in Jorhat: আজিৰে পৰা দুদিন যোৰহাটত কটাব মুখ্যমন্ত্ৰীয়ে; মুকলি কৰিব প্ৰথমখন উৰণ সেতু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.