ETV Bharat / state

গোহালি ঘৰৰ পৰা শিক্ষকতা আৰম্ভ কৰা শিক্ষকজন...

author img

By

Published : Feb 17, 2020, 9:19 AM IST

চালুকীয়া অৱস্থাৰে আৰম্ভ কৰা পাৰিজাত একাডেমীৰ ১৭ বছৰীয়া যাত্ৰা কালত বিদ্যালয়খনৰ গৰিষ্ঠ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ উচ্চ শিক্ষা লাভ কৰি উজ্বল জীৱন গঢ়িবলৈ সক্ষম হৈছে। আপুনি জানি আচৰিত হ'ব সম্পূৰ্ণ বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰা হয় পাৰিজাত একাডেমীত ৷ আৰ্থিকভাৱে অনগ্ৰসৰ অঞ্চলৰ বহু শিশুক এই বিদ্যালয়খনত ৰাখি শিক্ষাদান কৰা হয় ৷ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আছে এটা বিনামূলীয়া আৱাসো ৷

গোহালি ঘৰৰ পৰা শিক্ষকতা আৰম্ভ কৰা শিক্ষকজন...
গোহালি ঘৰৰ পৰা শিক্ষকতা আৰম্ভ কৰা শিক্ষকজন...

গুৱাহাটী,17 ফেব্ৰুৱাৰীঃ মাত্ৰ চাৰিজন ছাত্ৰ আৰু 800 টকাৰ মূলধনেৰে আৰম্ভ কৰা এখন বিদ্যালয় ৷ এই বিদ্যালয়খনৰ আঁৰত আছে এজন বিশেষ ব্যক্তি ৷ গোহালিঘৰক বিদ্যামন্দিৰলৈ পৰিণত কৰাৰ আঁৰৰ ব্যক্তিজন হৈছে উত্তম টেৰণ ৷ গঁড়চুকৰ পৰা মাত্ৰ 7 কিলোমিটাৰ গ'লেই পোৱা যায় পাৰিজাত একাডেমী ৷ মহানগৰী গুৱাহাটীৰ কাষৰীয়া কাৰ্বি জনগোষ্ঠীৰ বসতিপূৰ্ণ গাঁও পামহিৰ উত্তম টেৰণ নামৰ লোকজনৰ প্ৰচেষ্টাত চন ২০০৩ চনত এটা গোহালীৰ পৰা আৰম্ভ হৈছিল আজিৰ পাৰিজাত একাডেমী নামৰ শিক্ষানুষ্ঠানখন ৷ বিগত ১৭ বছৰে অসাধাৰণ কৰ্মৰ জৰিয়তে উজলি আছে সমগ্ৰ দেশতে।

THE UNSUNG HERO UTTAM TERON, PARIJAT ACADEMY GUWAHATI ASSAM
পাৰিজাত একাডেমীৰ একাংশ শিক্ষাৰ্থী

মহানগৰী গুৱাহাটীৰ কাষৰীয়া কাৰ্বি জনগোষ্ঠীৰ বসতিপূৰ্ণ গাঁও পামহিৰ লগতে গড়ভঙাৰ কেইবাখনো গাঁৱৰ আৰ্থিক ভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰী সকলৰ বাবে আশীৰ্বাদস্বৰূপ পাৰিজাত একাডেমী ৷ ২০০৩ চনত কলেজীয়া শিক্ষা সমাপ্ত কৰিয়ে নিজৰ গাঁওখনৰ বাবে কিবা এটা কৰাৰ চিন্তাৰে উত্তম টেৰণ নামৰ ব্যক্তিজনে নিজৰ গোহালি ঘৰটো চাফা-চিকুণ কৰি গাঁৱৰ চাৰিজন দুখীয়া কিশোৰক লৈ আৰম্ভ কৰিছিল বিদ্যালয়খন ৷ ৮০০ টকা জমা পুঁজিৰে গোহালিত আৰম্ভ কৰা উত্তমৰ শিক্ষাৰ এই যাত্ৰাই বিদেশ চুইছে ৷

গোহালিঘৰৰ পৰা বিশ্বমুখী যাত্ৰাৰ পথিক...

চালুকীয়া অৱস্থাৰে আৰম্ভ কৰা পাৰিজাত একাডেমীৰ ১৭ বছৰীয়া যাত্ৰা কালত বিদ্যালয়খনৰ গৰিষ্ঠ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ উচ্চ শিক্ষা লাভ কৰি উজ্বল জীৱন গঢ়িবলৈ সক্ষম হৈছে। আপুনি জানি আচৰিত হ'ব সম্পূৰ্ণ বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰা হয় পাৰজিতা একাডেমীত ৷ আৰ্থিকভাৱে অনগ্ৰসৰ অঞ্চলৰ বহু শিশুক এই বিদ্যালয়খনত ৰাখি শিক্ষাদান কৰা হয় ৷ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আছে এটা বিনামূলীয়া আৱাসো ৷ কিন্তু বিদ্যালয়খনৰ খৰচ ক'ৰ পৰা আহে ? দেশ বিদেশৰ বহু লোকে উত্তম টেৰণৰ এই প্ৰচেষ্টাক সহায়ৰ হাত আগবঢ়াই আহিছে ৷ বিদ্যালয় খনৰ ছাত্ৰী ছাত্ৰীৰ প্ৰয়োজনীয় সাম্গ্ৰীৰ পৰা আৰম্ভ কৰি শিক্ষক শিক্ষয়ত্ৰীসকলৰ দৰমহা প্ৰদান কৰা হয় দেশ বিদেশৰ পৰা অহা বৰঙণিৰে ৷ কেৱল ইমানেই নহয় বিদ্যালয়খনত দিয়া মানুহ হোৱাৰ প্ৰায়োগিক শিক্ষাও ৷

প্ৰাক্তন ক্ৰিকেটাৰ ভি ভি এছ লক্ষ্মণৰ টুইট পাৰিজাত একাডেমী সন্দৰ্ভত

আপুনি জানি আচৰিত হ'ব বিদেশৰ বহুলোকৰ বাবেও পাৰিজাত একাডেমী আকৰ্ষণৰ কেন্দ্ৰ বিন্দু ৷ এডাল জ্বলি থকা মম বাতিৰ দৰে নিজে অশেষ কষ্ট স্বীকাৰ কৰি জ্ঞানৰ পোহৰ বিলাবলৈ সক্ষম হোৱা উত্তম টেৰণৰ কৰ্মক প্ৰংশসা কৰিছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ভি ভি এছ লক্ষ্মনেও ৷ বিগত 17 বছৰে নিজ হাতেৰে এক আন্তৰাষ্ট্ৰীয় অনুষ্ঠানলৈ পৰিণত কৰিবলৈ সক্ষম হোৱা পাৰিজাত একাডেমীৰ মূল হোতা উত্তম টেৰণে সচাকৈয়ে পাৰিজাতৰ দৰেই বিদ্যালয়খনৰ সুবাস দেশ বিদেশত বিয়পাবলৈ সক্ষম হৈছে ৷ যাৰ বাবে দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান চি এন এন আই বি এনে 'ৰিয়েল হিৰ' সন্মানেৰে সন্মানিত কৰিছিল উত্তম টেৰণক ৷ পাৰিজাত একাডেমী আৰু উত্তম টেৰণৰ এই যাত্ৰা আৰু অধিক আগুৱাই যাওক ৷

বিদেশৰ পৰা অহা শিক্ষকে পাঠদান কৰি থকা এটা মূহুৰ্তত

লগতে চাওকঃ

বিশ্বনাথঘাটক পৰ্যটনৰ থলী হিচাপে ন ৰূপত দাঙি ধৰা ব্যক্তিজন...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.