গুৱাহাটী,20ফেব্ৰুৱাৰী : অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোডীৰ চৰকাৰখন হৈছে আদানী আম্বানী কৰ্পৰেটৰ চৰকাৰ ৷ এওঁলোকৰ কোনো কথাত আস্থা আৰু বিশ্বাসো নাই ৷ বৃহস্পতিবাৰে ইটিভি ভাৰতৰ সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে বিজেপি নেত্ৰী মীৰা বৰঠাকুৰে ৷
উল্লেখ্য যে, ১০ ফেব্ৰুৱাৰীত অসম চুক্তি ৬নং দফা কাৰ্যকৰীকৰণ উচ্চচৰীয় সমিতিয়ে অতি সদিচ্ছাৰে প্ৰতিবেদনখন প্ৰস্তুত কৰিছিল । কিন্তু প্ৰতিবেদন প্ৰস্তুত কৰা 10 দিন পাৰ হৈ যোৱাৰ পাছতো গৃহমন্ত্ৰী অমিত শ্বাহে সমিতিক সময় নিদিয়াত ক্ষুব্ধ হৈ পৰে সচেতন মহল ।
ইফালে গৃহমন্ত্ৰী অমিত শ্বাহে এই প্ৰতিবেদনখনৰ প্ৰভাৱ আগন্তুক নিৰ্বাচনত প্ৰভাৱ পৰিব নেকি বুলি চিন্তা কৰি আছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে বিজেপি নেত্ৰী মীৰা বৰঠাকুৰে ৷ বৰঠাকুৰে লগতে কয়, বিজেপি চৰকাৰ এখন বেপেৰুৱা চৰকাৰ ৷ চৰকাৰে যেনেদৰে বিটিচিক বি.টি.আৰ কৰিলে ঠিক তেনেদৰে অসমত আৰু বহুতেই কৰিব এই বেপেৰুৱা চৰকাৰখনে ৷
আৰু পঢ়ক : অখিল গগৈক লৈ শংকিত বিজেপিঃ যোগেন্দ্ৰ যাদৱ