ETV Bharat / state

আকৌ পিকৰ আখ্যান; মহানগৰবাসীয়ে Supermarket Flyover ত পিকৰে বাচিছে ফুল - the ugly face of the Supermarket new Flyover etv bharat news

কেৱল উৰণীয়া সেঁতুৱেই নহয়, বিভিন্ন ৰাজহুৱা স্থান, সন্মানজনক স্থান, অফিচ-কাচাৰী, বাট-পথ আদিত প্ৰতি মূহুৰ্ততে একাংশ নিকৃষ্ট লোকৰ নিকৃষ্ট মানসিকতাৰ প্ৰতিফলন ঘটে । মহানগৰীৰ বিভিন্ন ৰাজহুৱা স্থানত পিক পেলাই তথা পোষ্টাৰ-বেনাৰ লগাই পৰিৱেশ বিনষ্ট কৰাৰ দৃশ্য তেনেই সুলভ । আনহাতে, বাট-পথৰ দাঁতিত মুকলিকৈ প্ৰস্ৰাৱ কৰি পৰিৱেশ দূষিত কৰাৰ দৃশ্যও তেনেই সুলভ ।

the ugly face of the Supermarket new Flyover
মহানগৰবাসীয়ে Supermarket Flyover ত পিকৰে বাচিছে ফুল
author img

By

Published : Nov 11, 2021, 8:29 PM IST

গুৱাহাটী, 11 নৱেম্বৰ : য'তে-ত'তে পিক পেলাই পৰিৱেশ নষ্ট কৰাটো কিছুমান মানুহৰ স্বভাৱগত চৰিত্ৰ তথা বদভ্যাস । কিছু সংখ্যক তেনে বদভ্যাস থকা লোকৰ বাবেই সমাজখনে বৃহৎ বদনামৰ ভাগিদাৰ হ'বলগীয়া হয় । গুৱাহাটী মহানগৰীত শেহতীয়াকৈ 'পিক'ৰ প্ৰসংগটো বিশেষভাৱে চৰ্চালৈ আহিছে । অৱশ্যে চৰ্চালৈ অহাৰো কথা ।

কাৰণ আটকধুনীয়াকৈ সজাই তোলা গুৱাহাটীৰ দিছপুৰস্থিত ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতুখন মুকলিৰ পূৰ্বেই পিক পেলাই দৃষ্টিকটু কৰি তোলা হৈছিল । অসম তথা উত্তৰ-পূৰ্বাঞ্চলকৰ কলা-সংস্কৃতিকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ বিশেষত্বক চিত্ৰৰ মাধ্যমেৰে সেঁতুখনৰ দুয়োকাষৰ দেৱালত তুলি ধৰা হৈছে । কিন্তু সেই দৃশ্যপটক একাংশ নিকৃষ্ট মানসিকতাৰ বদভ্যাসি লোকে 'পিক'ৰে বিকৃত কৰি তুলিছে । যাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে ।

মহানগৰবাসীয়ে Supermarket Flyover ত পিকৰে বাচিছে ফুল

কেৱল পিক পেলোৱাই নহয় বিভিন্ন ধৰণৰ পোষ্টাৰো লগাই সৌন্দৰ্য হানি কৰা হৈছে । কেৱল উৰণীয়া সেঁতুৱেই নহয় বিভিন্ন ৰাজহুৱা স্থান, সন্মানজনক স্থান, অফিচ-কাচাৰী, বাট-পথ আদিত প্ৰতি মূহুৰ্ততে একাংশ নিকৃষ্ট লোকৰ নিকৃষ্ট মানসিকতাৰ প্ৰতিফলন ঘটে । মহনগৰীৰ বিভিন্ন ৰাজহুৱা স্থানত পিক পেলাই তথা পোষ্টাৰ-বেনাৰ লগাই পৰিৱেশ বিনষ্ট কৰাৰ দৃশ্য তেনেই সুলভ ।

আনহাতে, বাট-পথৰ দাঁতিত মুকলিকৈ প্ৰস্ৰাৱ কৰি পৰিৱেশ দূষিত কৰাৰ দৃশ্যও তেনেই সুলভ । লক্ষণীয় বিষয় যে, "ইয়াত পিক নেপেলাব" বুলি লিখা ঠাইত বেছিকৈ পিক পেলোৱা দেখা যায় । এয়া হৈছে একাংশ লোকৰ মানসিকতা । শেহতীয়াকৈ এই বিষয়বোৰ বিশেষভাৱে চৰ্চালৈ অহাৰ পাচত গুৱাহাটী পৌৰ নিগমে কেতবোৰ কঠোৰ পদক্ষেপ ল'বলৈ একপ্ৰকাৰ বাধ্য হৈছে ।

লগতে পঢ়ক : গুৱাহাটী উচ্চ ন্যায়ালয়ত হাজিৰ বিজেপিৰ প্ৰবীণ নেতা সুব্ৰমণিয়ম স্বামী

ইতিমধ্যে পৌৰ আয়ুক্ত দেৱাশীষ শৰ্মাই বাধ্যত পৰি একাংশ নাগৰিকৰ বাবে কঠোৰ নীতি-নিয়ম লোৱাৰ কথাও উল্লেখ কৰিছে । মহানগৰৰ ভিতৰত এতিয়াৰে পৰা নিগমৰ অনুমতি অবিহনে লগোৱা পোষ্টাৰৰ বিৰুদ্ধে গুৱাহাটীৰ পৌৰ নিগম আইনৰ ৩৯০ নং দফাৰ অধীনত ব্যৱস্থা গ্ৰহণৰ লগতে প্ৰয়োজনত গোচৰ দাখিল কৰা হ'ব । আনহাতে, মহানগৰীবাসীক এইদৰে পোষ্টাৰ লগাই থকা কোনো ব্যক্তিক দেখাৰ লগে লগেই নিজৰ ম’বাইলত আৱদ্ধ কৰি নিগমলৈ প্ৰেৰণৰ আহ্বান জনোৱা হৈছে ।

তথ্যসহ ফটো প্ৰেৰণ কৰাজনলৈ নিগমে দিব ১০০০ টকাকৈ পুৰস্কাৰ । নিগমে তথ্য-ফটো প্ৰেৰণৰ বাবে ফোন নম্বৰ 8811007000, 7399003001, 7399003002 আৰু 7399003004 মুকলি কৰিছে । লগতে পৌৰ আয়ুক্তগৰাকীয়ে দায়িত্বশীল নাগৰিক হিচাপে সকলোকে য'তে-ত'তে থু-খেকাৰ, পিক নেপেলাবলৈ আহ্বান জনাইছে ।

ইফালে পৌৰ নিগমে মহানগৰীৰ ৰাজহুৱা স্থানত পিক পেলালে ১০০০ টকাকৈ জৰিমনা বিহাৰো ব্যৱস্থা কৰিছে । এইখিনিতে প্ৰশ্ন হয় যে, আইন-কানুন তথা জৰিমনাৰ দ্বাৰা মানুহৰ মানসিকতা সলনি কৰিব পৰাটো সম্ভৱ হ'ব জানো । ঘৰৰ দৰে বাহিৰৰ সমাজখনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কথাও সকলোৱে চিন্তা কৰিব লাগিব । তেতিয়াহে সকলোতে স্বচ্ছতা দেখিবলৈ পোৱা যাব ।

লগতে পঢ়ক : গুজৰাটৰ পৰা অসমলৈ অন‍া হ'ব ২০০০ গিৰ গাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.