ETV Bharat / state

Bihar train accident: বিশেষ ৰে’লৰে গুৱাহাটীলৈ অনা হৈছে দুৰ্ঘটনাগ্ৰস্ত নৰ্থ ইষ্ট এক্সপ্ৰেছ ১০০০ যাত্ৰীক

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 1:05 PM IST

দুৰ্ঘটনাগ্ৰস্ত নৰ্থ ইষ্ট এক্সপ্ৰেছ ১০০০ যাত্ৰীৰ বাবে বিশেষ ৰে’ল ৷ মাজনিশা প্ৰায় ১ বজাত উপস্থিত হ’ব গুৱাহাটীত ৷ যাত্ৰীসকলক তেওঁলোকে নামিব বিচৰা‌ সকলো ষ্টেচনতে ৰে’লখন ৰখোৱাৰ‌ ব্যৱস্থা কৰা‌ হৈছে । হেল্পলাইন নম্বৰ মুকলি ৷

Etv Bharat
Etv Bharat

গুৱাহাটী, ১২ অক্টোবৰ: বিহাৰত দুৰ্ঘটনাগ্ৰস্ত হোৱা দিল্লীৰ পৰা অসম অভিমুখী নৰ্থ ইষ্ট এক্সপ্ৰেছৰ যাত্ৰীসকলক বৃহস্পতিবাৰে পুৱা ৰে’ল বিভাগে এখন বিশেষ ৰে’লৰে অনাৰ ব্যৱস্থা কৰা হৈছে । এই কথা জনাইছে উত্তৰ‌-পূৱ সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই । বৃহস্পতিবাৰে পুৱা প্ৰায় ৬ বজাত দানাপুৰৰ পৰা এই বিশেষ ৰে’লখনে দুৰ্ঘটনাগ্ৰস্ত নৰ্থ ইষ্ট এক্সপ্ৰেছৰ যাত্ৰীসকলক গুৱাহাটীলৈ আনি আছে ।

উত্তৰ‌-পূৱ সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা‌ মতে, বিশেষ ৰে’লখনত ১০০৬ গৰাকী যাত্ৰী‌ আছে । মাজনিশা প্ৰায় ১ বজাত ৰে’লখনে কামাখ্যা ৰে’ল‌ ষ্টেচন আহি পোৱাৰ কথা সদৰী কৰিছে জনসম্পৰ্কৰক্ষী বিষয়াই । জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা‌ মতে দুৰ্ঘটনাটোত চাৰিগৰাকী যাত্ৰী নিহত হৈছে আৰু ৪২ গৰাকী আহত হৈছে ।‌ ইয়াৰে তিনিগৰাকীৰ অৱস্থা সংকটজনক ।

ৰে’ল বিভাগৰ শেহতীয়া তথ্য মতে নিহত তিনিগৰাকী হ'ল ক্ৰমে কিষাণগঞ্জৰ আবু জাহিদ(২৭), অসমৰ ঊষা ভাণ্ডাৰী (৩৩), আকৃতি ভাণ্ডাৰী (৮) আৰু আন এজন নৰেন্দ্ৰ বুলি জানিব পৰা হৈছে ।‌ ইয়াৰে ঊষা ভাণ্ডাৰী (৩৩) আৰু আকৃতি ভাণ্ডৰী মাতৃ-কন্যা । ইপিনে পাটনা এইমছত ভৰ্তি হৈ থকা গভা যাদৱ(২৪), পাটনাৰ ছাদপুৰ হাস্পতালত ভৰ্তি হৈ থকা পশ্চিমবংগৰ ছালমান আলী(২৮) আৰু মণিপুৰৰ শ্ৰীভিৰহাম সিং(৩৫)ৰ অৱস্থা সংকটজনক ।

  • ट्रेन संख्या 12506 नॉर्थ ईस्ट एक्सप्रेस के यात्रियों को भोजन के पैकेट, जलपान और आवश्यक चिकित्सा सहित अन्य राहत सामग्री निरंतर प्रदान की जा रही है।

    यात्रियों के लिए स्पेशल ट्रेन चलाई जा चुकी है एवं यात्रा के बीच सभी स्टेशनों पर राहत सामग्री उपलब्ध करायी जा रही है। pic.twitter.com/S0iGd692Ut

    — Ministry of Railways (@RailMinIndia) October 12, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে দুৰ্ঘটনাত আহত আন ৩৯ গৰাকী যাত্ৰী পাটনাৰ‌ এইমছৰ লগতে বিভিন্ন হাস্পতালত চিকিৎসাধীন হৈ আছে । উত্তৰ‌-পূৱ সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা‌ মতে, বিশেষ ৰে’লখনত অহা যাত্ৰীসকলক তেওঁলোকে নামিব বিচৰা‌ সকলো ষ্টেচনতে ৰে’লখন ৰখোৱাৰ‌ ব্যৱস্থা কৰা‌ হৈছে । ৰে’ল‌ বিভাগৰ পৰা‌ ঘৰলৈ যাবলৈ বাছৰ ব্যৱস্থা আৰু‌ খোৱাৰ ব্যৱস্থা কৰি দিয়া‌ হৈছে ।‌ কামাখ্যা ষ্টেচনতো যাত্ৰীসকলৰ‌ বাবে বাছৰ‌ ব্যৱস্থা কৰা‌ হৈছে ।‌ খাদ্য মজুত ৰখা হৈছে ।

ইয়াৰ উপৰি ৰে‘ল বিভাগৰ তৰফৰ পৰা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে ৷ ৯৭৭১৪৪৯৯৭, ৭৭৫৯০৭০০০৪, ৮৩০৬১৮২৫৪২ আৰু ৮৯০৫৬৯৭৪৯৩ নম্বৰত ফোন কৰি তথ্য লাভ কৰিব পাৰিব ৷

লগতে পঢ়ক: Bihar Train Accident: অসম অভিমুখী নৰ্থ ইষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত, নিহত-৪, আহত অৰ্ধ শতাধিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.