ETV Bharat / state

ৰাজ্যত চিন্তনীয় ৰূপত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা

author img

By

Published : May 1, 2022, 2:21 PM IST

বিগত বছৰত নতুনকৈ কৰ্কট ৰোগত আক্রান্ত হৈছে ১,১০,৮৫৭ জন লোক (cancer cases has increased in Assam)। মৃত্যু ৬৬,৮০০ জনৰ । ৰাজ্যখনৰ ভিতৰত কামৰূপ মহানগৰ জিলাত কৰ্কট ৰোগীৰ হাৰ সৰ্বাধিক । জিলাখনত প্ৰতি ১ লাখ পুৰুষৰ ভিতৰত ২১৩ জন আৰু প্ৰতি ১ লাখ মহিলাৰ ভিতৰত ১৬৯ গৰাকী কৰ্কট ৰোগী । অসমত ৪৮ শতাংশ, মিজোৰাম আৰু মেঘালয়ত ৭০ শতাংশ কৰ্কট ৰোগীয়েই হৈছে ধঁপাত সেৱনকাৰী ।

The number of cancer cases has increased alarmingly in Assam
ৰাজ্যত চিন্তনীয় ৰূপত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা

গুৱাহাটী, ১ মে' : অসম তথা উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ প্ৰভাৱ দেশৰ ভিতৰতে সৰ্বাধিক (The number of cancer cases increases in Assam) । এক কথাত ক'বলৈ গ'লে অসমসহ উত্তৰ-পূর্বাঞ্চল কৰ্কট ৰোগৰ ‘হটস্পট’লৈ পৰিণত হৈছে । উত্তৰ-পূৰ্বাঞ্চলত প্ৰতি বছৰে প্ৰায় ৪৫ হাজাৰ কৰ্কট ৰোগী নতুনকৈ চিনাক্ত কৰা হয় । ইয়াৰ ভিতৰত প্ৰায় ৩৭ হাজাৰ ৰোগীয়েই হৈছে অসমৰ । ৰাজ্যখনত কৰ্কট ৰোগৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে টাটা ট্রাষ্টৰ সহযোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত কেইবাখনো কৰ্কট হাস্পতাল স্থাপন কৰা কাৰ্যই কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্রত আশাৰ বতৰা কঢ়িয়াই আনিছে (Newly constructed cancer hospital in Assam)।

উল্লেখ্য যে, অসমত প্ৰতি বছৰে কৰ্কট ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে । কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, বিগত তিনি বছৰত ৰাজ্যখনত মুঠ ১,১০,৮৫৭ জন লোক কৰ্কট ৰোগত আক্ৰান্ত হৈছে । আনহাতে, মৃত্যু হৈছে ৬৬,৮০০ জন লোকৰ ।

তথ্য অনুসৰি ২০১৮ চনত ৰাজ্যখনত কৰ্কট ৰোগত ৩৬,০২৯ জন লোক, ২০১৯ চনত ৩৬,৯৪৮ জন আৰু ২০২০ চনত ৩৭,৮৮০ জন লোক আক্রান্ত হোৱাৰ বিপৰীতে ২০১৮ চনত ২১,৭১৫ জন, ২০১৯ চনত ২২,২৬১জন আৰু ২০২০ চনত ২২,৮২৪ জন লোকৰ মৃত্যু হৈছে। আনহাতে ৰাজ্যখনৰ ভিতৰতে কামৰূপ মহানগৰ জিলাত কৰ্কট ৰোগীৰ হাৰ সৰ্বাধিক ।

জিলাখনত প্ৰতি এক লাখ পুৰুষৰ ভিতৰত ২১৩ জন আৰু প্ৰতি এক লাখ মহিলাৰ ভিতৰত ১৬৯ গৰাকী কৰ্কট ৰোগত আক্ৰান্ত হয় । এই ক্ষেত্ৰত কামৰূপ মহানগৰ জিলাৰ পাছতে স্থান লাভ কৰিছে ক্ৰমে কাছাৰ আৰু ডিব্ৰুগড় জিলাই । উদ্বেগৰ বিষয় যে ভাৰতবৰ্ষৰ ভিতৰতে উত্তৰ-পূৰ্বাঞ্চলতে কৰ্কট ৰোগত আক্ৰান্তৰ হাৰ সৰ্বাধিক ।

অসমৰ উপৰি মিজোৰাম, অৰুণাচল, মেঘালয়ত প্ৰতি বছৰে হাজাৰ হাজাৰ লোক কৰ্কট ৰোগত আক্রান্ত হয় । উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগ বৃদ্ধিৰ মূলতেই হৈছে হৈছে ধঁপাত সেৱন, মদ্যপান আৰু খাদ্যাভ্যাস। উত্তৰ-পূবত ধঁপাত সেৱনৰ বাবে হোৱা কৰ্কট ৰোগীৰ হাৰ বেছি । অসমত ৪৮ শতাংশ, মিজোৰাম আৰু মেঘালয়ত ৭০ শতাংশ কৰ্কট ৰোগীয়েই হৈছে ধঁপাত সেৱনকাৰী।

আনহাতে অসমত মহিলাৰ স্তন আৰু জৰায়ুৰ কৰ্কট ৰোগীৰ হাৰ আটাইতকৈ বেছি। বিশেষজ্ঞসকলৰ মতে কৰ্কট ৰোগ প্ৰথম অৱস্থাত চিনাক্ত কৰিব পাৰিলে ৮০ শতাংশৰ ক্ষেত্রত ৰোগমুক্ত কৰিব পাৰি । কিন্তু কৰ্কট ৰোগৰ সজাগতাৰ অভাৱৰ লগতে বিভিন্ন কাৰণত দুই তৃতীয়াংশ ৰোগী পলমকৈ চিকিৎসালয়লৈ আহে । যিটো সময়ত চিকিৎসকৰ কৰাৰ বিশেষ একো নাথাকে ।

অসমত কৰ্কট ৰোগে ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ইফালে, উন্নত চিকিৎসাৰ বাবে ধনৱান লোকসকল ৰাজ্যৰ বাহিৰলৈ যায় যদিও আন লোকসকলে ইয়াতেই চিকিৎসা গ্ৰহণ কৰিবলগীয়া হয় ।

কিন্তু অসমত ৰোগী অনুপাতে চিকিৎসালয়ৰ সংখ্যা কম । এনে পৰিস্থিতিত অসম চৰকাৰে টাটা ট্রাষ্টৰ সহযোগত ডিব্ৰুগড়ৰ লগতে বৰপেটা, তেজপুৰ, যোৰহাট, দৰং, কোকৰাঝাৰ আৰু লখিমপুৰত কৰ্কট কেন্দ্ৰ স্থাপন কৰাৰ লগতে আন সাতখন জিলাত কৰ্কট কেন্দ্ৰৰ অধাৰশিলা স্থাপন কৰা কার্য অসমবাসীৰ বাবে এক আশাৰ বতৰা হিচাপে বিবেচিত হৈছে । কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে চৰকাৰে উন্নত চিকিৎসা ব্যৱস্থা কৰাৰ সমান্তৰালকৈ কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্রতো ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ।

লগতে পঢ়ক : মুকলিৰ প্ৰথম দিনটোত তিনিজনকৈ ৰোগী ভৰ্তি হ’ল লখিমপুৰ কেঞ্চাৰ হাস্পতালত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.