ETV Bharat / state

অসমৰ প্ৰাথমিক বিদ্যালয়ত জনজাতীয় ভাষাত প্ৰৱৰ্তন কৰা হ'ব পাঠ্যপুথি

author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 4:43 PM IST

অসম চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত প্ৰৱৰ্তন কৰা হ’ব জনজাতীয় ভাষাৰ পাঠ্যপুথি ৷ অসমীয়া সাহিত্যৰ গল্প, কবিতা, উপন্যাস আদিও অনুবাদ হ’ব আন ভাৰতীয় ভাষালৈ ৷

textbooks in tribal languages
Assamese literature in other language
জনজাতীয় ভাষাত প্ৰৱৰ্তন কৰা হ'ব পাঠ্যপুথি

গুৱাহাটী, ৭ ডিচেম্বৰ: অসম হৈছে জাতি-জনজাতিৰে ভৰপূৰ উত্তৰ-পূবৰ অন্যতম এখন ৰাজ্য ৷ কাৰ্বি, মিচিং, বড়ো, তিৱা, ডিমাচা, দেউৰী, ৰাভা আদি অনেক জনগোষ্ঠীৰ মিলনভূমি এই অসম ৷ সেয়ে অসমত জনজাতীয় ভাষাসমূহৰ গুৰুত্ব আছে । এই জনজাতীয় ভাষাসমূহৰ গুৰুত্ব বুজি অসমৰ বিদ্যালয়ত জনজাতীয় ভাষাত পাঠ্যপুথি প্ৰণয়নৰ বাবে অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে । গুৱাহাটীত বৃহস্পতিবাৰে অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে ।

তেওঁ কয়, ‘‘নতুন শিক্ষা নীতি অনুসৰি অসমৰ জনজাতীয় ভাষা সমূহক বিদ্যালয়ত শিক্ষাদানৰ ভাষা হিচাপে ব্যৱহাৰ কৰাৰ প্ৰক্ৰিয়া গঢ়ি তোলাৰ বাবে শিক্ষামন্ত্ৰীক নিৰ্দেশ দিয়া হৈছে । অহা বছৰৰ ১ এপ্ৰিলৰ পৰা নতুন‌ শিক্ষাবৰ্ষৰ বাবে শিক্ষা বিভাগে অসমৰ নিৰ্দিষ্ট বিদ্যালয়ত জনজাতীয় ভাষা সমূহক বিদ্যালয়ৰ শিক্ষাৰ ভাষা হিচাপে ব্যৱহাৰ কৰা হ'ব । পঞ্চম শ্ৰেণীলৈ এই ব্যৱস্থা কৰা হ'ব ।’’

মুখ্যমন্ত্ৰীয়ে কয় যে ২০২৬ চনৰ ভিতৰত অসমৰ সকলো বিদ্যালয়ত এই ব্যৱস্থা কৰা হ'ব । তাৰ বাবে চৰকাৰে এটা ৰোডমেপ তৈয়াৰ কৰিব । তেওঁ লগতে কয়, ‘‘আমাৰ সাহিত্যৰাজি অন্য ভাষালৈ অনুবাদ কৰি সাহিত্যৰ মানদণ্ড আৰু অধিক উন্নত কৰাৰ চেষ্টা কৰিব লাগে । অসমীয়া ভাষাৰ গল্প, কবিতা আৰু উপন্যাস আদি হিন্দী তথা দেশৰ অন্য ভাষালৈ অনুবাদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।‌ প্ৰতিবছৰে ১০ খন তেনে অসমীয়া গ্ৰন্থ হিন্দী আৰু দেশৰ আন ভাষালৈ অনুবাদ কৰাৰ বাবে অসম প্ৰকাশন পৰিষদক দায়িত্ব দিয়া হৈছে ।’’

তেওঁ জনায় যে শীঘ্ৰেই ভাৰতবৰ্ষৰ সকলো ভাষাত লাচিত বৰফুকনৰ বিষয়ে লিখি উলিওৱা পুথি সমূহ আমি লাভ কৰিম । ভাৰতৰ ১০ হাজাৰ মহাবিদ্যালয়ৰ পুথিভঁৰালত লাচিত বৰফুকনৰ কিতাপ সংৰক্ষণ কৰা হ'ব ।

লগতে পঢ়ক: ২৩ গৰাকী সাহিত্যিকক ২০২৩ বৰ্ষৰ সাহিত্যিক পেঞ্চন প্ৰদান‌ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.