ETV Bharat / state

গ্ৰেচ নম্বৰকলৈ অসন্তুষ্ট টেট উত্তীৰ্ণ প্ৰাৰ্থী - টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ সংবাদমেল

মাধ্যমিক টেট পৰীক্ষাৰ যোগ্যতাৰ ভিত্তিত উত্তীৰ্ণ হ’বৰ বাবে সাধাৰণ শ্ৰেণীৰ পৰীক্ষাৰ্থী সকলে টেট পৰীক্ষাৰ দুয়োখন কাকততে পৃথককৈ ৬০ শতাংশ আৰু সংৰক্ষিত পৰীক্ষাৰ্থে সকলে ৫৫ শতাংশ নম্বৰ লাভ কৰাটো বাধ্যতামূলক কৰি দিছিল শিক্ষা বিভাগে ৷ কিন্তু এই পৰীক্ষাত ৪৬১৫ গৰাকী প্ৰাৰ্থীক ১ ৰ পৰা ৫ নম্বৰ পৰ্যন্ত দি উত্তীৰ্ণ কৰোৱা হৈছিল ৷ বিভাগীয় কৰ্তৃপক্ষই এই অতিৰিক্ত নম্বৰ গ্ৰেচ বুলি উল্লেখ কৰিছিল ৷

As_ghy_tet-qualified-teachers-are-unhappy_vis_7209319
গ্ৰেচ নম্বৰকলৈ অসন্তুষ্ট টেট উত্তীৰ্ণ প্ৰাৰ্থী
author img

By

Published : Dec 21, 2020, 5:53 PM IST

গুৱাহাটী,21 ডিচেম্বৰ : সাম্প্ৰতিক সময়ত অসমত বিভিন্ন নিযুক্তিৰ ক্ষেত্ৰত দেখা দিয়া বিসংগতিৰ বাবে বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে ৰাজ্য চৰকাৰ ৷ ব্যতিক্ৰম নহয় শিক্ষা বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াও ৷ বিশেষকৈ টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলৰ ভিতৰত গ্ৰেচ আৰু নন গ্ৰেচ সম্পৰ্কীয় বিষয়ক লৈ বিভিন্ন বেমেজালিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে, মাধ্যমিক টেট পৰীক্ষাৰ যোগ্যতাৰ ভিত্তিত উত্তীৰ্ণ হ’বৰ বাবে সাধাৰণ শ্ৰেণীৰ পৰীক্ষাৰ্থী সকলে টেট পৰীক্ষাৰ দুয়োখন কাকততে পৃথককৈ ৬০ শতাংশ আৰু সংৰক্ষিত পৰীক্ষাৰ্থে সকলে ৫৫ শতাংশ নম্বৰ লাভ কৰাটো বাধ্যতামূলক কৰি দিছিল শিক্ষা বিভাগে ৷ উক্ত নিয়মমতে মাধ্যমিক টেট পৰীক্ষাত উত্তীৰ্ণ হোৱা মুঠ ১২০৩২ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৭৪১৭ গৰাকী সম্পূৰ্ণ যোগ্যতা আৰু মেধাৰ ভিত্তিত উত্তীৰ্ণ হোৱাৰ বিপৰীতে ৪৬১৫ গৰাকী প্ৰাৰ্থীক ১ ৰ পৰা ৫ নম্বৰ পৰ্যন্ত দি উতীৰ্ণ কৰোৱা হৈছিল ৷ বিভাগীয় কৰ্তৃপক্ষই এই অতিৰিক্ত নম্বৰ গ্ৰেচ বুলি উল্লেখ কৰিছে যদিও সেয়া প্ৰকৃততে উপহাৰ নম্বৰ বুলিহে মন্তব্য কৰিছে গ্ৰেচ নোহোৱাকী পৰীক্ষাত উত্তীৰ্ণ হোৱা টেট প্ৰাৰ্থী সকলে ৷

টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ সংবাদমেল

শেহতীয়াকৈ প্ৰকাশ পোৱা এক বিজ্ঞাপনত ৫৭৪৬ টা খালি পদৰ বিপৰীতে ৭৪১৭ গৰাকী প্ৰাৰ্থীৰ সম্পূৰ্ণ যোগ্যতা আৰু মেধাৰ ভিত্তিত উত্তীৰ্ণ হোৱাৰ পিছতো কি যুক্তিত আন অনুতীৰ্ণ প্ৰাৰ্থীক গ্ৰেচ নম্বৰ দি উত্তীৰ্ণ কৰোৱা হ’ল তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলে ৷

লগতে পঢ়ক-মঙলবাৰে মুকলি আকাশৰ তললৈ আহিব পাৰে অখিল গগৈ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.