ETV Bharat / state

Cyber Crime: বেলতলা কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষৰ কৰ্মকাণ্ডত খৰ্গহস্ত একাংশ ছাত্ৰ-ছাত্ৰী

একাংশ ছাত্ৰীৰ ফটো সম্পাদনা কৰি সামাজিক মাধ্যমত প্ৰকাশ কৰা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বেলতলা কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষৰ ৷ মহাবিদ্যালয় তথা ছাত্ৰীগৰাকীৰ পৰিয়ালৰ ফালৰ পৰা বশিষ্ঠ থানাত গোচৰ দিয়া বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে ৷

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 10:48 PM IST

Cyber Crime
বেলতলা কনিষ্ঠ মহাবিদ্যালয়

গুৱাহাটী, 29 ছেপ্টেম্বৰ : মহানগৰীত বেলতলা কনিষ্ঠ মহাবিদ্যালয়ৰ একাংশ ছাত্ৰীৰ ফটো সম্পাদনা কৰি সামাজিক মাধ্যমত প্ৰকাশ কৰা ঘটনা সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মহাবিদ্যালয়ৰ অধ্যক্ষই ৷ অধ্যক্ষজনে কয় যে প্ৰথমতে নৱজিৎ নাথ নামৰ এজন যুৱকে মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ সৈতে সামাজিক মাধ্যমত চিনাকী হয় ৷ তাৰ পিছত ছাত্ৰীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দিয়ে যুৱকজনে ৷ তেনেকৈ সামাজিক মাধ্যমৰ জৰিয়তে আদান প্ৰদান হৈছিল হোৱাটছআপ নম্বৰ ৷ তাৰ পিছতহে মহাবিদ্যালয়খনৰ আন আন ছাত্ৰীসকলকো বিভিন্ন নম্বৰেৰে ফোনযোগে ভাবুকি দিয়াৰ লগতে ছাত্ৰীৰ ফটো সম্পাদনা কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰে বিভিন্ন অজ্ঞাত লোকে ৷

ইয়াৰ পিচতে বৃহস্পতিবাৰৰ দিনটোত মহাবিদ্যালয় তথা ছাত্ৰীগৰাকীৰ পৰিয়ালৰ ফালৰ পৰা বশিষ্ঠ থানাত গোচৰ দিয়া বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে ৷ ইফালে এই ঘটনাৰ পিছতে শুকুৰবাৰে মহাবিদ্যালয়খনৰ সন্মুখত সংবাদ মাধ্যমৰ লোক উপস্থিত হোৱাৰ লগে লগে সাংবাদিকসকলক অপদস্থ কৰে অধ্যক্ষই ৷ লগতে মহাবিদ্যালয়খনৰ গেটত তলা লগাই অধ্যক্ষ গোপেশ ডেকাই নিষিদ্ধ কৰি দিয়ে একাংশ ছাত্ৰ-ছাত্ৰীৰ প্ৰবেশ ৷

ইয়াৰ পিছতে ভুক্তভোগী ছাত্ৰী সকল ক্ষোভত জ্বলি উঠে ৷ এফালে চাইবাৰ অপৰাধীৰ হেঁচা, আনফালে অধ্যক্ষগৰাকীৰ হেঁচা ৷ অধ্যক্ষগৰাকীৰ বাবে এতিয়া আৰক্ষীৰ ওচৰ চাপিব পৰা নাই ভুক্তভোগী ছাত্ৰীসকল ৷ ভুক্তভোগী ছাত্ৰীসকলৰ মতে এইজন অধ্যক্ষৰ বাবে ন্যায় পোৱাৰ পৰা বঞ্চিত হৈছে তেওঁলোক ৷ অধ্যক্ষগৰাকীৰ দায়সৰা কৰ্মকাণ্ডৰ বাবে অপৰাধী অধিক সক্ৰিয় হৈ উঠিছে ৷ যাৰ বাবে প্ৰতিদিনে তেওঁলোকৰ সন্মান হানি হৈ আহিছে বুলি অভিযোগ কৰিছে ভুক্তভোগীয়ে ৷

উল্লেখ্য যে, অভিযোগ অনুসৰি বেলতলা কণিষ্ঠ মহাবিদ্যালয়ৰ বহুতো ছাত্ৰীৰ ভূৱা অশ্লীল ফটো বিভিন্ন সামাজিক মাধ্যমত কৰি ভাইৰেল কৰিছে চাইবাৰ অপৰাধীয়ে ৷ ইফালে একাংশ ফোন নম্বৰৰ পৰাও ছাত্ৰীসকললৈ অশ্লীল ফোন অহাৰ অভিযোগ ৷ জানিব পৰা মতে, বিগত 23 ছেপ্টেম্বৰৰ পৰা এই ভয়ংকৰ ঘটনা সংঘটিত হৈ আহিছে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী ৷

লগতে পঢ়ক : Cyber Crime: চাইবাৰ অপৰাধীৰ জালত গুৱাহাটীৰ এখন মহাবিদ্যালয়ৰ শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.