গুৱাহাটী,26জুনঃ আৰ টি আই তথ্যত বিজেপি চৰকাৰৰ দিনে ৰাজ্যত গঁড়ৰ মৃত্যু সন্দৰ্ভত আহিছে এক চাঞ্চল্যকৰ তথ্য।গঁড়ৰ মৃত্যুক কেন্দ্ৰ কৰি আৰ টি আইৰ তথ্য পোহৰলৈ অহাৰ পিছতেই বিৰোধী দলৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে শাসকীয় বিজেপি দল। শুকুৰবাৰে গঁড়ৰ মৃত্যুক কেন্দ্ৰ কৰি প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মন্তব্য প্ৰকাশ কৰি কয় যে আমাৰ দিনত গঁড়ৰ মৃত্যু হ'লে গঁড় হত্যা হোৱা বুলি কোৱা হয় আৰু এওঁলোকৰ দিনত হ'লে মৃত্যুক প্ৰাকৃতিক কাৰণত মৃত্যু হোৱা বুলি প্ৰচাৰ কৰা হয়। যদি এওঁলোকৰ দিনত প্ৰাকৃতিক কাৰণতে গঁড়ৰ মৃত্যু হৈছে তেন্তে লুকুৱাই কিয় ৰাখিছিল গঁড় মৃত্যুৰ তথ্য বুলিও প্ৰশ্ন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। এইখন চৰকাৰ তথ্য লুকুৱাই ৰখাত পাৰ্গত বুলিও চৰকাৰক সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।
উল্লেখ্যযোগ্য যে,আৰ টি আইৰ জৰিয়তে জানিব পৰা গৈছে যে বিজেপি চৰকাৰৰ দিনত ২০১৬ চনৰ পৰা ২০২০ চনৰ বৰ্তমানলৈকে ৰাজ্যত ৫১২ টা গঁড়ৰ মৃত্যু হৈছে। ইয়াৰে ৪৮৩ টা গঁড় প্ৰাকৃতিক কাৰণত আৰু ২৯ টা গঁড় চোৰাং চিকাৰীৰ হাতত মৃত্যু হৈছে। আনহাতে ২০১২ চনৰ পৰা ২০১৫ চনলৈ ৰাজ্যত মৃত্যু হৈছিল ৪৩৮ টা গঁড়ৰ। ইয়াৰে ৩৩২ টা গঁড় প্ৰাকৃতিক কাৰণত আৰু ১০৬ টা গঁড় চোৰাং চিকাৰীৰ হাতত মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে।
লগতে পঢ়কঃ গেংটকত ভাৰত-চীন সীমান্তত নিহত শ্বহীদক চৰকাৰীভাৱে শ্ৰদ্ধাঞ্জলি