ETV Bharat / state

ধাৰাপুৰত আজিৰে পৰা আৰম্ভ টাইকানডু প্ৰশিক্ষণ প্ৰক্ৰিয়া - টাইকানডু একাডেমী

কৰ'ণা মহামাৰীৰ বাবে বন্ধ হৈ থকা ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰ এতিয়া পৰ্যায়ক্ৰমে পুণৰ আৰম্ভ হৈছে । লাহে লাহে ৰাজ্যত কৰ'ণা আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱাত আৰম্ভ হৈছে বিভিন্ন খেল ধেমালিৰ অনুশীলন । প্ৰায় ৮ মাহ ধৰি বন্ধ হৈ থকা ধাৰাপুৰ টাইকানডু একাডেমী শুকুৰবাৰৰ পৰা খুলি দিয়া হৈছে ।

Taekwondo training restart
ধাৰাপুৰত আজিৰে পৰা আৰম্ভ টাইকানডু প্ৰশিক্ষণ প্ৰক্ৰিয়া
author img

By

Published : Dec 4, 2020, 10:32 PM IST

গুৱাহাটী, 4 ডিচেম্বৰ : কৰ'ণা মহামহাৰীৰ বাবে বন্ধ হৈ থকা ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰ এতিয়া পৰ্যায়ক্ৰমে পুণৰ আৰম্ভ হৈছে । লাহে লাহে ৰাজ্যত কৰ'ণা আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱাত আৰম্ভ হৈছে বিভিন্ন খেল ধেমালিৰ অনুশীলন । প্ৰায় ৮ মাহ ধৰি বন্ধ হৈ থকা ধাৰাপুৰ টাইকানডু একাডেমী শুকুৰবাৰৰ পৰা খুলি দিয়া হৈছে ।

ধাৰাপুৰত আজিৰে পৰা আৰম্ভ টাইকানডু প্ৰশিক্ষণ প্ৰক্ৰিয়া

বহু মাহ বিৰতিৰ পিছত ধাৰাপুৰ স্কুল খেল পথাৰত টাইকানডু একাডেমীৰ প্ৰশিক্ষকে কণ কণ শিশুৰ লগতে কিশোৰীসকলক প্ৰশিক্ষণ দিয়াৰ উপৰিও বেল্টৰ পৰীক্ষা লোৱা হয় । ইফালে অভিভাৱক সকলৰ উপস্থিতিত এখন বিশেষ কমিটী গঠন কৰা হয় । আগন্তুক দিনত একাডেমীটো কিদৰে আগবঢ়াই নিয়া হ'ব তাৰ ক্ষেত্ৰত পৰামৰ্শ প্ৰদান কৰিব কমিটীয়ে ।

উল্লেখযোগ্য যে উক্ত পৰীক্ষাত উপস্থিত থাকে সদৌ অসম টাইকানডু সন্থাৰ প্ৰশিক্ষক মুকুট বৈশ্য, ধাৰাপুৰ টাইকানডু একাডেমীৰ সঞ্জয় দাস আৰু সহযোগ কৰে ধাৰাপুৰ তালুক আৰু স্থানীয় লোকে । লক ডাউনৰ বাবে শিশুসকলে ঘৰতে আবদ্ধ হৈ থাকি বহু মাহ পিছত পুনৰ টাইকানডুৰ অনুশীলন গ্ৰহণ কৰিব পাৰি উৎফুল্লিত হৈ পৰে । প্ৰায় 40 গৰাকী প্ৰশিক্ষাৰ্থীয়ে আজিৰে পৰা প্ৰশিক্ষণ আৰম্ভ কৰিছে ।

লগতে পঢ়ক: দিল্লীলৈ সোণোৱালৰ চিঠি: ডিব্ৰুগড় দূৰদৰ্শন আৰু অনাতাৰ কেন্দ্ৰক বৰ্তমানৰ ৰূপতে বাহাল ৰাখক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.