নতুন দিল্লী, 19 জুলাই : অহা 23 জুলাইত এন আৰ চি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানি ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ দিন ধাৰ্য কৰিব ন্যায়ালয়ে ৷ ইফালে, এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ দিন বৃদ্ধি কৰিবলৈ আবেদন জনায় কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৷ পূৰ্বে এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ দিন ধাৰ্য কৰা হৈছিল 31 জুলাইত ৷ আনহাতে, ভাৰত-বাংলাৰ সীমামুৰীয়া একাংশ অঞ্চলত বিদেশীৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱাৰ সন্দেহ ব্যক্ত কৰা হৈছে ৷ এইক্ষেত্ৰত ভাৰতক শৰণাৰ্থীৰ ৰাজধানী হ’বলৈ নিদিও বুলি স্পষ্ট কৰে কেন্দ্ৰ চৰকাৰে ৷ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথমখন খচৰা প্ৰকাশ হৈছিল 2017ক 31 ডিচেম্বৰ আৰু 1 জানুৱাৰীত ৷ য’ত 3.29 কোটি আবেদনকাৰীৰ ভিতৰত প্ৰকাশ হয় 1.9 কোটি নাগৰিকৰ নাম ৷ 2018ৰ 30 জুলাইত প্ৰকাশিত দ্বিতীয় পৰ্যায়ৰ খচৰাত প্ৰকাশ হয় 2.89 আবেদনকাৰীৰ নাম ৷ পৰৱৰ্তী পৰ্যায়ত চলিত বৰ্ষৰ 31 জুলাইত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ সময়সীমা ধাৰ্য কৰা হৈছিল যদিও চূড়ান্ত খচৰা প্ৰকাশৰ সময় বৃদ্ধি কৰাৰ বাবে আবেদন কৰিছে চৰকাৰে ৷ এইক্ষেত্ৰত ছলিচিটৰ জেনেৰেল উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা তুষাৰ মেহতাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ হৈ ৰঞ্জন গগৈ নেতৃত্বধীন বিচাৰপীঠৰ সন্মুখত কাৰণ দৰ্শায় ৷
সলনি হ’ব পাৰে এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ দিন - ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী
11:37 July 19
23 জুলাইত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ দিন ধাৰ্য কৰিব ন্যায়ালয়ে ৷ বিদেশীৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱাৰ সন্দেহ ৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ হৈ ৰঞ্জন গগৈ নেতৃত্বধীন বিচাৰপীঠৰ সন্মুখত কাৰণ দৰ্শাই ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই