ETV Bharat / state

নেতাসকলে মুখৰে নহয় হৃদয়েৰে চুকাফাৰ মহান আদৰ্শক অনুকৰণ কৰক : ভূপেন বৰা

author img

By

Published : Dec 2, 2021, 7:22 PM IST

ৰাজীৱ ভৱনত চাওলুং চ্যুকাফাক স্মৰণ (Sukapha Divas Celebration at Rajiv Bhawan) । চ্যুকাফাৰ আদৰ্শৰ বিপৰীতে বৰ্তমান সময়ত জাত-পাত তথা ধৰ্মৰ নামত সমাজখনক ভাগ-ভাগ কৰিব বিচৰা হৈছে । চ্যুকাফাই কেতিয়াও নিজৰ ভাষা-সংস্কৃতি আনৰ ওপৰত বলপূৰ্বক জাপি দিয়া নাছিল তথা ক্ষমতাৰ অপব্যৱহাৰ কৰা নাছিল ৷

Asom Divas Celebration
ৰাজীৱ ভৱনত চাওলুং চ্যুকাফাক স্মৰণ

গুৱাহাটী, ২ ডিচেম্বৰ : ৰাজ্যজুৰি বৃহস্পতিবাৰে চ্যুকাফা দিৱস উদযাপন (Sukapha Divas Celebration) কৰা হয় । গুৱাহাটীৰ ৰাজীৱ ভৱনতো গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ উদ্যোগত চ্যুকাফা দিৱস উদযাপন কৰা হয় । অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা(APCC President Bhupen Borah) প্ৰমুখ্যে প্ৰদেশ কংগ্ৰেছৰ বহুগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকি বৰ অসমৰ খনিকৰ, মহান ব্যক্তিত্বৰ অধিকাৰী চাওলুং চ্যুকাফাক স্মৰণ (Tribute to Chaolung Sukapha) কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।

এই উপলক্ষ্যে আয়োজন কৰা সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে, চাওলুং চ্যুকাফাৰ আজিও প্ৰাসংগিকতা আছে । তেওঁ কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Chief Minister Himanta Biswa Sarma) ই পুৱাই টুইটাৰত চ্যুকাফাক সকলোৱে অনুকৰণ কৰিব লাগে বুলিও মন্তব্য কৰে । আজিৰ দিনটোত চ্যুকাফাৰ অনুসৰণ কৰিবলগীয়া আটাইতকৈ প্ৰাসংগিক বিষয়টো হৈছে সমন্বয় ।

ৰাজীৱ ভৱনত চাওলুং চ্যুকাফাক স্মৰণ

বৰ অসমৰ শক্তিশালী ভেঁটি নিৰ্মাণ কৰা চাওলুং চ্যুকাফাই সমন্বয়ৰ বাবে কাম কৰিছিল বুলি তেওঁ উল্লেখ কৰে ৷ লগতে তেওঁ কয় যে, বৰ্তমান সময়ত আমি বিপৰীত দিশে গতি কৰিছো । বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে চ্যুকাফাৰ আদৰ্শৰ বিপৰীতে বৰ্তমান সময়ত জাত-পাত তথা ধৰ্মৰ নামত সমাজখনক ভাগ-ভাগ কৰিব বিচৰা হৈছে ।

চ্যুকাফাই কেতিয়াও নিজৰ ভাষা-সংস্কৃতি আনৰ ওপৰত বলপূৰ্বক জাপি দিয়া নাছিল, তথা ক্ষমতাৰ অপব্যৱহাৰ কৰা নাছিল । তেওঁ কয় যে, নেতাসকলে মুখৰে নহয় হৃদয়েৰে চ্যুকাফাৰ মহান আদৰ্শক অনুকৰণ কৰিব লাগে । প্ৰাক্তন সাংসদ দ্বীজেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত চ্যুকাফা দিৱসৰ (Asom Divas Celebration) এই সভাত দলৰ জ্যেষ্ঠ নেতা ৱাজেদ আলী চৌধুৰী, প্ৰাক্তন সাংসদ আব্দুল হামিদকে ধৰি বহুকেইগৰাকী নেতাই অংশ গ্ৰহণ কৰে ।

লগতে পঢ়ক : Asom Divas Celebration : আজিও এলাগী হৈ ৰ'ল চ্যুকাফা মৈদাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.