গুৱাহাটী,২ নৱেম্বৰ: দেশৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আই আই টিসমূহত শিক্ষাৰ্থীৰ আত্মহত্যাৰ ঘটনা বৃদ্ধি পোৱা বিষয়টোৱে বিগত সময়ছোৱাত বিশেষ চৰ্চা লাভ কৰিছে (Student commits suicide in IITs)। দেশৰ বিশ্ববিদ্যালয়সমূহতকৈ আই আই টিসমূহত শিক্ষাৰ্থীৰ আত্মহত্যাৰ ঘটনা বৃদ্ধি পোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে (suicide in IITs increased at India)। দেশৰ সংসদতো এই বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে ।
ইপিনে, দেশৰ আইআইটিসমূহত পঢ়াৰ চাপ সহিব নোৱাৰি শিক্ষাৰ্থীয়ে আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লোৱাৰ ঘটনা বৃদ্ধি পোৱাত আইআইটি কাউন্সিলো উদ্বিগ্ন হৈছে (IIT Council)। যোৱা বছৰ ২ ডিচেম্বৰত সংসদত মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে সদৰী কৰা এক তথ্য মতে, দেশৰ ২৩খন আই আই টিৰ ভিতৰত ১২খন আই আই টিত শিক্ষাৰ্থীৰ আত্মহত্যাৰ ঘটনা বৃদ্ধি পাইছে ( Ministry of Human Resource Development)। ইয়াৰে শীৰ্ষ তালিকাত আছে আই আই টি গুৱাহাটী (Suicide case increased in Guwahati IIT)।
মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে সদৰী কৰা এক তথ্য মতে, যোৱা ৫ বছৰত দেশৰ ১২খন আই আই টিত ৫০ গৰাকী শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছে । ইয়াৰে শীৰ্ষত থকা আই আই টি গুৱাহাটীৰ ১৪ গৰাকী শিক্ষাৰ্থীয়ে আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লৈছে । পঢ়াৰ চাপ সহিব নোৱাৰি শিক্ষাৰ্থীয়ে আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লোৱাৰ ঘটনা বৃদ্ধি পোৱাক লৈ উদ্বিগ্ন হৈ পৰা দেশৰ আইআইটিসমূহৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰক আইআইটি কাউন্সিলে সেয়েহে আধাতে আইআইটি এৰি যাব খোজা ছাত্ৰ-ছাত্ৰীৰ বাবে দুবছৰীয়া ডিপ্ল'মা প্ৰদানৰ কথা বিবেচনা কৰিছে । জানিব পৰা মতে,আগন্তুক বৰ্ষৰ পহিলাতে এই সন্দৰ্ভত আইআইটি কাউন্সিলে গুৰুত্বপূৰ্ণ ঘোষণা কৰিব ।
উল্লেখ্য যে ২০১৯ চনতে আইআইটি কাউন্সিলে শৈক্ষিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে এক 'এগজিট অপছন'ৰ কথা চিন্তা কৰিছিল (Exit option of IIT) । ইয়াৰ বাবে এক ফর্মূলাও নিৰ্ধাৰণ কৰিছিল । সেই ফর্মূলা অনুসৰি কোনো ছাত্রই যদি আইআইটিত চাপ সহ্য কৰিব নোৱাৰি ওলাই যাব খোজে তেওঁলোকে দ্বিতীয় ষাণ্মাষিক সমাপ্ত কৰিয়েই বি এছ চিত ইঞ্জিনিয়াৰিং ডিগ্ৰীৰ বিকল্প ঠিৰাং কৰিব পাৰিব । ষষ্ঠ ষাণ্মাষিক পর্যন্ত শিক্ষা সমাপ্ত কৰাৰ পাছত এজন আইআইটিয়ানে বি-টেকৰ পৰিৱৰ্তে বিএছচি ডিগ্রী লাভ কৰিব । তিনি বছৰ পূৰ্ব সেই চিন্তাতকৈ আৰু এখোজ আগবাঢ়ি বর্তমান আইআইটি কাউন্সিলে এইবাৰ আধাতে আইআইটি এৰিব খোজ ছাত্ৰ-ছাত্ৰীৰ বাবে চতুর্থ ষাণ্মাষিকতে দুবছৰীয়া ডিপ্ল'মা প্ৰদানৰ কথা বিবেচনা কৰিছে ।
উল্লেখ্য় যে দেশৰ আইআইটিসমূহত প্ৰতিবছৰে মানসিক চাপ,পঢ়াৰ বোজা তথা বিভিন্ন কাৰণত যথেষ্টসংখ্যক ছাত্র-ছাত্ৰীয়ে আত্মহত্যাৰ দৰে চৰম পন্থা অৱলম্বন কৰিছে । এই কথা ইতিমধ্যে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ তথ্যতো স্পষ্ট ভাৱে প্ৰকাশ পাইছে । যোৱা অক্টোবৰত আইআইটি খড়গপুৰত বি-টেকৰ এজন ছাত্রক ৰহস্যজনকভাৱে মৃত অৱস্থাত হোষ্টেলৰ পৰা উদ্ধাৰ কৰা হৈছিল (Kharagpur IIT)। এই সন্দৰ্ভত ছাত্ৰজনৰ পৰিয়ালে আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে । শিক্ষা মন্ত্রণালয়ে এই সন্দৰ্ভত আইআইটি খড়গপুৰৰ পৰা বিস্তৃত তথ্য বিচাৰিছে । একেদৰে যোৱা ১৬ ছেপ্টেম্বৰত আইআইটি গুৱাহাটীৰ এজন বি-টেক চূড়ান্ত বৰ্ষৰ ছাত্ৰৰ লগতে আইআইটি মাদ্রাজৰ এজন চতুৰ্থ বৰ্ষৰ ছাত্ৰ আৰু আইআইটি কাণপুৰৰ এজন পিএইচডি ছাত্ৰই আত্মহত্যা কৰিছিল (IIT Kanpur) । পঢ়াৰ চাপ সহ্য কৰিব নোৱাৰিয়েই তেওঁলোকে আত্মহত্যা কৰা বুলি অভিযোগ উঠিছিল ।
চলিত বৰ্ষৰ জানুৱাৰীত আইআইটি বোম্বেৰ এজন ছাত্ৰয়ো হোষ্টেলৰ চাদৰ পৰা জঁপিয়াই আত্মহত্যা কৰিছিল । যোৱা আগষ্টত আইআইটি হায়দৰাবাদৰ এজন ছাত্রই চিপ লৈ আত্মহত্যা কৰিছিল । আইআইটিত হৈ থকা এনেবোৰ সঘন আত্মহত্যাৰ ঘটনাৰ সন্দৰ্ভত গুৱাহাটী আইআইটিৰ এক উচ্চস্তৰীয় সূত্ৰক প্রশ্ন কৰাত তেওঁ কয় যে শৈক্ষিক চাপ আৰু প্রেমত বিফলতাই বহুতো আই আই টিৰ ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ মূল কাৰণ । আইআইটি ছাত্র-ছাত্রীসকলে নিয়মীয়া শ্ৰেণীৰ লগতে যথেষ্ট পৰিমাণৰ এছাইনমেণ্ট, টেষ্ট আদি দিব লাগে । বহুতে এনে চাপ সহ্য কৰিবলৈ অপাৰগ হয় ।
আইআইটিৰ ছাত্ৰ-ছাত্ৰীসকলক মানসিক চাপত সহায় দিয়াৰ বাবে কাউন্সেলিঙৰো ব্যৱস্থা কৰা হৈছে । আইআইটি গুৱাহাটীত প্রতি সন্ধিয়া পাঠদানৰ অন্তত এনে কাউন্সেলিং অনুষ্ঠিত হয় । বিশেষভাৱে নৱাগত ছাত্ৰ-ছাত্ৰীসকলক শ্ৰেণী আৰম্ভ হোৱাৰ পূৰ্বেই বিশেষ কাউন্সেলিং দিয়া হয় । কিন্তু বহু ছাত্রই এই কাউন্সেলিঙত সহযোগ নকৰে বা মনৰ কথা খুলি নকয় । বহুতে চাপৰ পৰা মুক্তি পাবলৈ অনলাইন গেম খেলে বা ড্রাগছ সেৱন কৰে লয় । সেয়েহে ইয়াৰ পৰিণতি বিষম হৈ পৰে ।
লগতে পঢ়ক:Foundation day of Sivasagar College: শিৱসাগৰ কলেজৰ মহাৰজত জয়ন্তী উপলক্ষে বৃহৎ শোভাযাত্ৰা বাহিৰ