ETV Bharat / state

পাঠদানৰ প্ৰথমটো দিনতে বিদ্যালয়ত অনুপস্থিত অধিকাংশ শিক্ষাৰ্থী

সোমবাৰৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহত পুনৰ আৰম্ভ হৈছে পাঠদান কাৰ্যসূচী ৷ ক’ভিড প্ৰট’কল মানি 50 শতাংশ ছাত্ৰ-ছাত্ৰীৰে পাঠদান আৰম্ভ কৰা হৈছে যদিও প্ৰথমটো দিনত ছাত্ৰ-ছাত্ৰীৰ শূন্য়তা পৰিলক্ষিত হয় ৷

Schools reopen
ৰাজ্যৰ বিদ্যালয়ত পুনৰ আৰম্ভ পাঠদান
author img

By

Published : Sep 21, 2020, 12:51 PM IST

নিউজ ডেস্ক, 21 ছেপ্টেম্বৰ: অৱশেষত বহু প্ৰতিক্ষাৰ অন্তত সোমবাৰৰ পৰা খুলিল বিদ্যালয়ৰ দুৱাৰ ৷ কৰ’ণাৰ ভয়াৱহতাৰ মাজতে ৰাজ্য চৰকাৰে 50 শতাংশ ছাত্ৰ-ছাত্ৰীৰে পাঠদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ইয়াৰ সমান্তৰালকৈ বিদ্যালয়সমূহৰ কৰ্তৃপক্ষয়ো সকলো ধৰণৰ প্ৰতিৰোধৰ ব্যৱস্থা লোৱা পৰিলক্ষিত হৈছে ৷

কিন্তু বিদ্যালয় খোলাৰ প্ৰথমটো দিনতে অধিকাংশ বিদ্যালয়লৈ নাহিল ছাত্ৰ-ছাত্ৰী ৷ বিশ্বনাথৰ বিহালী মহাবীৰ উচ্চ মাধ্যমিক বিদ্যালয়তো ছাত্ৰ-ছাত্ৰীৰ শূন্যতা পৰিলক্ষিত হয় ৷ বিদ্যালয়ৰ তৰফৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সকলো ব্যৱস্থা কৰা হৈছিল যদিও বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ অনুপস্থিতিৰ কথা অৱগত কৰে ৷

ৰাজ্যৰ বিদ্যালয়ত পুনৰ আৰম্ভ পাঠদান

আনহাতে, গুৱাহাটী মহানগৰীৰ বিদ্যালয়সমূহতো ছাত্ৰ-ছাত্ৰীৰ পৰিমাণ কম হোৱা দেখা গৈছে ৷ যদিও বিদ্যালয়ৰ চৌহদত মাস্ক, চেনিটাইজাৰ, সামাজিক দূৰত্ব বাধ্যতামূলক কৰা হৈছে, তথাপিও অভিভাৱকসকলে সন্তানক বিদ্যালয়লৈ পঠিয়াবলৈ শংকা প্ৰকাশ কৰিছে ৷

ৰাজ্যৰ বিদ্যালয়ত পুনৰ আৰম্ভ পাঠদান

ইফালে, যোৰহাটতো ক'ভিডৰ সকলো নীতি-নিৰ্দেশনা মানি খোলা হৈছে বিদ্যালয়সমূহ ৷ কিছুসংখ্যক বিদ্যালয়ত শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতি আছে যদিও উপস্থিত নাই ছাত্ৰ-ছাত্ৰী ৷ আকৌ দুই এখন বিদ্যালয়ত নামমাত্ৰহে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি পৰিলক্ষিত হৈছে ৷ জিলাখনৰ বিদ্যালয় পৰিদৰ্শক শুভ্ৰলক্ষী ৰাজকুমাৰীয়ে 148 খন বিদ্যালয়ত পুনৰ পাঠদান মুকলি হোৱাটো নিশ্চিত কৰিছে ।

ৰাজ্যৰ বিদ্যালয়ত পুনৰ আৰম্ভ পাঠদান

লগতে পঢ়ক: অহা 24 ঘণ্টাৰ ভিতৰত ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰষুণৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.