ETV Bharat / state

G20 summit in Guwahati: G20 সন্মিলনৰ বাবে গুৱাহাটীৰ পদপথৰ বিপণিত পৌৰ নিগমৰ হাতোৰা - G20 সন্মিলন

G20 সন্মিলনৰ নামত গুৱাহাটীত পৌৰ নিগমে চলাইছে উচ্ছেদ অভিযান ৷ বিশেষকৈ পদপথৰ ব্যৱসায়ীসকলক উচ্ছেদ কৰিছে গুৱাহাটী পৌৰ নিগমে ৷ বৰ্তমানলৈকে প্ৰায় 10হাজাৰ পদপথৰ ব্যৱসায়ীক উচ্ছেদ কৰিছে পৌৰ নিগমে ৷ সেয়েহে উচ্ছেদ বন্ধ নকৰিলে ৰাজপথত আন্দোলনৰ হুংকাৰ পদপথৰ ব্যৱসায়ীসকলৰ (Street vendors evicted in Guwahati) ৷

G20 summit in Guwahati
G20 সন্মিলনৰ বাবে গুৱাহাটীৰ পদপথৰ বিপণিত পৌৰ নিগমৰ হাতোৰা
author img

By

Published : Jan 30, 2023, 7:29 PM IST

G20 সন্মিলনৰ বাবে গুৱাহাটীৰ পদপথৰ বিপণিত পৌৰ নিগমৰ হাতোৰা

গুৱাহাটী, 30 জানুৱাৰী: সমাগত G20 সন্মিলন ৷ প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ'ব G20 সন্মিলন । G20ক কেন্দ্ৰ কৰি গুৱাহাটী মহানগৰীক ন-ৰূপত সজাই-পৰাই তোলা হৈছে (G20 summit in Guwahati) । 2 ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া সন্মিলনৰ বাবে তৎপৰ হৈছে গুৱাহাটী পৌৰ নিগম (GMC) ।

এফালে যদি G20ৰ বাবে গুৱাহাটীত ব্যাপক তৎপৰতা গ্ৰহণ কৰা হৈছে (Preparation for G20 Summit), আনফালে G20য়ে কন্দুৱাইছে গুৱাহাটীৰ পদপথৰ ব্যৱসায়ীক ৷ কাৰণ G20 সন্মিলনৰ বাবে গুৱাহাটীক সজাই-পৰাই তোলাৰ নামত উচ্ছেদ চলোৱা হৈছে পদপথৰ ব্যৱসায়ীসকলক (Street vendors evicted in Guwahati) ৷ কেৱল G20 সন্মিলন বুলিয়েই নহয়, গুৱাহাটীলৈ VIP, VVIPৰ আগমন ঘটিলেই না জাল- না থল অৱস্থাৰ সৃষ্টি হয় পদপথৰ ব্যৱসায়ীসকলৰ ৷

G20 সন্মিনৰ বাবে আকৌ এবাৰ পদপথৰ ব্যৱসায়ীসকলক লক্ষ্য কৰি ল’লে ‘উত্তৰ-পূৱৰ হাব’ (Hub of North East) হ’ব খুজা চৰকাৰখনে ৷ গুৱাহাটীক জিলিকাই তুলিবৰ বাবে এফালৰ পৰা চলোৱা হৈছে উচ্ছেদ অভিযান ৷ ফলত এতিয়া চকু পানীৰে বাট নেদেখা হৈছে পদপথৰ ব্যৱসায়ীসকলে ৷ সমান্তৰালভাৱে পৰিয়াল পোহ-পাল দিয়াৰ ক্ষেত্ৰতো সন্মুখীন হৈছে দৈনিক খাটি খোৱা এই লোকসকল ৷

গুৱাহাটীৰ বেলতলা,মালিগাঁও, নাৰেংগী, উলুবাৰী, লালগণেশ, GS ৰোড, গণেশগুৰি, বৰবাৰীকে ধৰি GMCয়ে চলাইছে উচ্ছেদ অভিযান । মহানগৰীৰ বিভিন্ন স্থানত এতিয়ালৈকে প্ৰায় 10 হাজাৰ পদপথৰ দোকান-পোহাৰ উচ্ছেদ কৰা হৈছে (GMC eviction in Guwahati) ৷ ইয়াৰ বিৰুদ্ধে এতিয়া ক্ষুব্ধ হৈ পৰিছে পদপথৰ ব্যৱসায়ীসকল ৷

এই সন্দৰ্ভত পথ ব্যৱসায়ী সংস্থা, অসমৰ সভাপতি চন্দন গোস্বামীয়ে কয় যে, G20ৰ নামত অসমতে অসমীয়া মানুহখিনিক হাৰাশাস্তি কৰিছে চৰাকাৰে । সাধাৰণ খাটি খোৱা মানুহখিনিক কষ্ট দিছে GMC য়ে । দৈনিক হাজিৰা কৰা মানুহ যদি 15 দিন বহি থাকিব ল’বা হয় তেন্তে কি অৱস্থা হ'ব, পৰিয়াল কিদৰে পোহপাল দিব বুলিও প্ৰশ্ন কৰে তেওঁ ৷

ভেণ্ডিংজনৰ ব্যৱস্থা কৰিব নোৱাৰা GMC য়ে পহিলা জানুৱাৰীৰ পৰাই উচ্ছেদ অভিযান চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে ব্যৱসায়ীসকলে । সেয়েহে অতি শীঘ্ৰে উচ্ছেদ বন্ধ নকৰিলে ৰাজপথত নামি আন্দোলন কৰাৰো হুংকাৰ প্ৰদান পদপথৰ ব্যৱসায়ীসকলৰ ৷ আজিলৈকে সঠিক স্থানত পদ পথৰ ব্যৱসায়ীক সংস্থাপন দিয়াত ব্যৰ্থ হোৱা চৰকাৰ, পৌৰনিগমৰ বাবে গুৱাহাটী মহানগৰীত উচ্ছেদ অভিযানৰ নামত চলিয়েই থাকে এইখন ভঙা পতাৰ নাটক ।

লগতে পঢ়ক: G20 Summit preparations in Guwahati: চুৰি হ’ল জি ২০ সন্মিলনৰ বাবে সজোৱা লাইট-বৈদ্যুতিক তাঁৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.