ETV Bharat / state

CM needs Smart police: শকত তথা দুৰ্নীতিগ্ৰস্ত আৰক্ষীয়ে হেৰুৱাব পাৰে চাকৰি; মুখ্যমন্ত্ৰীৰ হাতত 250 জনীয়া তালিকা

author img

By

Published : Apr 29, 2023, 5:50 PM IST

Updated : Apr 29, 2023, 9:01 PM IST

কিছুদিনৰ পিচত আপুনি অসম আৰক্ষীত আৰু দেখা নাপাব শকত-পেটুৱা আৰক্ষী বিষয়া-জোৱান ৷ দেখা নাপাব সুৰাৰ ৰাগীত মতাল হৈ থকা আৰক্ষীক ৷ লগতে দুৰ্নীতিগ্ৰস্ত আৰক্ষী ! এইবাৰ স্মাৰ্ট আৰক্ষীৰ ধাৰণাটোক প্ৰকৃততে স্মাৰ্ট কৰাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে (concept of smart police turn into reality) ৷

state government plans to make the concept of smart police turn into reality
শৰীৰৰ যত্ন নল’লে যাব পাৰে আৰক্ষীৰ চাকৰি!

গুৱাহাটী, ২৯ এপ্ৰিল: স্মাৰ্ট আৰক্ষী, আমি সততে শুনি থকা এটা শ্লোগান (Smart police in Assam) ৷ স্মাৰ্ট আৰক্ষী বুলি ক’লে আপোনাৰ মনলৈ কেনেধৰণৰ ধাৰণা আহে বাৰু, বলীউডৰ চিনেমাত দেখুৱাওৱা হিৰোৰ দৰে ওখ, সুদৰ্শন, স্বাস্থ্যৰ যতন লোৱা সুঠাম আৰক্ষী নহয়নে ? কিন্তু আমাৰ বাস্তৱ জগতখনত ইয়াৰ বিপৰীত ছবিহে প্ৰত্যক্ষ কৰা যায় (Concept of smart police turn into reality) ৷

সেইবাবেই এইবাৰ স্মাৰ্ট আৰক্ষীৰ ধাৰণাটোক প্ৰকৃততে স্মাৰ্ট কৰাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে ৷ ইয়াৰ ফলত অসম আৰক্ষী বিভাগত ব্যাপক পৰিৱৰ্তন দেখা যাব পাৰে ৷ এতিয়া স্মাৰ্ট আৰক্ষীক প্ৰকৃততে আপুনি মই কল্পনা কৰা দৰেই স্মাৰ্ট কৰাৰ পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM needs Smart police) ৷

এই পৰিকল্পনা মতেই সকলো হ’লে হয়তো কিছুদিনৰ পিচত আপুনি অসম আৰক্ষীত আৰু দেখা নাপাব শকত-পেটুৱা আৰক্ষী বিষয়া-জোৱান ৷ দেখা নাপাব সুৰাৰ ৰাগীত মতাল হৈ থকা আৰক্ষীক ৷ লগতে দুৰ্নীতিগ্ৰস্ত আৰক্ষী ! কিয়নো অসম চৰকাৰে ইতিমধ্যেই শকত, সুৰাপায়ী আৰু দুৰ্নীতিগ্ৰস্ত আৰক্ষী লোক বিভাগটোৰ পৰা বিদায় জনোৱাৰ পৰিকল্পনা কৰিছে (Many Polices may loose job)।

শকত, সুৰাপায়ী আৰু দুৰ্নীতিগ্ৰস্ত বিষয়া-জোৱানক চাকৰিৰ পৰা বিদায় জনাব অসম চৰকাৰে ৷ ইয়াৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলাইছে চৰকাৰৰ গৃহ বিভাগে ৷ চৰকাৰৰ বিশেষ দলে ইতিমধ্যে এনে আৰক্ষী চিনাক্ত কৰাৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিছে (Smart police concept in Assam) ৷

তথ্যমতে অসম আৰক্ষীত কমেও ৪,০০০ত কৈও অধিক এনে অযোগ্য বিষয়া-জোৱান আছে ৷ শেহতীয়াভাৱে দিল্লীত মুখ্যমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সযোগে আৰক্ষী অধীক্ষক সকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰিছিল । এই বৈঠকতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এনে বিষয়া-জোৱানৰ প্ৰথমখন তালিকা দাখিল কৰিছে বুলি জানিব পৰা গৈছে ৷ এই প্ৰথমখন তালিকাত ২৫০ গৰাকী আৰক্ষীৰ নাম আছে ৷ অযোগ্য বিবেচিত এনে বিষয়া-কৰ্মচাৰী সকলক হয়তো শীঘ্ৰেই স্বেচ্ছামূলক অৱসৰ দিব অসম আৰক্ষীয়ে ৷

লগতে পঢ়ক: AJYCP Leader Beaten Case: শৃংখলক গ্ৰেপ্তাৰৰ প্ৰস্তুতি !

কিয়নো মুখ্যমন্ত্ৰীগৰাকীয়ে এনে অযোগ্য আৰক্ষীক স্বেচ্ছামূলক অৱসৰৰ পোষকতা কৰিছে ৷ অহা ১৮ মে’ত উচ্চ অসমৰ দেৰগাঁৱত বেটেলিয়নৰ কমাণ্ডেণ্টসকলৰ সৈতে বৈঠকত মিলিত হ’ব মুখ্যমন্ত্ৰী ৷ স্মাৰ্ট আৰক্ষী ধাৰণাটোক আগুৱাই নিয়াৰ উদ্দেশ্যে আভ্যন্তৰীণ নিৰাপত্তাৰ সৈতে জড়িত অন্যান্য গুৰুত্বপূৰ্ণ বিষয়সমূহৰ লগতে অযোগ্য আৰক্ষীৰ স্বেচ্ছামূলক অৱসৰ বিষয়ৰ সন্দৰ্ভত আলোচনা কৰা হোৱাৰ সম্ভাৱনা আছে এই বৈঠকত ৷

Last Updated : Apr 29, 2023, 9:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.