ETV Bharat / state

State Evolution of BJP: গুৱাহাটীত ভাৰতীয় জনতা পাৰ্টীৰ সমবায় কোষৰ ৰাজ্যিক অভিৱৰ্তন

author img

By

Published : Jan 2, 2023, 9:27 PM IST

গুৱাহাটী মহানগৰীৰ বশিষ্ঠস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত সোমবাৰে অনুষ্ঠিত হয় ভাৰতীয় জনতা পাৰ্টীৰ সমবায় কোষৰ ৰাজ্যিক অভিৱৰ্তন(State evolution of BJP co operative cell) । এই অভিৱৰ্তনতে উন্মোচন কৰা হয় অসমীয়া বিজেপি বাৰ্তা । অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্তব্য আগবঢ়াই ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা তথা গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই ।

State evolution of BJP co operative cell
উন্মোচন কৰা হয় অসমীয়া বিজেপি বাৰ্তা
উন্মোচন কৰা হয় অসমীয়া বিজেপি বাৰ্তা

গুৱাহাটী,২ ডিচেম্বৰ: সোমবাৰে অনুষ্ঠিত হয় ভাৰতীয় জনতা পাৰ্টীৰ সমবায় কোষৰ ৰাজ্যিক অভিৱৰ্তন (State evolution of BJP co operative cell) । গুৱাহাটী মহানগৰীৰ বশিষ্ঠস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এই অভিৱৰ্তন অনুষ্ঠান । উক্ত অনুষ্ঠানতে উন্মোচন কৰা হয় অসমীয়া বিজেপি বাৰ্তা(Axomia BJP Barta released) । বিজেপি বাৰ্তা উন্মোচন কৰে সাংসদ কুইন ওজাই । অভিৱৰ্তনত উপস্থিত থাকে বিজেপি ৰাজ্যিক সভাপতি ভবেশ কলিতা, উপ সভানেত্ৰী ৰেখা ৰাণী দাস বড়ো, মন্ত্ৰী নন্দিতা গাৰ্লছা, সাংসদ কুইন ওজা, বিধায়ক পদ্ম হাজৰিকা প্ৰমুখ্যে কেইবাগৰাকীও দলীয় কৰ্মী ।

অভিৱৰ্তনত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই (BJP state president Bhabesh Kalita) কয় যে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ২০২২ ক ৰোমন্থন কৰি ২০২৩ ৰ পৰিকল্পনা কৰিছে । তেখেতৰ পৰিকল্পনা মতে কাম কৰিলে আগন্তুক ২৫ বছৰলৈ অসম সুৰক্ষিত হৈ থাকিব । আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে দল সাংগঠনিকভাৱে শক্তিশালী কৰাৰ অভিযান আৰম্ভ হৈছে আজিৰে পৰা । ১২৬ টা সমষ্টিতেই বুথ সমূহৰ সমীক্ষা আজিৰে পৰা আৰম্ভ হৈছে । সংগঠনৰ কাম কাজ আৰু অধিক খৰটকীয়া হ'ব বুলিও উল্লেখ কৰে সভাপতিগৰাকীয়ে ।

ইফালে চাৰি জিলা কৰ্তন কৰা সন্দৰ্ভতো সভাপতিগৰাকীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় (Districts Abolished in Assam) । তেখেতে কয় যে অস্থায়ীভাৱে চাৰি জিলা কৰ্তন কৰা হৈছে । মহকুমা হিচাপে থাকিব কৰ্তন কৰা জিলকেইখন । উন্নয়নৰ কাম কাজ সমূহ চলি থাকিব কৰ্তন কৰা জিলাকেইখনত । কেৱল উপায়ুক্তৰ কাৰ্যালয় নাথাকে । কিছু কাৰিকৰী অসুবিধাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে সভাপতিগৰাকীয়ে ।

পৰৱৰ্তী সময়ত মহকুমাকেইটা পুনৰ পূৰ্ণাংগ জিলাৰ মৰ্যাদা পাবলৈ সক্ষম হ'ব বুলিও উল্লেখ কৰে ভৱেশ কলিতাই । লগতে তেওঁ কয় যে জিলা কৰ্তন প্ৰক্ৰিয়া খন্তেকীয়া । এই প্ৰক্ৰিয়াই নিৰ্বাচনত প্ৰভাৱ নেপেলাই । ইয়াত বিজেপিৰ কোনো ৰাজনৈতিক লাভালাভ নাই । এতিয়ালৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ সম্পূৰ্ণ নীতি-নিৰ্দেশাৱলী আমি পোৱা নাই (Constituency Delimitation in Assam) । কি হ'ব, কেনেকৈ হ'ব, সেয়া ভালদৰে আলোচনা হোৱা নাই । ৰাজনৈতিক দল তথা চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা আমি যি কৰিব লাগে কৰিম বুলি মন্তব্য কৰে সভাপতিগৰাকীয়ে ।

ইফালে ২০২৪ ৰ লোকসভা নিৰ্বাচন (Lok Sabha elections 2024) প্ৰসংগত মন্তব্য আগবঢ়াই গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই (MP Queen Ozah) । লোকসভা নিৰ্বাচন খেলিবলৈ মই সাজু হৈ আছো বুলি অভিৱৰ্তনত বিজেপি বাৰ্তা উন্মোচন কৰি মন্তব্য আগবঢ়াই গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই । লগতে সাংসদ গৰাকীয়ে কয় যে, চৰকাৰ গঠন কৰা দিন ধৰি সকলোৱে সাংগঠনিক ভেটি মজবুত কৰিবলৈ কাম কৰি আছে ।

২০২৪ ৰ নিৰ্বাচনৰ বাবে সকলো সাজু বুলিও জনাই কুইন ওজাই । তেওঁ সমষ্টি উন্নয়নৰ হকে কাম কৰি আছো বুলি কৈ লগতে উল্লেখ কৰে যে এতিয়া বুথ শক্তিশালী হৈছে । আনহাতে উচ্চতম ন্যায়ালয়ে বিমুদ্ৰাকৰণক লৈ দিয়া ৰায় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰদান কৰে সাংসদ গৰাকীয়ে । বিজেপি চৰকাৰে নিশ্চয় ভাল কাম কৰিছিল । বহু ব্যবসায়ী, উদ্যোগপতি আমি লগ পাইছিলো আৰু তেওঁলোকে বিমুদ্ৰাকৰণ ভাল পদক্ষেপ বুলিয়েই কৈছিল মন্তব্য আগবঢ়াই সাংসদ কুইন ওজাই ।

লগতে পঢ়ক: UBPO Annual Conference: গুৱাহাটীত অহা 5 জানুৱাৰীৰ পৰা সংযুক্ত বড়ো গণমঞ্চৰ নৱম বাৰ্ষিক অধিৱেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.