গুৱাহাটী,১৭ নৱেম্বৰঃ বিটিচি নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ কিছু সময়ৰ ভিতৰতে বিটিচিৰ নিৰ্বাচনৰ বাবে ৰণকৌশল প্ৰস্তুত কৰিলে ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশে।
ইতিমধ্যে যোৱা কেইবাদিনো ধৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস,অসম চৰকাৰৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াসহ বিজেপিৰ বহু ৰথী-মহাৰথীয়ে ধাৰাবাহিকভাৱে বিটিচিত নিৰ্বাচনী প্ৰচাৰ চলাই দলটোৰ ভেটি মজবুত কৰি তুলিছে। শেহতীয়াকৈ নিৰ্বাচন আয়োগে বিটিচিৰ নিৰ্বাচনৰ তাৰিখ ঠিক কৰাৰ পাছতেই ৰাজ্যিক বিজেপিয়ে তাৎক্ষণিকভাৱে বিটিচিৰ ২৭ টা সমষ্টিত প্ৰভাৰী আৰু সহ প্ৰভাৰী নিযুক্তি দিছে বুলি ৰাজ্যিক বিজেপিৰ সংবাদ কোষৰ আহ্বায়ক দেৱান ধ্ৰুবজ্যোতি মৰল স্বাক্ষৰিত এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ পাইছে।
লগতে চাওকঃ বিটিচি নিৰ্বাচনৰ দিন ঘোষণা