ETV Bharat / state

জলসিঞ্চন বিভাগৰ নিযুক্তিত বিশেষভাৱে সক্ষম লোকক প্ৰতাৰণাৰ অভিযোগ - সৰ্বানন্দ সোণোৱাল

শেহতীয়াকৈ জলসিঞ্চন বিভাগে ১২ অক্টোবৰত প্ৰকাশ কৰা নিযুক্তি পৰীক্ষাৰ ফলাফলত অসন্তুষ্টি তথা স্বজন-তোষণৰ প্ৰশ্ন তুলি প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে বুধবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰে ৷

job engagement
job engagement
author img

By

Published : Oct 21, 2020, 6:43 PM IST

গুৱাহাটী ২১ অক্টোবৰ : শাসনলৈ আহিয়েই সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে দ্ৰুতগতিত নিবনুৱা সমস্যা সমাধান কৰিব বুলি ঘোষণা কৰিছিল যদিও সেয়া অসাৰ প্ৰতিপন্ন হ’ল ৷ শেহতীয়াকৈ জলসিঞ্চন বিভাগে ১২ অক্টোবৰত প্ৰকাশ কৰা নিযুক্তি পৰীক্ষাৰ ফলাফলত অসন্তুষ্টি তথা স্বজন-তোষণৰ প্ৰশ্ন তুলি প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে বুধবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰে ৷

জলসিঞ্চন বিভাগৰ নিযুক্তিত বিশেষভাৱে সক্ষম লোকক প্ৰতাৰণাৰ অভিযোগ

সংবাদমেলত সংগঠনটোৰ সম্পাদক নৃপেন মালাকাৰে কয় যে, উচ্চ ন্যায়লয়ত হোৱা লেখ আবেদন নং ৫৫৩/২০২০ ৰ নিৰ্দেশনা অনুসৰি জলসিঞ্চন বিভাগে অনুষ্ঠিত কৰা ৬৪৩টা পদৰ বিপৰীতে ৪ শতাংশ হাৰত ২৬ টা পদ প্ৰতিবন্ধীসকলৰ বাবে সংৰক্ষণৰ কথা উল্লেখ আছে ৷ ন্যয়ালয়ৰ নিৰ্দেশনা থকাৰ পাচতো একমাত্ৰ নিজৰ মুনাফাৰ বাবে নিযুক্তিৰ ফলাফলত বিভাগটোৱে প্ৰতিবন্ধী লোকৰ নাম উল্লেখ নকৰিলে ৷

তেওঁ আনকি কয়, প্ৰতিবন্ধী আইন ২০১৬ ৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি শেহতীয়াভাৱে ৩৯৭টা পদৰ বিপৰীতে ৪ শতাংশ হাৰে ১৬টা পদ পাব লাগিছিল যদিও মাত্ৰ ৯টা পদহে প্ৰতিবন্ধীসকলৰ বাবে সংৰক্ষণ কৰা বুলি ফলাফলত দেখা গৈছে ৷ উল্লেখ্য যে, বিভাগটোৱে নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰাৰ সময়তো প্ৰতিবন্ধীৰ বাবে পদ সংৰক্ষণ কৰা নাছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত সংগঠনটো ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত ন্যায়ালয়ে ৪ শতাংশ হাৰত সংৰক্ষণৰ নিৰ্দেশ দিছিল যদিও শেহতীয়াভাৱে ফলাফলৰ পাচত ন্যায়ালয়ৰ নিৰ্দেশনাকো বৃদ্ধাংগুষ্ঠ দেখুৱাহে পৰিলক্ষিত হ’ল ৷

যদিহে শীঘ্ৰে ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি বিভাগটোৱে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ন্যায়ালয়লৈ যোৱাৰ উপৰিও প্ৰতিবন্ধীসকলক কৰা প্ৰতাৰণাৰ বাবে বিভাগৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণেৰে যোগ্য প্ৰত্যুত্তৰ দিয়া হ’ব ৷ তেওঁ লগতে কয় যে, বিভাগত শীঘ্ৰে নিযুক্তিৰ বাবে নিৰ্বাচিত প্ৰতিবন্ধীলোকসকলৰ নম্বৰ তালিকা প্ৰকাশ কৰি প্ৰকৃত প্ৰতিবন্ধী লোকসকলক নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰক ৷

মালাকাৰে লগতে উল্লেখ কৰে যে, জলসিঞ্চনৰ সমান্তৰাৰকৈ ৰাজ্যৰ অন্যান্য বিভাগসমূহেও প্ৰতিবন্ধী লোকসকলক প্ৰাপ্য অধিকাৰৰ বৰা বঞ্চিত কৰি আহিছে ৷ সংবাদ মেলত উল্লেখ কৰা অনুসৰি সমাজ কল্যাণ বিভাগৰো বহুতো বিষয়াৰ হেমাহীৰ বাবে ৰাজ্যখনৰ প্ৰতিবন্ধী লোকসকলে নিম্নতম প্ৰমাণ পত্ৰখন পাবলৈও সক্ষম হোৱা নাই ৷ যাৰ পৰিপ্ৰেক্ষিতত আজিও লাখ লাখ প্ৰতিবন্ধীলোকে বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছে ৷

আনহাতে কেৱল কথাৰ ফুলজাৰিৰে নহয় ২০২১ৰ পূৰ্বে সংগঠনে দাবী কৰি অহা মতে ৰাজ্যৰ প্ৰতিটো বিভাগৰে বেলেগ পদত নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰা, ২০১৮ চনৰ ৩১ ডিচেম্বৰত প্ৰকাশ কৰা বিজ্ঞাপন অনুসৰি ৪ৰ্থ বৰ্গৰ ৫১১টা পদত স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নিযুক্তি প্ৰক্ৰিয়া অতি শীঘ্ৰে সম্পন্ন কৰা, গুৱাহাটীত প্ৰতিবন্ধী লোকসকলৰ বাবে এটা জিৰণি গৃহ নিৰ্মাণ কৰা, প্ৰতিবন্ধী লোকসকলৰ বাবে চৰকাৰী আবাসগৃহ প্ৰদান কৰা লোকসভা, ৰাজ্যসভা, বিধানসভাকে ধৰি সকলোতে ৪ শতাংশ আসন সংৰক্ষণৰ লগতে সংগঠনৰ ২১দফীয়া দাবীসমূহ অতি শীঘ্ৰে পালন কৰিবলৈ সংবাদ মেলৰ জৰিয়তে সংগঠনটোৱে আহ্বান জনায় ৷

অন্যথা অনাগত দিনত হ’ব পৰা যিকোনো পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰখন জগৰীয়া হ’ব বুলি সংগঠনটোৱে স্পষ্টভাৱে উল্লেখ কৰে ৷ বুধবাৰৰ এই সংবাদ মেলত উপস্থিত আছিল সংগঠনৰ উপ-সভাপতি আতিকুৰ ৰহমান, সম্পাদক নৃপেন মালাকাৰ, নিকুদিন বসুমতাৰীৰ লগতে সংগঠনৰ কেইবাজনো নেতা কৰ্মী ৷

লগতে পঢ়ক : শক্তি বিভাগৰ গাফিলতিৰ বাবে জাগুনত বনৰীয়া হাতীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.