ETV Bharat / state

বয়োজ্যেষ্ঠ আৰক্ষী জোৱান সকলৰ বাবে লোৱা হৈছে বিশেষ সাৱধনতা - অসম আৰক্ষী বিভাগ

অতিৰিক্ত আৰক্ষী আয়ুক্ত পঞ্জিত দুৱৰাই জানবলৈ দিয়া অনুসৰি বয়োজ্যেষ্ঠ, মধুমেহ আৰু হৃদৰোগত আক্ৰান্ত আৰক্ষীৰ জোৱান সকলক সামাজিক দূৰত্ব মানি চলাৰ লগতে কণ্টাইনমেন্ট জ'নৰ দায়িত্বৰ পৰা পৰা বিৰত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

বয়োজ্যেষ্ঠ আৰক্ষী জোৱান সকলৰ বাবে লোৱা হৈছে বিশেষ সাৱধনতা

author img

By

Published : Jun 14, 2020, 10:21 PM IST

গুৱাহাটী, 14 জুনঃ অসম আৰক্ষী বিভাগৰ তৰফৰ পৰা বয়োজ্যেষ্ঠ, মধুমেহ আৰু হৃদৰোগত আক্ৰান্ত আৰক্ষীৰ জোৱান সকলক বিশেষ সাৱধনতা অৱলম্বন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ অতিৰিক্ত আৰক্ষী আয়ুক্ত পঞ্জিত দুৱৰাই জানবলৈ দিয়া অনুসৰি, বয়োজ্যেষ্ঠ আৰক্ষী সকলক সামাজিক দূৰত্ব মানি চলাৰ লগতে কণ্টাইনমেন্ট জ'নৰ দায়িত্বৰ পৰা পৰা বিৰত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ আনহাতে সকলো আৰক্ষীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে পিপিই কিট, হেণ্ড গ্লোভছ, মাস্ক আদিৰ ব্যৱস্থা কৰা হৈছে ৷

বয়োজ্যেষ্ঠ আৰক্ষী জোৱান সকলৰ বাবে লোৱা হৈছে বিশেষ সাৱধনতা

উল্লেখ্য যে, মহানগৰীত বিগত দুমাহত ১৭২ গৰাকী কৰ'ণা আক্ৰান্ত লোক পোৱা গৈছে ৷ যিসকলৰ ভিতৰত ২৫ জনৰেই নাই কোনো ট্ৰেভেল হিষ্ট্ৰী ৷ বৰ্তমানলৈকে মহানগৰীত ঘোষণা কৰা হৈছে ৪৪টাকৈ কণ্টাইনমেন্ট জ'ন ৷ এইক্ষেত্ৰত আৰক্ষী লোক সকলৰ প্ৰতি প্ৰত্যাহ্বান ষথেষ্ট বৃদ্ধি পাইছে ৷ শেহতীয়াকৈ মহানগৰীৰ হাতীগাঁও থানাত আটক কৰা গগন ৰাজবংশী নামৰ এজন অভিযুক্ত চোৰৰ দেহত ধৰা পৰিছিল COVID-19 ৷ অভিযুক্ত জনৰ সংস্পৰ্শলৈ অহা হাতীগাঁও আৰক্ষী চকীৰ ১২ গৰাকী আৰক্ষীৰ লোকক ইতিমধ্যে ইতিমধ্যে কোৱাৰেণ্টাইন কৰা হৈছে ৷ জানিব পৰা মতে, ১২ গৰাকী আৰক্ষীৰ ভিতৰত ৭ গৰাকীয়েই ৫০ৰ উৰ্ধৰ লোক ৷

লগতে পঢ়কঃ কোভিড-১৯ ৰ কৰ্তব্যত গাফিলতি কৰি নিলম্বিত হ’ল কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.