ETV Bharat / state

১৪ দিনৰ বাবে চীল কৰা হ'ল "স্পেনিছ গাৰ্ডেন" - মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতাল

শনিবাৰে গুৱাহাটীস্থিত ৰাষ্ট্ৰীয় স্বাস্থ্য় অভিযানৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । সংবাদমেলখনত ৰাজ্যত কৰ'ণা ভাইৰাছ সম্বন্ধীয় কেইবাটাও বিষয়ৰ ওপৰত আলোকপাত কৰে মন্ত্ৰী গৰাকীয়ে ।

spanish garden sealed for forteen days
spanish garden sealed for forteen days
author img

By

Published : Apr 4, 2020, 7:11 PM IST

গুৱাহাটী, ৪ এপ্ৰিলঃ গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ বিলাসী এপাৰ্টমেন্ট স্পেনিছ গাৰ্ডেনৰ বাসিন্দা মনীষ টিব্ৰেৱাল নামৰ লোকজনৰ শৰীৰত কভিড ১৯ পজিটিভ ধৰা পৰাৰ পিচত, ১৪ দিনৰ বাবে এই এপাৰ্টমেন্টটো চীল কৰিছে প্ৰশাসনে । আজি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । মনীষ টিব্ৰেৱালক ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁৰ সংস্পৰ্শত অহা ১১১ জন লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

১৪ দিনৰ বাবে চীল কৰা হ'ল "স্পেনিছ গাৰ্ডেন"
সংবাদমেলত মন্ত্ৰীগৰাকীয়ে আৰু কয় যে, নতুনকৈ ধৰা পৰা বকোৰ বামুণীৱৰ মফিজুদ্দিন নামৰ লোকগৰাকীক মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতালত, মৰিগাঁৱৰ জমিয়া খাতুনক মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতালত, লখিমপুৰৰ বাবুল আলীক লখিমপুৰ অসামৰিক চিকিৎসালয়ত আৰু দক্ষিণ শালমাৰাৰ আশ্ৰফ আলীক মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতালত ভৰ্তি কৰোৱা হৈছে । বৰ্তমানলৈকে ৰাজ্যত ১৫২৯ গৰাকী লোকৰ তেজৰ নমুনা পৰীক্ষা কৰা হৈছে। । ইয়াৰে ১৩০৮ গৰাকীৰ ফলাফল নিগেটিভ পোৱা গৈছে । ২৫ টা পজিটিভ ফলাফল পোৱাৰ লগতে ১৯৬ টাৰ ফলাফল লাভ কৰিবলৈ বাকী আছে বুলি তেওঁ কয় ।
বৰ্তমানলৈকে ৰাজ্যত ১৫২৯ গৰাকী লোকৰ তেজৰ নমুনা পৰীক্ষা কৰা হৈছে

বহিঃৰাজ্যত আবদ্ধ হৈ থকা যুৱক-যুৱতীক আৰ্থিক সাহাৰ্য প্ৰদান কৰিব অসম চৰকাৰে । ইতিমধ্যে কেইবাগৰাকীও যুৱক-যুৱতীলৈ এই সাহাৰ্য আগবঢ়োৱাও হৈছে । ইয়াৰোপৰি এই মহামাৰীৰ বাবে প্ৰতিষেধক আৰু ঔষধৰ পৰীক্ষণ চলি আছে ।

বহিঃৰাজ্যত আবদ্ধ হৈ থকা যুৱক-যুৱতীক আৰ্থিক সাহাৰ্য প্ৰদান
ডঃ শৰ্মাই আৰু ঘোষণা কৰে যে, এতিয়াৰে পৰা ১০৪ আৰু ১০৮ সেৱাত কাম কৰা সকলো কৰ্মচাৰীয়ে ৫০ লাখ টকা বীমাৰ সুবিধা লাভ কৰিব । তাৰোপৰি ১০৮ সেৱাত কৰ্মৰত সকলে ৩ মাহৰ বাবে অতিৰিক্ত এহেজাৰ টকাকৈ লাভ কৰিব । ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে ৯ এপ্ৰিলত সম্পূৰ্ণ দৰমহা লাভ কৰিব আৰু প্ৰতিজন কৰ্মচাৰীক কমেও পাঁচোটাকৈ দুখীয়া পৰিয়ালক সহায় কৰিবলৈ তেওঁ আহ্বান জনায় ।
১০৮ সেৱাত কৰ্মৰত সকলে ৩ মাহৰ বাবে অতিৰিক্ত এহেজাৰ টকাকৈ লাভ কৰিব

লগতে পঢ়কঃ ভাৰতৰ ক'ভিড-19 ৰ শেহতীয়া পৰিসংখ্যা !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.