ETV Bharat / state

Crime in Guwahati: মহানগৰীত দিনে দিনে বৃদ্ধি হৈছে চিলনী চোৰৰ উপদ্ৰৱ - মহানগৰবাসী

দিনে দিনে বৃদ্ধি হোৱা চুৰি-ডকাইতিৰ ঘটনাই মহানগৰবাসীক আতংকিত কৰি ৰাখিছে ৷ স্মাৰ্ট আৰক্ষীৰ ফোপোলা স্বৰূপ উদঙাই মহানগৰীত টিঘিল ঘিলাই ঘুৰি ফুৰিছে চোৰ ৷

Menace of thieves is increasing day by day
মহানগৰীত টিঘিল ঘিলাই ঘুৰি ফুৰিছে চোৰ
author img

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 5:19 PM IST

মহানগৰীত চিলনী চোৰৰ উপদ্ৰৱ

গুৱাহাটী, 4 নৱেম্বৰ : গুৱাহাটী মহানগৰীত দিনে দিনে বৃদ্ধি হৈছে চোৰৰ উপদ্ৰৱ ৷ চুৰি-ডকাইতি, হত্যা-হিংসা, লুণ্ঠনে মহানগৰবাসীক আতংকিত কৰি ৰাখিছে ৷ নিশাৰ কথা বাদেই, দিন দুপৰতে পথত নিৰাপদে খোজ কাঢ়িবলৈ যাবলৈ ভাবিবলগীয়া হৈছে ৰাইজে ৷ কিয়নো কোন মুহুৰ্তত চিলনী চোৰে ডিঙিৰ চেইন কাঢ়ি নিয়ে তাৰ কোনো ঠিকনা নাই ৷ আনহাতে মহানগৰীত পিত পিতাই ফুৰা চোৰৰ দলে কোন মুহুৰ্তত মহানগৰবাসীৰ দুৱাৰ-খিৰিকী ভাঙি লুটপাত চলায় তাৰো কোনো নিশ্চয়তা নাই ৷

মহানগৰৰ স্মাৰ্ট আৰক্ষীৰ ফোপোলা স্বৰূপ উদঙাই মহানগৰীত টিঘিলঘিলাই ঘুৰি ফুৰিছে চোৰ ৷ মহানগৰীত চুৰি-ডকাইতিৰ ঘটনা ৰোধ কৰাত স্মাৰ্ট আৰক্ষী ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে ৷ আৰক্ষীয়ে সময়ে সময়ে পেট্ৰলিং নকৰাৰ ফলত এনেধৰণৰ চোৰৰ উপদ্ৰৱ বৃদ্ধি হোৱাৰ অভিযোগ উঠিছে ৷ মহানগৰীত দুৰ্বৃত্তই মহিলাৰ মূৰত পিষ্টল থৈ সোণৰ চেইন আৰু বেগ কাঢ়ি নিয়াৰ দুটাকৈ ঘটনা সংঘটিত হৈছে ৷ দিছপুৰ থানাৰ অন্তৰ্গত হেঙেৰাবাৰী আৰু চচলত এই ঘটনা কেইটা সংঘটিত হৈছে ৷

প্ৰাপ্ত তথ্যমতে প্ৰথমটো ঘটনা সংঘটিত হয় আমতল-চচল পথত ৷ খোজকাঢ়ি গৈ থকা এগৰাকী মহিলাৰ ডিঙিৰ সোণৰ চেইন কাঢ়ি পলায়নৰ চেষ্টা কৰে মটৰচাইকেলত অহা দুই দুৰ্বৃত্তই ৷ সন্তানক স্কুলত থৈ ওভতাৰ পথতে পূবেৰুণ এপার্টমেণ্টৰ সমীপত সংঘটিত হয় এই ঘটনাটো ৷ মহিলাগৰাকীৰ পিচে পিচে মটৰচাইকেলত অহা দুৰ্বৃত্ত দুটাই হঠাতে মহিলাগৰাকীৰ ডিঙিৰ চেইন টানে ৷ মহিলাগৰাকীয় চেইন বচোৱাৰ চেষ্টা কৰাত দুৰ্বৃত্তই তেওঁৰ মূৰত পিষ্টল লগাই দুটুকুৰা হোৱা চেইনডালৰ এটা টুকুৰা লৈ যায় ৷

আনহাতে এই ঘটনা সংঘটিত হোৱা কিছু সময়ৰ পিছতে হেঙেৰাবাৰীৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত শুকুৰবাৰে পুৱা 7.30 বজাত বাইকত অহা দুজনীয়া দুৰ্বৃত্তই পিষ্টল দেখুৱাই এগৰাকী মহিলাৰ ডিঙিৰ পৰা কাঢ়ি লৈ যায় সোণৰ চেইন ৷ ইফালে ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ ৷ এজাহাৰৰ ভিত্তিত গোচৰ ৰজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত দুৰ্বৃত্তৰ সম্ভেদ উলিয়াব পৰা নাই ৷

ইয়াৰ পিছতে সন্ধিয়াৰ ভাগত এনে এক অনুৰূপ ঘটনা হেঙেৰাবাৰীত সংঘটিত হয় ৷ হেঙেৰাবাৰীৰ গোপাল কৃষ্ণ পথত এগৰাকী শিক্ষয়িত্ৰীৰ এটি এম কাৰ্ড, আধাৰ কাৰ্ড, টকা, ম'বাইল ভৰ্তি বেগটো মটৰ চাইকেলেৰে অহা দুই দুৰ্বৃত্তই কাঢ়ি লৈ যায় ৷ ইয়াৰ পিছতে সেই অঞ্চলত আতংকৰ সৃষ্টি হয় ৷ গুৱাহাটী স্মাৰ্ট আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ মহানগৰীত বৃদ্ধি পাব ধৰিছে চুৰি ডকাইতি,হত্যা, হিংসাৰ ঘটনা ৷

ৰাজধানী মহানগৰীত সঘনাই সংঘটিত হ’বলৈ ধৰা এনেবোৰ অপৰাধজনিত ঘটনাই মহানগৰীৰ বাসিন্দাক শংকিত কৰি তুলিছে যদিও গুৰুত্বপূৰ্ণ বিষয়টোক লৈ মহানগৰ আৰক্ষীয়ে অদ্যপি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.