ETV Bharat / state

Smart City Project Guwahati : শীঘ্ৰে মহানগৰীত আৰম্ভ হ’ব স্মাৰ্ট চিটিৰ উন্নয়ন কাৰ্য

author img

By

Published : Dec 11, 2021, 9:52 AM IST

অচিৰেই ৮৮৭ কোটি টকা ব্যয়ৰে আৰম্ভ হ'ব গুৱাহাটী স্মাৰ্ট চিটী লিমিটেৰ মুঠ ১৭ টা নতুন প্ৰকল্পৰ কাম (Work on 17 projects in Smart City to begin soon in guwahati)৷ এই ১৭ টা প্ৰকল্পৰ মাজত ব্ৰহ্মপুত্ৰৰ পাৰ উন্নয়ন , গান্ধীমণ্ডপৰ লাইট আৰু চাউণ্ড শ্ব , বিমানবন্দৰত আদৰণী গেট, দ্বীপৰ বিল, গান্ধীমণ্ডপৰ উন্নয়ণ, অশ্বক্লান্ত দেৱালয়, উমানন্দ দেৱালয়, দক্ষিণপাট সত্ৰ উন্নয়নৰ কাম কৰাৰ বাবে প্ৰকল্প লোৱাৰ উপৰিও, মহানগৰীত এল ই ডি ষ্ট্ৰীট লাইট স্থাপন , integrated traffic management চিষ্টেম, শংকৰদেৱ কলাক্ষেত্ৰৰ সৌন্দৰ্য বৰ্ধণৰ লগতে মুঠ ১৭ টা প্ৰকল্পৰ কাম হাতত লৈছে ।

work-on-17-projects-in-smart-city-to-begin-soon-in-guwahati
শীঘ্ৰেই গুৱাহাটীত আৰম্ভ হ'ব স্মাৰ্ট চিটী লিমিটেৰ উন্নয়ণৰ ১৭ টা প্ৰকল্পৰ কাম

গুৱাহাটী, 11 ডিচেম্বৰ : গুৱাহাটীবাসীৰ বাবে সুখবৰ । গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে অচিৰে প্ৰায় ৮৮৭ কোটি টকা ব্যয়ৰে আৰম্ভ(Smart city to be built at a cost of Rs 887 crore) হ'ব মুঠ ১৭ টা নতুন প্ৰকল্পৰ কাম ।

এই ১৭ টা প্ৰকল্পৰ মাজত আছে ব্ৰহ্মপুত্ৰৰ পাৰ উন্নয়ন, গান্ধী মণ্ডপৰ লাইট আৰু চাউণ্ড শ্ব’, বিমানবন্দৰত আদৰণি গেট, দীপৰ বিল, গান্ধী মণ্ডপৰ উন্নয়ন, অশ্বক্লান্ত দেৱালয়, উমানন্দ দেৱালয়, দক্ষিণপাট সত্ৰ উন্নয়নৰ কাম কৰাৰ বাবে প্ৰকল্প লোৱাৰ উপৰিও মহানগৰীত LED ষ্ট্ৰীট লাইট স্থাপন, Integrated traffic management system, শংকৰদেৱ কলাক্ষেত্ৰৰ সৌন্দৰ্য বৰ্ধনৰ কাম ৷

এক সূত্ৰই প্ৰকাশ কৰা মতে, গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ ১৭ টা প্ৰকল্পৰ কেইবাটাও প্ৰকল্পৰ ইতিমধ্যে নিবিদা আহ্বান কৰা হৈছে (Smart City Limited will start 17 new project in guwahati) । বাকী কেইটা প্ৰকল্পৰ নিবিদা অতি সোনকালে জাৰি কৰা হ'ব ।

সূত্ৰই প্ৰকাশ কৰা মতে, ব্ৰহ্মপুত্ৰ পাৰঘাট উন্নয়ন প্ৰকল্পৰ বাবে মুঠ ৩০৮.৭৯ কোটি টকা ব্যয় কৰা হ'ব । এই প্ৰকল্প ৰূপায়ণৰ বাবে কামৰূপ(ম) জিলা উপায়ুক্তৰ কাৰ্যালয় বৰ্তমানৰ স্থানৰ পৰা স্থানান্তৰ কৰা হ'ব । গুৱাহাটী পৌৰ নিগম আৰু আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ো স্থানান্তৰ কৰা হ'ব ।

আনহাতে, গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ পৰা পোৱা তথ্য অনুসৰি Integrated traffic management system প্ৰকল্পৰ নামত ব্যয় কৰা হ'ব ১২৭ কোটি টকা, বোকা নিষ্কাশনৰ ছুপাৰ ছাকাৰ ১০ টা যন্ত্ৰ ক্ৰয় কৰা হ'ব ৩০ কোটি টকাত, ২৩৬ কোটি টকাৰে ক্ৰয় কৰিব ২০০ খনকৈ ইলেক্ট্ৰিক বাছ ৷ গান্ধী মণ্ডপৰ মিউজিক আৰু চাউণ্ড শ্ব’ প্ৰকল্পত ৮ কোটি টকা, গান্ধী মণ্ডপ মিউজিয়ামৰ উন্নয়নত ২.৫ কোটি, উমানন্দ দেৱালয় উন্নয়ন প্ৰকল্পত ১৫.৭৬ কোটি টকা ব্যয় কৰা হ'ব ।

উল্লেখ্য যে, পূৰ্বেও গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে কেইবাটাও প্ৰকল্প নিৰ্মাণৰ বাবে অগ্ৰসৰ হৈছিল । কিন্তু তাৰ ভিতৰত অধিকাংশ প্ৰকল্পয়ে অসম্পূৰ্ণ হৈ থাকিল । বৰ্তমান নতুনকৈ লোৱা ১৭ টা প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিব পাৰিব নে নাই, সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক : Assam Cabinet decisions : কেবিনেটৰ 10 টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.