গুৱাহাটী , 14 জুনঃ মহানগৰীৰ এখন বিদ্যালয় য'ত শিক্ষাৰ পৰিৰ্ৱতে মাচুল হিচাপো দিব লাগিব প্লাষ্টিক ৷ ধৰাক প্লাষ্টিক মুক্ত কৰিবলৈ এই পদক্ষেপ মহানগৰীৰ দ্বীপৰ বিলৰ সমীপৰ পামহিত গঢ় লৈ উঠা অক্ষৰ ফ'ৰাম নামৰ বিদ্যালয়খনৰ৷ বিদ্যালয়খনৰ এই মূলমন্ত্ৰৰ বিষয়ে জানিবলৈ পায় শুকুৰবাৰে পামহিৰ বিশেষ বিদ্যালয়খন পৰিদৰ্শন কৰে নাগালেণ্ডৰ ৰাজ্যপাল পদ্মনাভ আচাৰ্য আৰু ৰাজ্যপালৰ পত্নী কবিতা আচাৰ্যই । মহানগৰীৰ পামহিত গঢ় লৈ উঠা অক্ষৰ ফ'ৰাম নামৰ বিদ্যালয় পৰিদৰ্শন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময় কৰে ৰাজ্যপাল আৰু পত্নীয়ে ।
উল্লেখ্য যে অক্ষৰ নামৰ বিদ্যালয়খন হৈছে এখন ব্যতিক্ৰমি বিদ্যালয় । য'ত বিদ্যালয়খনে মাচুলৰ পৰিৱৰ্তে গ্ৰহন কৰে প্লাষ্টিকৰ সামগ্ৰী । সেই বিদ্যালয় খনৰ প্ৰতি আকৰ্ষিত হৈ ৰাজ্যপাল গৰাকীয়ে বিদ্যালয় পৰিদৰ্শন কৰাৰ লগতে বিদ্যালয় খনৰ বাবে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে । লগতে বিদ্যালয় ছাত্ৰ-ছাত্ৰীক এই কৰ্মৰ প্ৰতি আপ্লুত হৈ সকলোকে ধন্যবাদ জনায় ।