ETV Bharat / state

অসম জাতীয় পৰিষদৰ উদ্যোগত নিজৰাপাৰত শিল্পী দিৱস পালন - Silpi diwash by AXOM JATIYA PARISAD

শিল্পী দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে লুৰিণজ্যোতি গগৈয়ে ৷ লগতে আগন্তুক বিধানসভা নিৰ্বাচনত বিভিন্ন দলৰ সৈতে হ'বলগীয়া মিত্ৰতা সন্দৰ্ভত সাংবাদিকৰ আগত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷

silpi-diwash-by-axom-jatiya-parisad-at-noonmati-guwahati
অসম জাতীয় পৰিষদৰ উদ্যোগত নুনমাটিৰ নিজৰাপাৰত শিল্পী দিৱস পালন
author img

By

Published : Jan 17, 2021, 8:47 PM IST

গুৱাহাটী,17 জানুৱাৰী : অসম জাতীয় পৰিষদৰ উদ্যোগত নুনমাটিৰ নিজৰাপাৰত শিল্পী দিৱস পালন ৷ শিল্পী দিৱসত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ,সাধাৰণ সম্পাদক জগদীশ ভূঞা প্ৰমুখ্যে অসম জাতীয় পৰিষদৰ বহু নেতা-কৰ্মী ৷ ভাষণ প্ৰসংগত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় যে, একাংশই মাঘ বিহুৰ নামত বৰপেটাত অপ-সংস্কৃতিৰ বীজ মুকলি কৰি দিছে ৷ হোজাইতো বিহুৰ নামত একেই পৰিস্থিতি ৷ দুষ্ট চক্ৰই যিমানেই বিভাজনৰ সৃষ্টি কৰিব চেষ্টা নকৰক কিয় আমি হিন্দু মুছলমানৰ বিভাজন নকৰো ৷ বাহিৰৰ সংস্কৃতি আনি জাপি দিলেও আমি গ্ৰহণ নকৰো বুলি স্পষ্ট মন্তব্য কৰে অসম জাতীয় পৰিষদৰ নেতৃত্বই ৷ আনহাতে অসমৰ মানুহে জাতীয় পৰিষদক আঁকোৱালি লৈছে কাৰণ সকলোৰে ভয় হৈছে বুলি মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে ৷ এতিয়া কেৱল বিভাজন আৰু সাম্প্ৰদায়িক ৰাজনীতিয়ে গ্ৰাস কৰিছে বুলি মন্তব্য কৰি আমাৰ চৰকাৰ আহিলে অসমৰ ৰাইজে মাটিৰ পট্টা পাবই বুলি মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে ৷

অসম জাতীয় পৰিষদৰ উদ্যোগত নুনমাটিৰ নিজৰাপাৰত শিল্পী দিৱস পালন

আনহাতে বৰ্তমান সময়ত আমাৰ জাতীয় জীৱনৰ সংকট হৈছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে লুৰিণজ্যোতিয়ে ৷ নিজৰাপাৰৰ ৰাইজে যদি অসম জাতীয় পৰিষদত যোগদান কৰে তেনেহলে অৰুণোদয়ৰ ধন নাপাব বুলি প্ৰচাৰ চলাইছিল শাসনত থকা দলে ৷ আমি বৰপেটালৈ গ’লে শাসকীয় দলৰ টোপনি নাইকিয়া হয় ৷ ৰাস্তা ঘাটৰ কথা কলে বদৰুদ্দিন আজমলৰ ফৰাচী ভাষাৰ পোষ্টাৰ দেখুৱাই, বুলি কেতবোৰ মন্তব্য কৰে বুলি মত প্ৰকাশ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷ লগতে আগন্তুক নিৰ্বাচনত ৰাইজৰ দলৰ সৈতে মিত্ৰটা হোৱাটো নিশ্চিত বুলি মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে ৷

লগতে পঢ়কঃ অৰ্ধনগ্ন নৃত্য পৰিবেশনৰ লগত জড়িত আছে বিজেপিৰ নেতা !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.