ETV Bharat / state

মালিগাঁৱত 321.41 কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'ব উৰণীয়া সেঁতু - আনন্দিত

মালিগাঁৱত নিৰ্মাণ কৰা হ'ব উৰণীয়া সেঁতু ৷ 321.41 কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'ব এই সেঁতু ৷ নিৰ্মাণ হ'বলগীয়া সেঁতুখনক লৈ খুবেই আশাবাদী ৰাইজ ৷

Shortly Assam Chief Minister inaugurated construction of new Flyover in Maligaon
মালিগাঁৱত 321.41 কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'ব উৰণীয়া সেঁতু
author img

By

Published : Sep 16, 2020, 8:00 PM IST

গুৱাহাটী, 16 ছেপ্তেম্বৰ : অচিৰেই মহানগৰীৰ মালিগাঁৱত নিৰ্মাণ কৰা হ'ব উৰণীয়া সেঁতু ৷ 321.41 কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হ'ব এই উৰণীয়া সেঁতু ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এই কথা ৷ বৰিপাৰাৰ পৰা কামাখ্যা গেটক সামৰি নিৰ্মাণ কৰা হ'ব এই সেঁতুখন ৷ লগতে নিৰ্মাণ কৰিবলগীয়া সেঁতুখনৰ এটা অংশ পাণ্ডু নতুন কামাখ্যা পথত সংযুক্ত কৰা হ'ব ৷ ইতিমধ্যে,অসম চৰকাৰৰ বিত্ত বিভাগে সেঁতু নিৰ্মাণৰ ধন মোকলাই দিয়া বুলি জানিব পৰা গৈছে ৷

মালিগাঁৱত 321.41 কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'ব উৰণীয়া সেঁতু

তথ্য অনুসৰি,অক্টোবৰৰ প্ৰথম ভাগত মালিগাঁও উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ইফালে,দলং নিৰ্মাণৰ ঘোষণাৰ পিচতে আনন্দিত হৈ পৰিছে মালিগাঁওবাসী। কিয়নো দীৰ্ঘদিন ধৰি যানযটৰ বাবে অঞ্চলটোৰ ৰাইজে জীয়াতু ভুগি আহিছিল ।

উল্লেখ্য যে,উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে অঞ্চলবাসী ৰাইজে বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছিল ৷ গতিকে নিৰ্মাণ কৰিবলগীয়া সেঁতুখনক লৈ খুবেই আশাবাদী ৰাইজ ৷

লগতে পঢ়ক : ক‘ভিড-19 পৰীক্ষণ কেন্দ্ৰত প্ৰধান শিক্ষকৰ মইমতালি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.