ETV Bharat / state

Shortage of required doctors: ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰয়োজনীয় চিকিৎসকৰ অভাৱ

author img

By

Published : Jul 7, 2023, 9:22 PM IST

গ্ৰাম্যাঞ্চলত নহয় এইবাৰ প্ৰয়োজনীয় চিকিৎসকৰ অভাৱ ঘটিছে চিকিৎসা মহাবিদ্যালয়সমূহত । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ স্বাস্থ্য খণ্ডৰ অভূতপূৰ্ব উন্নতি হোৱাৰ শ্ল'গান দিয়াৰ সময়তে এই পৰিস্থিতিয়ে উদঙাইছে উন্নয়নৰ প্ৰকৃত স্বৰূপ ।

Shortage of required doctors in medical colleges in Assam
ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰয়োজনীয় চিকিৎসকৰ অভাৱ

গুৱাহাটী,৭ জুলাই: ৰাজ্যৰ স্বাস্থ্যখণ্ডত আমোল পৰিৱৰ্তন অনাৰ কথা কোৱা চৰকাৰখনৰ দিনত কি পৰিৱৰ্তন হৈছে সেয়া প্ৰায়ে উদঙাই আহিছে চৰকাৰী খণ্ডৰ চিকিৎসালয়সমূহে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সততে ৰাজহুৱা সভাত অসমৰ স্বাস্থ্য খণ্ডৰ অভূতপূৰ্ব উন্নতি হোৱা বুলি দাবী কৰাৰ থকাৰ বিপৰীতে অসমৰ গ্ৰামাঞ্চলৰ চিকিৎসালয়ত দূৰৈৰ কথা খোদ চিকিৎসা মহাবিদ্যালয়ত প্ৰয়োজনীয় চিকিৎসকৰ অভাৱ ঘটা কাৰ্যই স্বাস্থ্যখণ্ডৰ উন্নয়ণৰ ফোঁপোলা স্বৰূপটো দাঙি ধৰিছে ।

মনকৰিবলীয়া যে জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত লোৱা অসম চৰকাৰে বৰ্তমানৰ ১২ খন চিকিৎসা মহাবিদ্যালয়তে পর্যাপ্ত অধ্যাপক-চিকিৎসক নিয়োগ কৰিবলৈ সক্ষম হোৱা নাই চৰকাৰ । জ্যেষ্ঠ অধ্যাপকৰ নাটনি পূৰাবলৈ অৱসৰৰ বয়স ৬৫ বছৰলৈ বৃদ্ধি কৰি কিছু সকাহৰ ব্যৱস্থা কৰিছে যদিও কনিষ্ঠ শিক্ষক-চিকিৎসকৰ (ছিনিয়ৰ ৰেছিডেণ্ট/ টিউটৰ/ ডেমনষ্ট্ৰেটৰ/ ৰেজিষ্টাৰ/ ৰেছিডেণ্ট ছাৰ্জন/ ৰেছিডেণ্ট ফিজিচিয়ান আদি) নাটনি আন এক প্রত্যাহ্বান হিচাপে দেখা দিছে ।

তথ্য অনুসৰি, চিকিৎসা মহাবিদ্যালয়সমূহত বিভিন্ন পৰ্যায়ৰ চিকিৎসক-অধ্যক্ষৰ প্ৰায় ১৫০ টা পদ খালী হৈ আছে । এনে পৰিস্থিতিত ৰাজ্য চৰকাৰে চিকিৎসা মহাবিদ্যালয়সমূহত চিকিৎসক অধ্যাপক নিযুক্তিৰ বয়সৰ উৰ্দ্ধসীমা ৪৫ বছৰলৈ বৃদ্ধি কৰিছে । সংৰক্ষিত শ্রেণী বা সাধাৰণ বৰ্গৰ, সকলো ধৰণৰ আবেদনকাৰীৰ ক্ষেত্ৰত বয়সৰ এই উর্দ্ধসীমা প্রযোজ্য হ'ব বুলি কৰ্মচাৰী বিভাগে এখন জাননী জাৰি কৰিছে ।

উল্লেখ্য যে বিভিন্ন কাৰণৰ লগতে পর্যাপ্ত অধ্যাপক-চিকিৎসকৰ অভাৱৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা আয়োগে অলপতে ৰাজ্যখনৰ তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিলৰ সকীয়নি দিছিল । চৰকাৰে এই ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা কৰা হ'ব বুলি প্রতিশ্রুতি দিয়াতহে স্বীকৃতিৰ নবীকৰণত অনুমোদন দিছে আয়োগে । উল্লেখযোগ্য শেহতীয়াকৈ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ তথ্য মতে ৰাজ্যৰ চৰকাৰী তথ্য মতে চৰকাৰী চিকিৎসালয়ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই আছে ।

কিন্তু তাৰ বিপৰীতে ৰাজ্যৰ ৩৩ খন জিলাৰ জিলা চিকিৎসালয়ত প্ৰয়োজনীয় চিকিৎসকৰ অভাৱ । চৰকাৰী তথ্য মতে ৰাজ্য ৩৩ খন জিলাৰ জিলা চিকিৎসালয়ত ২০০ অধিক চিকিৎসকৰ অভাৱ । গ্ৰামাঞ্চলত আকৌ চিকিৎসকৰ অভাৱ বেছি । ইপিনে ৰাজ্যৰ প্ৰতিখন জিলাত যক্ষ্মা ৰোগৰ চিকিৎসাৰ বাবে জিলা চিকিৎসালয় আছে যদিও এইসমূহত পৰীক্ষাগাৰৰ টেকনিকচিয়ানৰ অভাৱ । এনেদৰে চলি আছে অসমৰ চৰকাৰী চিকিৎসা ব্যৱস্থা ।

লগতে পঢ়ক: AAP Slams Assam CM : হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত বৃদ্ধি পাইছে মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধ; আপৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.