ETV Bharat / state

অধিক পানীপানৰ ফলতেই বিজেপিৰ সভাত সোমালগৈ শ্বেৰমান আলী - Sherman Ali enters BJP meeting to find toilet only to drink more water

বিজেপিৰ সভালৈ যোৱা নাছিল বিধায়ক শ্বেৰমান আলী ৷ প্ৰস্ৰাৱাগাৰলৈহে গৈছিল ৷ পুৱা প্ৰায় চাৰি লিটাৰ পানী খোৱাৰ বাবেই সঘনাই প্ৰস্ৰাৱ কৰিবলগীয়া হয় শ্বেৰমান আলিয়ে ৷ সেই সময়ত তাত বিজেপিৰ সভা হৈ থকাটো জ্ঞাত নাছিল শ্বেৰমান আলিৰ ৷ তাৰোপৰি শ্বেৰমান আলিৰ সৈতে বিজেপিৰ সৈতে তেওঁৰ নীতি-আদৰ্শ সম্পূৰ্ণ পৃথক । এনে বহু কথাৰে স্পষ্টিকৰণ দিলে শ্বেৰমান আলিয়ে (Sherman Ali reaction) ৷

Sherman Ali reaction
অধিক পানীপানৰ ফলতেই বিজেপিৰ সভাত সোমালগৈ শ্বেৰমান আলী
author img

By

Published : Feb 12, 2022, 10:45 PM IST

Updated : Feb 12, 2022, 10:56 PM IST

গুৱাহাটী, ১২ ফেব্ৰুৱাৰী: ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হোৱা স্থানলৈ কি উদ্দেশ্যৰে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী গৈছিল তাক লৈ ব্যাপক চৰ্চা চলি থকা সময়তে সামাজিক মাধ্যমত স্পষ্টীকৰণ দিলে বিধায়কগৰাকীয়ে । সামাজিক মাধ্যম যোগে দিয়া স্পষ্টিকৰণত তেওঁ কয় যে, মাছখোৱা সাংস্কৃতিক প্ৰকল্পত 'টয়লেট' ব্যৱহাৰ কৰাৰ বাবে তেওঁ যাবলৈ বিচাৰিছিল । গাড়ী ৰখাই যোৱাৰ সময়তে বিজেপিৰ সভা চলি থকাটো তেওঁৰ দৃষ্টিগোচৰ হোৱাত তালৈ নগৈ সন্মূখত থকা পৰিশোধ্য টয়লেটলৈ গৈছিল বুলি তেওঁ কয় (Sherman Ali enters BJP meeting to find toilet only to drink more water)।

বিষয়টোক লৈ সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত হুলস্থল হোৱা বুলি সদৰি কৰি তেওঁ কয় যে, বিজেপিৰ সম্প্ৰদায়িক নীতি-আদৰ্শ আৰু তেওঁৰ নীতি-আদৰ্শ সম্পূৰ্ণ পৃথক । দেশখন ধ্বংস কৰিবলৈ শাসনৰ গাদীত বহা বিজেপিৰ দৰে ৰাজনৈতিক দলত যোগদান কৰাটো তেওঁৰ বাবে কল্পনাৰ অগোচৰ বুলি তেওঁ উল্লেখ কৰে । তেওঁ লগতে কয় যে, এজেণ্ট হোৱা হ'লে দিনৰ পোহৰত ৰাজহুৱাকৈ নগৈ নিশাৰ এন্ধাৰত গ'লহেঁতেন ।

অধিক পানীপানৰ ফলতেই বিজেপিৰ সভাত সোমালগৈ শ্বেৰমান আলী

'টয়লেট'ৰ প্ৰসংগত তেওঁ কয় যে, তেওঁ পুৱা প্ৰায় চাৰি লিটাৰ পানী খায় বাবে দিনৰ ১-২ বজালৈ সঘনাই প্ৰস্ৰাৱ কৰিবলগীয়া হয় । তেওঁ কয়-‘‘আজিও প্ৰস্ৰাৱ কৰাৰ বাবেই গাড়ীখন ৰখাই মাছখোৱাৰ সাংস্কৃতিক প্ৰকল্পৰ দিশে গৈছিলো যদিও বিজেপিৰ কাৰ্যনিৰ্বাহক সভা চলি থকা বুলি জানিব পাৰি উভতি সন্মূখৰ টয়লেটলৈ যাওঁ ৷’’ এই বিষয়টোকলৈ আচৰিত ধৰণে ভুল বাৰ্তা দি থকা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে, বিজেপিত যোগদান কৰাটো তেওঁৰ বাবে অসম্ভৱ । লগতে তেওঁ কয় যে, ‘‘সূৰ্যক কেতিয়াও ডাৱৰে ঢাকি ৰাখিব নোৱাৰে । সেইদৰে সত্যকো মিছা কথাৰে ঢাকি ৰাখিব নোৱাৰি ।’’

উল্লেখ্য যে, শনিবাৰে গুৱাহাটীৰ মাছখোৱাস্থিত আই টি এ চেন্টাৰত অনুষ্ঠিত হৈছিল বিজেপি দলৰ গুৰুত্বপূৰ্ণ সভা । সভাত দলীয় নেতা কৰ্মীৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছিল । এই সভা চলি থকাৰ মাজতে সভাস্থলীৰ বাহিৰত হঠাৎ দেখা পোৱা গ’ল বাঘবৰৰ বিধায়ক শ্বেৰমান আলীক । ইয়াৰ পিছতে শ্বেৰমান আলীক বিজেপিৰ সভাত তেওঁ কি কৰি আছে বুলি সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ যথেষ্ট নাৰ্ভাচ হৈ টয়লেটলৈহে অহা বুলি কয় । এই সমগ্ৰ বিষয়টোৱে ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰাৰ পাছতে বিতৰ্কিত বিধায়ক গৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

লগতে পঢ়ক: মুছলমান বিশ্ববিদ্যালয়ৰ প্ৰয়োজন নাই উত্তৰাখণ্ডক : হিমন্ত বিশ্ব শৰ্মা

Last Updated : Feb 12, 2022, 10:56 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.