ETV Bharat / state

ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কাৰাবন্দী কৰা হ'ল শ্বাৰ্জিল ইমামক

অসম আৰক্ষীৰ চাৰিদিনীয়া ম্যাদ শেষ হোৱাত কটকটীয়া নিৰাপত্তাৰ মাজেৰে শুকুৰবাৰে আদালতত হাজিৰ কৰোৱা হয় শ্বাৰ্জিল ইমামক ৷ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত শ্বাৰ্জিল ইমামক কাৰাগাৰলৈ প্ৰেৰণ কৰে আদালতে ৷ ৰায়দান প্ৰদান কৰাৰ পিচতে আদালতৰ চৌহদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ABVPৰ সদস্যই ৷

শ্বাৰ্জিল ইমাম
শ্বাৰ্জিল ইমাম
author img

By

Published : Feb 28, 2020, 8:02 PM IST

গুৱাহাটী, 28 ফেব্ৰুৱাৰীঃ পুনৰ কামৰূপ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় শ্বাৰ্জিল ইমামক ৷ অসম আৰক্ষীৰ চাৰিদিনীয়া ম্যাদ শেষ হোৱাত কটকটীয়া নিৰাপত্তাৰ মাজেৰে শুকুৰবাৰে হাজিৰ কৰা হয় আদালতত ৷ উল্লেখ্য যে,CAA বিৰোধী আন্দোলনত দেশদ্ৰোহী মন্তব্য কৰাৰ অভিযোগত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শ্বাৰ্জিল ইমামক ৷ তাৰ পিচতে অসম চৰকাৰে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি যোৱা 20 ফেব্ৰুৱাৰীত তেওঁক অসমলৈ আনে ৷ প্ৰথম চাৰি দিনৰ বাবে আদালতে আৰক্ষী জিম্মাত ৰাখিবলৈ দিছিল যদিও পৰৱৰ্তী সময়ত অসম আৰক্ষীয়ে অতিৰিক্ত চাৰি দিনলৈ বৃদ্ধি কৰিছিল সেই ম্যাদ ৷ সৰ্বমুঠ আঠ দিনৰ আৰক্ষীৰ জিম্মাৰ পিচত আদালতত হাজিৰ কৰা হয় শ্বাৰ্জিল ইমামক ৷

ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কাৰাবন্দী কৰা হ'ল শ্বাৰ্জিল ইমামক

আদালতৰ ৰায় অনুসৰি ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত শ্বাৰ্জিল ইমামক প্ৰেৰণ কৰে কাৰাগাৰলৈ ৷ কামৰূপ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতে ৰায়দান প্ৰদান কৰাৰ পিচতে আদালতৰ চৌহদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ABVP ৰ কেইবাগৰাকীও সদস্যই ৷

লগতে পঢ়কঃ ছাৰ্জীল ইমামৰ ফাঁচীৰ দাবী হিন্দু জাগৰণ মঞ্চৰ বৰপেটা জিলা সমিতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.