ETV Bharat / state

বিশিষ্ট সাংবাদিক জ্যোতিপ্ৰসাদ শইকীয়া আৰু নাই

বিশিষ্ট সাংবাদিক তথা অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া জ্যোতি প্ৰসাদ শইকীয়াৰ দেহাৱসান ৷ বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰা বিশিষ্ট সাংবাদিকগৰাকী আছিল অবিভক্ত নগাঁও জিলাৰ উপায়ুক্তৰ লগতে দৈনিক অসম কাকত খনৰো প্ৰাক্তন সম্পাদক ৷

author img

By

Published : Dec 10, 2020, 10:55 PM IST

senior journalist jyoti prasad saikia  is no more
বিশিষ্ট সাংবাদিক জ্যোতিপ্ৰসাদ শইকীয়াৰ আৰু নাই

গুৱাহাটী,10 ডিচেম্বৰ : বিশিষ্ট সাংবাদিক তথা অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া জ্যোতি প্ৰসাদ শইকীয়া আৰু নাই ৷ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাংবাদিকগৰাকীয়ে ৷ প্ৰয়াত সাংবাদিক গৰাকী অবিভক্ত নগাঁও জিলাৰ উপায়ুক্তৰ লগতে দৈনিক অসম কাকত খনৰো প্ৰাক্তন সম্পাদক আছিল ৷ ইয়াৰ উপৰিও শইকীয়া আছিল এগৰাকী উদাৰ, প্ৰগতিশীল চিন্তাৰ লেখক ৷ জ্যোতি প্ৰসাদ শইকীয়াৰ মৃত্যু অসমৰ বাবে এক অপূৰণীয় ক্ষতি ৷

বাংলাদেশৰ মুক্তিযুঁজৰ প্ৰত্যক্ষদৰ্শী সাংবাদিক আছিল জ্যোতি প্ৰসাদ শইকীয়া ৷ ইয়াৰ উপৰিও তেওঁ 'সাতভনী’, ’ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ’ আদি জনপ্ৰিয় টেগলাইনৰ স্ৰষ্টাৰ লগতে এগৰাকী দক্ষ বিষয়া, সুলেখক, মাহেকীয়া কাব্যালোচনী ’কবিতা’ৰ সম্পাদক, অনুবাদক আৰু এজন সুন্দৰ মনৰ মেধাৱী মানুহ আছিল । বাংলাদেশৰ মুক্তি সংগ্ৰামত আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে ২০১৩ চনত বাংলাদেশ চৰকাৰে তেখেতলৈ মুক্তিযুদ্ধ মৈত্ৰী সন্মানো প্ৰদান কৰিছিল ৷

লগতে পঢ়ক: তেজপুৰত বিজেপিৰ শ্বহীদ দিৱস উদযাপন : দলীয় কৰ্মীয়ে নাজানে সভাৰ উদ্দেশ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.