ETV Bharat / state

বিপদসংকুল মথাউৰি মেৰামতিৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ - মেৰামতি

বৈঠকত জলসম্পদ বিভাগৰ ফালৰ পৰা দাঙি ধৰা তথ্য অনুসৰি যোৱাটো বানত ৰাজ্যত সৰ্বমুঠ ২৯ টা মথাউৰি ভাগিছিল আৰু ইয়াৰে ২৮ টাৰে মেৰামতিৰ কাম সম্পূৰ্ণ হৈছে । বিভাগীয় বিষয়াসকলে মুখ্যমন্ত্ৰীক এই বুলিও অৱগত কৰে যে গুৱাহাটীৰ কৃত্ৰিম বানৰ সময়ত পানী নিষ্কাষণৰ বাবে ৩৮ টা উচ্চ ক্ষমতাসম্পন্ন পাম্প মজুত ৰখা হৈছে ।

বিপদসংকুল মথাউৰি শীঘ্ৰে মেৰামতিৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
author img

By

Published : May 11, 2019, 2:26 PM IST

Updated : May 11, 2019, 2:39 PM IST

গুৱাহাটী, 11 মে' : ৰাজ্যৰ আগন্তুক বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ জলসম্পদকে ধৰি সংশ্লিষ্ট সকলো বিভাগকে সষ্টম হৈ থাকিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। জনতা ভৱনত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত ভাগ লৈ মুখ্যমন্ত্ৰীয়ে SDRF আৰু NDRFকো সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়ে। লগতে স্থানীয় যুৱকসকলক উদ্ধাৰ কাৰ্যৰ বাবে প্ৰশিক্ষণ দিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। একেদৰে বিপদসংকুল অৱস্থাত থকা মথাউৰিসমূহ শীঘ্ৰে মেৰামতি কৰাৰ লগতে বিভাগীয় উচ্চস্তৰীয় বিষয়াসকলক তিনিটা ভাগত ভাগ হৈ উজনি, নামনি আৰু বৰাক উপত্যকাৰ মথাউৰিসমূহৰ বুজ ল'বলৈ তাৎক্ষণিকভাৱে ৰাওনা হোৱাৰ বাবে নিৰ্দেশ দিছে সোণোৱালে।

বৈঠকত জলসম্পদ বিভাগৰ ফালৰ পৰা দাঙি ধৰা তথ্য অনুসৰি যোৱাটো বানত ৰাজ্যত সৰ্বমুঠ ২৯ টা মথাউৰি ভাগিছিল আৰু ইয়াৰে ২৮ টাৰে মেৰামতিৰ কাম সম্পূৰ্ণ হৈছে । বিভাগীয় বিষয়াসকলে মুখ্যমন্ত্ৰীক এই বুলিও অৱগত কৰে যে গুৱাহাটীৰ কৃত্ৰিম বানৰ সময়ত পানী নিষ্কাষণৰ বাবে ৩৮ টা উচ্চ ক্ষমতাসম্পন্ন পাম্প মজুত ৰখা হৈছে । পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰীয়ে সকলো সংমণ্ডল আৰু উপ-সংমণ্ডলত আগতীয়াকৈ একোটাকৈ কন্ট্ৰ'লৰূম আৰু ক্ষয় -ক্ষতিৰ কোষ মুকলি কৰিবলৈও নিৰ্দেশ দিয়ে। আনহাতে বান হ'ব পৰা অঞ্চলসমূহত বিদ্যুৎ পৰিবাহী তাঁৰসমূহ পৰীক্ষা কৰিবলৈও নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

গুৱাহাটীঃ   ৰাজ্যৰ আগন্তুক বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ জলসম্পদকে ধৰি সংশ্লিষ্ট সকলো বিভাগকে সষ্টম হৈ থাকিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। জনতা ভৱনত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত ভাগ লৈ মুখ্যমন্ত্ৰীয়ে SDRF আৰু NDRF কো সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়ে। স্থানীয় যুৱকসকলক উদ্ধাৰ কাৰ্যৰ বাবে প্ৰশিক্ষন দিবলৈও নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। একেদৰে বিপদসংকুল হৈ থকা মথাউৰি সমূহ শীঘ্ৰে মেৰামতি কৰাৰ লগতে বিভাগীয় উচ্চস্তৰীয় বিষয়া সকলক তিনিটা ভাগত ভাগ হৈ উজনি, নামনি আৰু বৰাক উপত্যকাৰ মথাউৰিসমূহৰ বুজ লবলৈ তাৎক্ষনিকভাবে ৰাওনা হবলৈ নিৰ্দেশ দিয়ে সোণোৱালে। বৈঠকত জলসম্পদ বিভাগৰ ফালৰ পৰা তথ্য দাঙি ধৰা হয় যে যোৱাটো বানত ৰাজ্যত সৰ্বমুঠ ২৯ টা মথাউৰি ভাগিছিল আৰু ইয়াৰে ২৮ টাৰে মেৰামতিৰ কাম সম্পূৰ্ণ হৈছে । বিভাগীয় বিষয়াসকলে মুখ্যমন্ত্ৰীক এই বুলিও অৱগত কৰে যে গুৱাহাটীৰ কৃত্ৰিম বানৰ সময়ত পানী নিষ্কাষণৰ বাবে ৩৮ টা উচ্চ ক্ষমতাসম্পন্ন পাম্প মজুত ৰখা হৈছে । পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰীয়ে সকলো সংমণ্ডল আৰু উপ সংমণ্ডলত আগতীয়াকৈ একোটাকৈ কন্ট্ৰোল ৰূম আৰু ক্ষয় ক্ষতিৰ কোষ মুকলি কৰিবলৈও নিৰ্দেশ দিয়ে। তেনেদৰে বান হব পৰা অঞ্চল সমূহত বিদ্যুৎ পৰিবাহী তাঁৰ সমূহ পৰীক্ষা কৰিবলৈও নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।

গৌতম বৰুৱা
গুৱাহাটী
Last Updated : May 11, 2019, 2:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.