ETV Bharat / state

Supreme Court: 17 অক্টোবৰৰ পৰা আৰম্ভ হ’ব নাগৰিকত্ব আইনৰ ধাৰা 6Aক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ শুনানি - Section 6A of Citizenship Act

17 অক্টোবৰৰ পৰা আৰম্ভ হ’ব নাগৰিকত্ব আইন, 1955ৰ ধাৰা 6Aৰ সাংবিধানিকতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ শুনানি ৷ কেন্দ্ৰ আৰু অসম চৰকাৰে ধাৰা 6A বৈধ বুলি দাবী কৰি আদালতক আবেদনসমূহ খাৰিজ কৰিবলৈ আহ্বান জনাই আহিছে ।

Citizenship Act 1955
Citizenship Act 1955
author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 4:31 PM IST

নেশ্যনেল ডেস্ক, 20 ছেপ্টেম্বৰ: নাগৰিকত্ব আইন, 1955ৰ ধাৰা 6Aৰ সাংবিধানিকতাক প্ৰত্যাহ্বান জনাই এটা গোটে দাখিল কৰা আবেদনৰ শুনানি 17 অক্টোবৰৰ পৰা আৰম্ভ হ’ব ৷ উচ্চতম ন্যায়ালয়ে বুধবাৰে এই কথা সদৰী কৰিছে ৷

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া সংবিধান বিচাৰপীঠে উল্লেখ কৰে যে 2023 চনৰ 10 জানুৱাৰীত বিষয়টোত ইতিমধ্যে প্ৰক্ৰিয়াগত নিৰ্দেশনা জাৰি কৰা হৈছে । বিচাৰপীঠে উল্লেখ কৰে যে বিষয়টোত নিযুক্ত দুজন নোডেল পৰামৰ্শদাতাই এক উমৈহতীয়া প্ৰতিবেদন প্ৰস্তুত কৰিছে আৰু ইয়াক 2023 চনৰ 22 আগষ্টত জাৰী কৰা এক বিজ্ঞপ্তিৰ সৈতে সামঞ্জস্যপূৰ্ণ কৰাৰ প্ৰয়োজন ৷ শীৰ্ষ আদালতে বিষয়টো 17 অক্টোবৰৰ পৰা শুনানিৰ বাবে দিন নিৰ্ধাৰণ কৰিছে ৷

কেন্দ্ৰ আৰু অসম চৰকাৰে ধাৰা 6A বৈধ বুলি দাবী কৰি আদালতক আবেদনসমূহ খাৰিজ কৰিবলৈ আহ্বান জনাইছে । ধাৰা 6A-ৰ অধীনত, 1 জানুৱাৰী, 1966-ৰ পূৰ্বে অসমত প্ৰৱেশ কৰা আৰু সাধাৰণতে বাসিন্দা হোৱা বিদেশীসকলৰ ভাৰতৰ নাগৰিকৰ সকলো অধিকাৰ আৰু দায়বদ্ধতা থাকিব ৷

যিসকলে 1966 চনৰ 1 জানুৱাৰীৰ পৰা 1971 চনৰ 25 মাৰ্চৰ ভিতৰত ৰাজ্যখনত প্ৰৱেশ কৰিছিল, তেওঁলোকৰ ওচৰতো সম-অধিকাৰ আৰু দায়বদ্ধতা থাকিব ৷ কেৱল তেওঁলোকে মাত্ৰ 10 বছৰৰ বাবে ভোটদান কৰিব নোৱাৰিব ৷

1985 চনৰ 15 আগষ্টত ৰাজীৱ গান্ধী চৰকাৰে অসম আন্দোলনৰ নেতাসকলৰ সৈতে স্বাক্ষৰিত ‘অসম চুক্তি’ৰ মীমাংসাৰ ক্ষেত্ৰত 1955 চনৰ আইনখনত অন্তৰ্ভুক্ত কৰা এক বিশেষ ব্যৱস্থা হৈছে ধাৰা 6A ৷ দাবী কৰা হৈছে যে এই ধাৰা অসমৰ সংস্কৃতি, ঐতিহ্য, ভাষিক আৰু সামাজিক পৰিচয় সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে অন্তৰ্ভুক্ত কৰা হৈছিল ।

2015 চনত শীৰ্ষ ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে গোচৰটো সংবিধান বিচাৰপীঠলৈ প্ৰেৰণ কৰিছিল । শীৰ্ষ ন্যায়ালয়ে 2014 চনৰ ডিচেম্বৰত ধাৰা 6Aৰ সাংবিধানিকতাৰ বিৰুদ্ধে উত্থাপিত বিভিন্ন বিষয় সামৰি 13 টা প্ৰশ্ন প্ৰস্তুত কৰিছিল ৷

লগতে পঢ়ত: 2024 Lok Sabha polls: অহা লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ভোটদান কৰিব ৯৯৭ গৰাকী যৌনকৰ্মীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.