ETV Bharat / state

Cargo Vessel Service to Ghy: আহি আছে এম ভি লাল বাহাদুৰ শাস্ত্ৰী

মালবাহী জাহাজ এম ভি লাল বাহাদুৰ শাস্ত্ৰীয়ে পাটনাৰ পৰা কঢ়িয়াই আনিছে ২০০ মেট্ৰিক টন খাদ্যশস্য ৷ প্ৰায় ২৫-৩০ দিনৰ যাত্ৰাৰ অন্তত মার্চ মাহৰ প্ৰথমভাগত জাহাজখনে গুৱাহাটীৰ পাণ্ডু বন্দৰত প্ৰৱেশ কৰিব (Cargo vessel leaves from Patna to Pandu)।

Cargo Vessel Service to Ghy
পাণ্ডুলৈ আহি আছে এম ভি লাল বাহাদুৰ শাস্ত্ৰী
author img

By

Published : Feb 5, 2022, 9:42 PM IST

গুৱাহাটী, 5 ফেব্ৰুৱাৰী: কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে পাটনাৰ পৰা গুৱাহাটীলৈ আহিবলগীয়া এখন অভ্যন্তৰীণ জলপথ জাহাজ এম ভি লাল বাহাদুৰ শাস্ত্ৰীৰ ফ্লেগ অফ কৰে (Cargo vessel MV Lal Bahadur Shastri) । জাহাজখনে পাটনাৰ পৰা যাত্ৰা আৰম্ভ কৰিছে আৰু ২০০ মেট্ৰিক টন খাদ্যশস্য কঢ়িয়াই অসমলৈ ৰাওনা হৈছে (Cargo vessel leaves from Patna to Pandu)। গংগা নদীৰ পৰা ইণ্ডো-বাংলাদেশ প্ৰট'কল জলপথ হৈ ব্ৰহ্মপুত্ৰ নদীয়েদি এই পৰিবহণে ২,৩৫০ কিলোমিটাৰ জলপথৰ যাত্ৰা সামৰি ল'ব ।

প্ৰায় ২৫-৩০ দিনৰ যাত্ৰাৰ অন্তত মার্চ মাহৰ প্ৰথমভাগত জাহাজখনে পাণ্ডু বন্দৰত প্ৰৱেশ কৰিব । তদুপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিহাৰৰ চাৰণত ৰাষ্ট্ৰীয় জলপথ-১ (গংগা নদী)ত নির্মাণ হ'বলগীয়া কালুঘাট ইন্টাম'ডেল টাৰ্মিনেলৰো আধাৰশিলা স্থাপন কৰে ।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় জলপথ (এনডব্লিউ)-১ (গংগা নদী)ৰ পৰা যাত্ৰা আৰম্ভ কৰা জাহাজখনে ভাগলপুৰ, মণিহাৰী, চাহিবগঞ্জ, ফাৰাক্কা, ত্ৰিবেণী, কলকাতা, হলদিয়া, হেমনগৰ, খুলনা, নাৰায়ণগঞ্জ, চিৰাজগঞ্জ, চিলমাৰী হৈ ব্ৰহ্মপুত্ৰয়েদি ধুবুৰী আৰু যোগীঘোপাৰ মাজেৰে চলাচল কৰি পাণ্ডুত প্ৰৱেশ কৰিব । জলপথসমূহৰ সুচলতাই অঞ্চলটোৰ প্ৰগতিৰ পথত কেৱল ভৌগোলিক বাধা আঁতৰ কৰাই নহয়, অসম তথা উত্তৰ-পূবৰ ব্যৱসায় ত্বৰান্বিত কৰাৰ উপৰিও স্থানীয় জনসাধাৰণৰ বাবে দ্ৰুত অর্থনৈতিক প্ৰগতি আৰু সুবিধাজনক পৰিবহণ নিশ্চিত কৰিব ।

পাণ্ডুলৈ আহি আছে এম ভি লাল বাহাদুৰ শাস্ত্ৰী

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, "এক্ট ইষ্ট" নীতি অনুসৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰণালয়ে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ (আইডব্লিউএআই) জৰিয়তে ৰাষ্ট্ৰীয় জলপথ-১, ভাৰত-বাংলাদেশ প্ৰট'কল পথ আৰু ৰাষ্ট্ৰীয় জলপথ-২ত কেইবাটাও আন্তঃগাঁথনিমূলক প্ৰকল্প হাতত লৈছে । এই পদক্ষেপসমূহে জলপথৰ জৰিয়তে উত্তৰ-পূবঅঞ্চলৰ সৈতে ভাৰতৰ অন্য প্ৰান্তৰ উপৰিও ওচৰ-চুবুৰীয়া দেশসমূহৰ লগত যোগাযোগ ব্যৱস্থা অধিক উন্নত কৰিব ।

কেন্দ্ৰীয় চৰকাৰে ২০০০ টনলৈকে জাহাজৰ সুৰক্ষিত আৰু বহনক্ষম চলাচলৰ লক্ষ্য আগত ৰাখি ৰাষ্ট্ৰীয় জলপথ-১ (গংগা নদী)ৰ ক্ষমতা বৃদ্ধিৰ বাবে প্ৰায় ৪৬০০ কোটি টকা বিনিয়োগেৰে অভিলাষী "জল মার্গ বিকাশ প্ৰকল্প" (জেএমভিপি) হাতত লৈছ । তেওঁ কয়, "এয়া সমগ্ৰ উত্তৰ-পূবৰ বাবে এক ঐতিহাসিক মুহূর্ত যিহেতু আমি ব্ৰহ্মপুত্ৰৰ জৰিয়তে নিৰৱচ্ছিন্ন কার্গা পৰিবহণৰ সুবিধা লাভ কৰিবলৈ আৰম্ভ কৰিছোঁ । এয়া কেৱল পাটনাৰ পৰা পাণ্ডুলৈ যাত্ৰা অথবা গংগা-ব্ৰহ্মপুত্ৰৰ সংযোগীকৰণেই নহয়, ই জলপথৰ জৰিয়তে এক বহল পৃথিৱীলৈ যোৱাৰ আমাৰ সবল প্ৰচেষ্টা । কেন্দ্ৰীয় চৰকাৰে গংগা নদীৰ আশে-পাশে অর্থনৈতিক কার্যকলাপৰ ওপৰত যথেষ্ট গুৰুত্ব দি স্থানীয় লোকসকলৰ সহযোগত জল মার্গ বিকাশ প্ৰকল্প (জেএমভিপি)ৰ পুনৰ নিৰ্মাণৰ বাবে "প্ৰকল্প অর্থ গংগা"ৰ দৰে কাৰ্যসূচী হাতত লৈছে । ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱৰ দিশটো বিবেচনা কৰি পাটনাৰ পৰা গুৱাহাটীলৈ কাৰ্গ চলাচলৰ প্ৰক্ৰিয়াৰ আৰম্ভণি হোৱাটো মোদীজীৰ বহল দৃষ্টিভংগীৰ সৈতে সামঞ্জস্যপূর্ণ ।

কেন্দ্ৰীয় চৰকাৰে গংগা নদীৰ পৰা ভাৰত-বাংলাদেশ প্ৰট'কল পথ হৈ ব্ৰহ্মপুত্ৰ নদীয়েদি- এই জলপথছোৱাৰে সুচল কার্গ' পৰিবহণত গুৰুত্ব আৰোপ কৰিছে, যাতে অসম তথা উত্তৰ-পূবত থলুৱাভাৱে উৎপাদিত সা-সামগ্ৰীয়ে দেশ-বিদেশৰ বিভিন্ন বজাৰ দখল কৰিবলৈ সক্ষম হয় । আত্মনিৰ্ভৰ ভাৰতৰ দিশত নিশ্চিতভাৱে এয়া এক সবল খোজ ।"

অনুষ্ঠানটোত কেন্দ্ৰীয় মন্ত্ৰী পীযূষ গোৱেল (ভাৰ্চুৱেলী), বাংলাদেশ চৰকাৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী খালিদ মাহমুদ চৌধুৰী, ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অশ্বিনী কুমাৰচৌবে; কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তাৰ্কিশোৰ প্ৰসাদ আৰু ৰেণু দেৱী, বিহাৰৰ স্বাস্থ্যমন্ত্ৰী প্ৰমুখ্যে অন্যান্য জনপ্ৰতিনিধিসকল, গণ্যমান্য ব্যক্তি আৰু ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ।

উল্লেখ্য যে, ভাৰত আৰু বাংলাদেশৰ মাজত অভ্যন্তৰীণ জল পৰিবহণ আৰু বাণিজ্যৰ প্ৰট'কলৰ জৰিয়তে দুয়োখন দেশৰ মাজত সামগ্ৰী চলাচলৰ বাবে পাৰস্পৰিক জলপথ ব্যৱহাৰৰ ব্যৱস্থা আছে । ৰাষ্ট্ৰীয় জলপথ-১ (গংগা নদী)ক ৰাষ্ট্ৰীয় জলপথ-2 (ব্ৰহ্মপুত্ৰ নদী) আৰু ৰাষ্ট্ৰীয় জলপথ-১৬ (বৰাক নদী)ৰ সৈতে ইণ্ডো-বাংলাদেশ প্ৰট'কল পথৰ জৰিয়তে সংযুক্ত কৰা হৈছে । এই জলপথসমূহেৰে উপযুক্ত চলাচল আৰু আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ইণ্ডো-বাংলাদেশ প্ৰট'কল পথৰ দুটা অংশ, অর্থাৎ চিৰাজগঞ্জ-দৈখোৱা আৰু আশুগঞ্জ-জাকিগঞ্জক ৮০:২০ (ভাৰত:বাংলাদেশ) অনুপাতৰ আধাৰত ৩০৫.৮৪ কোটি টকাৰ ব্যয়সাপেক্ষে উন্নীত কৰি থকাহৈছে । তদুপৰি সাত বছৰৰ বাবে (২০১৯-২০২৬ চনলৈ) জলপথছোৱাত প্ৰয়োজনীয় গভীৰতা নিশ্চিত কৰাৰ বাবে ড্ৰজিঙৰ বাবেও চুক্তি চলি আছে । ইপিনে গুৱাহাটীৰ পাণ্ডু ঘাটত অনুষ্ঠানটোৰ পোনপটীয়া ভাৰ্চুৱেল কাৰ্যসূচীৰ আয়োজন কৰা হয় । অনুষ্ঠানত আই ডব্লিউ আই এ ৰ সঞ্চালক এ চিলভা কুমাৰ উপস্থিত আছিল ।

লগতে পঢ়ক: Assam Budget 2022-23 : ১৪ মাৰ্চৰ পৰা বিধানসভাৰ বাজেট অধিবেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.