গুৱাহাটী, ৯ অক্টোবৰ: কেন্দ্ৰীয় আয়ুষ তথা কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে মেঘালয়ৰ ৰিভয় জিলাৰ বৰাপানীৰ সমীপত উত্তৰ-পূৰ্বাঞ্চলীয় আয়ুৰ্বেদ আৰু হোমিঅ'পেথী প্ৰতিষ্ঠানৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে । ২০১৬ চনত স্থাপিত এই প্ৰতিষ্ঠানখনৰ অধীনস্থ ২ খন আয়ুৰ্বেদিক তথা হোমিঅ'পেথী মহাবিদ্যালয়ত উচ্চশিক্ষাৰ ব্যৱস্থা থকাৰ লগতে দুখন চিকিৎসালয়ে জনসাধাৰণৰ প্ৰতি সেৱা আগবঢ়াই আহিছে ।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনুষ্ঠানত অংশ গ্ৰহণ কৰি কয়-' উত্তৰ-পূৰ্বাঞ্চলে দেশৰ অর্থনৈতিক বিকাশৰ নিৰন্তৰ যাত্ৰাত এক গুৰুত্বপূর্ণ সম্ভাৱনা বহন কৰিছে। আয়ুষ খণ্ডতো যথেষ্ট চহকী এই উত্তৰ-পূব ক্ষেত্ৰত মজুত আছে দেশৰ হিতৰ বাবে ব্যৱহাৰ হ'ব পৰা বিভিন্ন সুযোগ-সম্ভাৱনা । পৰম্পৰাগত চিকিৎসা পদ্ধতি আৰু সমৃদ্ধ ঔষধি উদ্ভিদৰ বৈচিত্র্য অঞ্চলটোত আয়ুষ আধাৰিত উদ্যোগ সমূহৰ বিকাশৰ বাবে অনুঘটক হিচাপে কাম কৰাৰ যথেষ্ট থল আছে ।
লগতে পঢ়ক: ৰাজকন্যা বৰুৱা কাণ্ডই জোকাৰি গৈছে ৰাজ্য:নাম সাঙোৰ খাইছে ৰৌ-বৰালিৰ
'তেওঁ লগতে কয়-' প্ৰকৃতি আৰু আয়ুষৰ সম্পর্ক ওতঃপ্ৰোত। প্ৰকৃতিৰ মাজত আয়ুষ চিকিৎসা প্ৰণালীৰ বিভিন্ন সম্ভাৱনা মজুত হৈ আছে । সেয়েহে ঔষধি বৈচিত্র্যতাৰে সমৃদ্ধ উত্তৰ-পূৰ্বাঞ্চলৰ আয়ুষ খণ্ডক ত্বৰান্বিত কৰাত আয়ুষ মন্ত্ৰণালয়ে বিশেষ গুৰুত্ব আৰোপ কৰিছে।'সহস্ৰ বছৰজোৰা পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি সোণোৱালে প্ৰতিষ্ঠানখনত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষার্থীসকলক আধুনিক ধ্যান-ধাৰণাৰে আয়ুষ সম্পর্কীয় গৱেষণা, অধ্যয়ন আৰু সুযোগ-সম্ভাৱনাৰ অন্বেষণ কৰিবলৈ আহ্বান জনায় ।
প্ৰতিষ্ঠানৰখনত শীঘ্ৰে স্নাতকোত্তৰ মহলা আৰম্ভ কৰাৰ লগতে অত্যাধুনিক আন্তঃগাঁথনি গঢ় দিয়া হ'ব বুলি সোণোৱালে ভাষণ প্ৰসংগত উল্লেখ কৰে। লগতে আয়ুৰ্বেদৰ ইণ্টাৰনীৰ সমানেই হোমিঅ'পেথী ইণ্টাৰনীসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব বুলিও তেখেতে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে। প্ৰতিষ্ঠানখনৰ সৰ্বাংগীণ উন্নয়নৰ বাবে আয়ুষ মন্ত্ৰণালয়ৰ তৰফৰ পৰা যাৱতীয় সকলো সহযোগিতা আগবঢ়োৱা হ'ব বুলি তেখেতে আশ্বাস দিয়ে ।
লগতে পঢ়ক: ৰাজকন্যাৰ গাড়ীৰ খুন্দাত আহত শ্ৰমিকক উপযুক্ত ক্ষতিপূৰণৰ দিয়াৰ দাবী
অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি সোণোৱালে প্ৰতিষ্ঠানখনৰ শিক্ষার্থীসকলৰ বাবে সৰ্বশ্ৰেষ্ঠ মানদণ্ডৰ শিক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আয়ুৰ্বেদ নাৰ্চিং আৰু ফার্মাচীৰ সৰ্বশ্ৰেষ্ঠ শিক্ষাৰ লগতে পঞ্চকর্মা থেৰাপীত পেছাদাৰী হ্ৰস্বম্যাদী পাঠ্যক্ৰম যাতে উত্তৰ-পূব আৰু দেশৰ আন প্ৰান্তৰ শিক্ষার্থীসকলে লাভ কৰিব পাৰে, তাৰ ওপৰতো তেখেতে গুৰুত্ব আৰোপ কৰে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূবক ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন হিচাপে গঢ়ি তুলিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে ।
এই ক্ষেত্ৰত তেওঁ প্ৰকৃতিয়ে প্ৰদান কৰা সমৃদ্ধিশালী ঔষধি উদ্ভিদৰ ওপৰত এক সম্যক আলোকপাত কৰে । তদুপৰি, প্ৰতিষ্ঠানখনৰ শিক্ষার্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতেও তেখেতে মত বিনিময় কৰে আৰু আয়ুষ খণ্ডত পেছাদাৰীত্ব আৰু জনসেৱাক অগ্ৰাধিকাৰ দি ইয়াৰ প্ৰসাৰৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায় ।
অনুষ্ঠানত মেঘালয় চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰেনিকটন লিংডহ, আয়ুষ মন্ত্ৰালয়ৰ হোমিঅ'পেথী উপদেষ্টা সংগীতা গুগল, এন ই আই জি আৰ আই এইচ এম এছৰ সঞ্চালক ড৹ নলীন মেহতা, নেচনেল কমিছন ফ'ৰ ইণ্ডিয়ান ছিষ্টেম অৱ মেডিচিনৰ উচ্চপদস্থ বিষয়া ভি এছ মেহতা, উত্তৰ-পূৰ্বাঞ্চল পাৰ্বত্য বিশ্ববিদ্যালয়ৰ উপাচার্য প্ৰভাশংকৰ শুক্লা প্ৰমুখ্যে প্ৰষ্ঠানখনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল ।
লগতে পঢ়ক: AIUDF থকালৈকে কাশ্মীৰ সদৃশ হৈ থাকিব অসমৰ পৰিস্থিতি : ৰণজিৎ দাস