ETV Bharat / state

অসমত স্থাপন হ'ব ৪০০ টা প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰ: সৰ্বানন্দ সোণোৱাল - Pradhan Mantri Bhartiya Jan Aushadhi Kendra

অসমত ৪০০ টা প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰ স্থাপন কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। গুৱাহাটীৰ উলুবাৰীত সোমবাৰে অনুষ্ঠিত জন ঔষধি দিৱস (Jan Aushadhi Diwas 2022) অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য ।

JANAUSHADHI KENDRA
অসমত স্থাপন হ'ব ৪০০ টা প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰ
author img

By

Published : Mar 7, 2022, 4:33 PM IST

গুৱাহাটী, ০৭ মাৰ্চ: অসমত ৪০০ টা প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰ স্থাপন কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে । গুৱাহাটীৰ উলুবাৰীত(JAN AUSHADHI KENDRA ULUBARI) সোমবাৰে অনুষ্ঠিত জন ঔষধি দিৱস অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল এই কথা সদৰি কৰে । তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলত ৮০০ টা প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰ স্থাপন কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে ।

অসমত স্থাপন হ'ব ৪০০ টা প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰ: সৰ্বানন্দ সোণোৱাল

লগতে তেওঁ কয় যে জন ঔষধি আচঁনিৰ জৰিয়তে জন ঔষধি কেন্দ্ৰ স্থাপন কৰি জনস্বাস্থ্যৰ উন্নয়নৰ বাবে সুদূৰ প্ৰসাৰী ব্যৱস্থা গ্ৰহণ কৰা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই মহৎ প্ৰচেষ্টাই দেশৰ জনগণক উপকৃত কৰিছে(Pradhan Mantri Bhartiya Jan Aushadhi Kendra) । চিকিৎসাত অত্যাধুনিক সা-সুবিধা প্ৰদান কৰা হৈছে । জন ঔষধি কেন্দ্ৰবোৰত সকলো ধৰণৰ ঔষধ পযাপ্ত কৰাৰ ব্যৱস্থা কৰা হৈছে ।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল কয় যে ভাৰতৰ জন ঔষধি কেন্দ্ৰসমূহত জন ঔষধি দিৱস উপলক্ষে সপ্তাহজোৰা কাৰ্যসূচী ৰূপায়ন কৰা হৈছে । জনগনৰ বিশেষকৈ দুখীয়া ৰাইজৰ স্বাস্থ্যৰ উন্নয়নৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদ কুইন ওজা কয় যে ২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই জন ঔষধি আঁচনি ঘোষণা কৰিছিল । গুৱাহাটীত বশিষ্ঠ প্ৰথম আৰম্ভ কৰা হৈছিল । লগতে উল্লেখ কৰে যে জন ঔষধি কেন্দ্ৰসমূহত ঔষধৰ দাম কম । অনুস্থানটোত উপস্থিত থাকে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় অধ্যক্ষ ৰমাকান্ত শৰ্মাকে আদি কৰি ভলেকেইজন বিশিষ্ট ব্যক্তি । অনুষ্ঠানটোত গুৱাহাটীৰ জন ঔষধি কেন্দ্ৰৰ পাঁচগৰাকীক পুৰস্কাৰ প্ৰদান কৰা হয় ।

লগতে পঢ়ক: ৰাজ্যত নিষিদ্ধ কৰক বহিঃৰাজ্যৰ গামোচা: ছাত্ৰ সন্থা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.