ETV Bharat / state

Doctor couple’s child abuse case: জেৰাৰ সন্মুখীন ডাঃ সংগীতা; আৰক্ষীক বিভ্ৰান্ত কৰাৰ চেষ্টা মনোৰোগ বিশেষজ্ঞাৰ - বনকৰা মহিলা লক্ষী ৰায়

‘‘দুয়োটা সন্তানেই আমাৰ সন্তান নহয় ৷ তেওঁলকৰ পিতৃ-মাতৃৰ পৰিচয় আমি নাজানো ৷’’ আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি ডাঃ সংগীতা দত্তৰ (Sangeeta Dutta explosive confession)।

Sangeeta Dutta explosive confession during police interrogation
আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি সংগীতা দত্তৰ
author img

By

Published : May 7, 2023, 5:47 PM IST

Updated : May 8, 2023, 8:44 AM IST

জেৰাৰ সন্মুখীন ডাঃ সংগীতা

গুৱাহাটী, ৭ মে : শনিবাৰে নিশা মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্তক গ্ৰেপ্তাৰৰ পিচতে পোহৰলৈ আহিছে ন ন তথ্য (Sangeeta Dutta arrested)। আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি ডঃ সংগীতা দত্তৰ । দত্তই আৰক্ষীক কয় যে, দুয়োটা সন্তানেই তেওঁলোকৰ সন্তান নহয় ৷

২০১৯ চনত কণমানি শিশুটিক নিজ বাসগৃহলৈ আনিছিল আনিছিল সংগীতা দত্তই (Sangeeta Dutta explosive confession) ৷ IVF বিফল হোৱাত এগৰাকী মহিলাই অন্য ক’ৰবাৰ পৰা যমজ সন্তান দুটা আনি ডাঃ সংগীতাৰ হাতত তুলি দিছিল ৷ শিশু দুটিৰ পিতৃ-মাতৃৰ পৰিচয় নাজানো বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে সংগীতা দত্তই (Allegation against Doctor couple to abuse child)। কণমানি শিশুক যৌন পুতলা হিচাপে ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছিল চিকিৎসক দম্পতীৰ বিৰুদ্ধে ।

উল্লেখ্য যে, শুকুৰবাৰে নিজ ঘৰৰ ছাদত সংগীতা দত্তৰ তোলনীয়া কন্যাক বান্ধি থোৱা অৱস্থাত ওচৰ চুবুৰীয়াই ফটো তুলি সামাজিক মাধ্যমক পোষ্ট কৰিছিল ৷ উল্লেখ কৰা হৈছিল সেই ঘটনা কেৱল এদিনেই নহয়, ইয়াৰ পূৰ্বেও বহুবাৰ শিশুটিক চিকিৎসক দম্পতীয়ে কামলৈ যোৱাৰ সময়ত বান্ধি থৈ গৈছিল ৷ তাৰ পিচতে এই ঘটনাই ৰাজ্যজুৰি তোলপাৰ লগাইছিল ৷ পল্টন বজাৰ আৰক্ষীয়ে চাইল্ডলাইনৰ সহযোগত শুকুৰবাৰে শিশুটিক উদ্ধাৰ কৰাৰ পিচতে শিশুটিয়েও চিকিৎসক পিতৃ-মাতৃয়ে ঘৰৰ ছাদত বান্ধি থোৱা বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰিছিল (Accused Doctor assault minor daughter) ৷

তাৰ পাচতে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩০৭/৩২৫/ ৩৪১/৩৪ আৰু কিশোৰ ন্যায় আইনৰ ৭৫ ধাৰাৰ অধীনত ১৯৩/২৩ নম্বৰত এক গোচৰ ৰুজু কৰি ডাঃ ৱালিউল ইছলামক আটক কৰি জেৰা চলায় ৷ শনিবাৰে চিকিৎসক ৱালিউল ইছলামক আৰক্ষীয়ে আদালতত হাজিৰ কৰি ৫ দিনৰ জিম্মাত লয় (Doctor Couple arrested)।

এই ঘটনা সংক্ৰান্তত আৰক্ষীয়ে চিকিৎসক দম্পতীৰ ঘৰৰ বনকৰা মহিলা লক্ষী ৰায়কো গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে । শনিবাৰে আৰক্ষীয়ে চিকিৎসক দম্পতীৰ পল্টন বজাৰস্থিত ৰমা এনক্লেভটো তালাচী চলায় ৷

তাৰ পিচতে শিশুটিৰ স্বাস্থ্য পৰীক্ষা কৰা হয় ৷ তেতিয়াই স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ৷ 3 বছৰীয়া তোলনীয়া শিশুটিৰ ওপৰত দীৰ্ঘদিন ধৰি নিৰ্মম অত্যাচাৰ চলাই আহিছিল দস্পতীটোৱে ৷ শিশুটিৰ শৰীৰৰ বিভিন্ন অংশৰ লগতে গোপন অংগত ইস্ত্ৰিৰে পোৰাৰ দৰে দাগ পৰিলক্ষিত কৰা হৈছে ৷ ইয়াৰোপৰি গৰম পানী ঢালি শিশুটোক অকথ্য নিৰ্যাতন চলাইছিল দম্পতীটোৱে ৷ অভিযোগ অনুসৰি, ডাঃ সংগীতা দত্তৰ নিৰ্দেশত স্বামীয়ে তালিবানীৰ দৰে নিৰ্যাতন চলাইছিল শিশুটিক ৷

উল্লেখ্য যে, শনিবাৰে নিশা আৰক্ষীয়ে অভিযান চলায় খানাপাৰাৰ গ্ৰীণ উড ৰিজৰ্টৰ পিচফালে থকা পাহাৰৰ ওপৰৰ এটা ঘৰত আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সংগীতা দত্তক । তাৰ পিচৰে পৰাই আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে দত্তৰ ৷

ইফালে ঘটনা সন্দৰ্ভত ADCP নন্দিনী কাকতিয়ে প্ৰকাশ কৰা অনুসৰি সংগীতা দত্তই এতিয়ালৈকে শিশুটিক নিৰ্যাতন চলোৱাৰ কথা স্বীকাৰ কৰা নাই ৷ অচিৰেই তেওঁলোকৰ তোলনীয়া পুত্ৰ সন্তানৰো স্বাস্থ্য পৰীক্ষা কৰোৱা হ’ব ৷ জেৰাৰ সময়তো মনোৰোগ বিশেষজ্ঞাগৰাকীয়ে বাৰে বাৰে মূল কথাৰ পৰা ফালৰি কাটি আৰক্ষীক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক: Margherita Rape Case: অভিযুক্ত আননৰ পত্নীক গ্ৰেপ্তাৰৰ পিচতে মন্তব্য আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপৰ

Last Updated : May 8, 2023, 8:44 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.