ETV Bharat / state

Protest in Guwahati: প্ৰাপ্য় আদায়ৰ দাবীত নিৰ্মাণ শ্রমিক ইউনিয়নৰ বিক্ষোভ প্ৰদৰ্শন - Sadou Asom Nirman Shramik Union protest

সদৌ অসম নিৰ্মাণ শ্রমিক ইউনিয়নৰ প্ৰতিবাদত উত্তাল মহানগৰী (Sadou Asom Nirman Shramik Union) । প্ৰাপ্য় বিচাৰি ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক শ্ৰমিক ।

Sadou Asom Nirman Shramik Union protest
সদৌ অসম নিৰ্মাণ শ্রমিক ইউনিয়নৰ প্ৰতিবাদ
author img

By

Published : Apr 28, 2023, 12:42 AM IST

Updated : Apr 28, 2023, 9:35 AM IST

সদৌ অসম নিৰ্মাণ শ্রমিক ইউনিয়নৰ প্ৰতিবাদ

গুৱাহাটী, ২৭ এপ্ৰিল: ৰাজ্যৰ নির্মাণ শ্রমিকৰ হিতলাভ আদায় দিয়াৰ দাবীৰ সমৰ্থনত বৃহস্পতিবাৰে সদৌ অসম নিৰ্মাণ শ্রমিক ইউনিয়নে গুৱাহাটীৰ উলুবাৰীত থকা শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে (Sadou Asom Nirman Shramik Union protest)। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, ফ্লেগ, ফেষ্টুনলৈ প্ৰতিবাদী সমদল উলিয়ায় । প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ।

উক্ত কাৰ্যসূচীত অংশ‌লৈ সদৌ অসম নিৰ্মাণ শ্রমিক ইউনিয়নৰ সাধাৰণ সম্পাদক মদন তালুকদাৰে কয় যে, পঞ্জীয়নভূক্ত শ্রমিকসকলৰ বাবে পৰিষদে গ্ৰহণ কৰা আঁচনি অনুসৰি নির্মাণ শ্রমিকসকলক দিব লগা হিতলাভবোৰ সময়মতে কল্যাণ পৰিষদে আদায় দিয়া নাই । বর্তমানে কেইবাটাও শিতানৰ ধন শ্ৰমিকসকলে পাবলৈ বাকী আছে (protest in Guwahati)।

তেওঁ কয় যে কল্যাণ পৰিষদৰ যোৱা সভাত সকলো পক্ষৰ সদস্যসকলে শ্রমিকৰ হিতলাভৰ ধনবোৰ মোকোলাই দিব নোৱৰা বাবে খেদ প্রকাশ কৰিছিল । পৰিষদৰ সভাত শ্ৰমিকসকলে পাবলৈ থকা বকেয়া হিতলাভবোৰ ৰঙালী বিহুৰ আগে আগে আদায় দিয়া হ'ব বুলি সিদ্ধান্ত হৈছিল । কিন্তু পৰিষদৰ সভাৰ পিছত এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা নাই ।

ইপিনে, দীৰ্ঘদিন ধৰি আবেদন কৰি কোনো হিতলাভ আদায় নোপোৱাত নির্মাণ শ্রমিকসকল হতাশ হৈ পৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে, বিভিন্ন ঠাইত পেঞ্চনধাৰী নিৰ্মাণ শ্রমিকসকলে পেঞ্চনৰ টকা আদায় নোপোৱাত চকুলো টুকিছে (Workers protest at Ulubari in Guwahati) । তেওঁ লগতে কয় যে পেঞ্চনধাৰী নিৰ্মাণ শ্রমিকসকলক পেঞ্চন পোৱা সময়ত এখন প্ৰমাণ পত্ৰ প্ৰদান কৰা কল্যাণ পৰিষদৰ দায়িত্ব আৰু কৰ্তব্য । এই ক্ষেত্ৰতো পৰিষদৰ যোৱা সভাই অনুমোদন জনাইছিল । কিন্তু বৰ্তমানলৈ এনে প্ৰমাণ পত্ৰ দিয়া হোৱা নাই । যাৰ ফলত পেঞ্চনধাৰী নিৰ্মাণ শ্রমিকসকলে সমস্যাত পৰা পৰিলক্ষিত হৈছে ।

তেওঁ কয় যে, নির্মাণ শ্রমিকসকলৰ আইনী হিতলাভবোৰৰ ধনৰ পৰিমাণ যোৱা ২০১৭ চনতে নিৰ্ধাৰণ কৰা হৈছিল । ইতিমধ্য়ে ৬ বছৰ উকলিল । এই সময়ছোৱাত সকলো বস্তুৰ কেইবাগুণ দাম বৃদ্ধি হৈছে । সেয়ে হিতলাভৰ পৰিমাণো বৃদ্ধি কৰাৰো প্ৰয়োজন হৈছে । তাৰ বাবে অসমৰ পঞ্জীয়নভুক্ত নির্মাণ শ্রমিকসকলে হিতলাভৰ শিতানসমূহত ধনৰ পৰিমাণ বৃদ্ধি কৰাটো দাবী উত্থাপন কৰে ।

আনহাতে, কামৰূপ মহানগৰ আৰু দক্ষিণ কামৰূপৰ ছয়গাঁৱত থকা শ্রম কাৰ্যালয়ত শেহতীয়াভাৱে নির্মাণ শ্রমিক কল্যাণ পৰিষদৰ কোনো কৰ্মচাৰী নথকাত নিৰ্মাণ শ্রমিকসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে । সেয়ে উক্ত কাৰ্যালয়ত শীঘ্ৰে বিশেষ কৰ্মচাৰী নিযুক্ত কৰি পৰিষদৰ কাম-কাজ খৰতকীয়া কৰা প্ৰয়োজন ৷ একেদৰে কোনো অজুহাত নাৰাখি অতি শীঘ্ৰে নিৰ্মাণ শ্রমিকসকলে পাবলৈ বাকী থকা বকেয়া হিতলাভবোৰ আদায় দিয়া আৰু পেঞ্চনধাৰী নিৰ্মাণ শ্রমিকসকলক পৰিচয় পত্ৰ প্ৰদান কৰিবলৈ সদৌ অসম নিৰ্মাণ শ্রমিক ইউনিয়নৰ সাধাৰণ সম্পাদকগৰাকীয়ে দাবী জনায় । এই কাৰ্যসূচীৰ শেষত সদৌ অসম নিৰ্মাণ শ্রমিক ইউনিয়নৰ তৰফৰ পৰা বিভিন্ন দাবী সম্বলিত এখন স্মাৰকপত্ৰ অসম গৃহ আৰু অন্যান্য নির্মাণ শ্রমিক কল্যাণ পৰিষদৰ সদস্য সচিবক প্ৰদান কৰে ।

লগতে পঢ়ক:Protest in Guwahati: মিছন ভূমি পুত্ৰৰ জৰিয়তে এক লাখ ভুৱা প্ৰমাণ পত্ৰ প্ৰদানৰ চাঞ্চল্যকৰ অভিযোগ

Last Updated : Apr 28, 2023, 9:35 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.