গুৱাহাটী,21মে': অসমৰ একমাত্ৰ বৰ্ষাৰণ্য দিহিং পাটকাইৰ ৰক্ষাৰ স্বাৰ্থত এতিয়া ক্ৰমাৎ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাজ্যৰ দল-সংগঠন সমূহ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ক্ষুৰধাৰ সমালোচনা কৰি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে কেন্দ্ৰীয় চৰকাৰখনৰ লুণ্ঠন কৰাই প্ৰধান উদ্দেশ্য নেকি বুলি আজি এক সংবাদমেল যোগে প্ৰশ্ন কৰে ৷ ইয়াৰ উপৰিও অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ লুণ্ঠনৰাজ বন্ধ কৰাৰ দাবী তোলে সভাপতি ৰুবুল দাসে ।
ইপিনে কোনো কাৰণতে বৰ্ষাৰণ্যখনত কয়লা খনন কৰিবলৈ বিচৰা কাৰ্যক মানি লোৱা নহ'ব বুলি স্পষ্ট ঘোষণা কৰে সংগঠনটোৰ সভাপতি ৰুবুল দাসে ৷ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দিহিং পাটকাই অভয়াৰণ্য পৰ্য্যবেক্ষণ কৰিবলৈ বনমন্ত্ৰীক প্ৰেৰণ কৰাৰ পৰিৱৰ্তে ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী, জাতীয় সংগঠনৰ নেতৃত্ব, জ্যেষ্ঠ নাগৰিক, ভূতাত্ত্বিক আদিৰে গঠিত দলকহে প্ৰেৰণ কৰিবলৈ দাবী জনায় ৷
লগতে পঢ়কঃসন্ত্ৰাসবাদক সমৰ্থন কৰা দেশক এঘৰীয়া কৰিব লাগেঃ ভেংকায়া নাইডু