ETV Bharat / state

গুৱাহাটীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শঙ্খনাদ কাৰ্যসূচী - RSS training Centre in Guwahati

গুৱাহাটীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শঙ্খনাদ কাৰ্যসূচী । চান্দমাৰীস্থ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত এই কাৰ্যসূচীত মহানগৰীৰ শতাধিক আৰ এছ এছ কৰ্মীয়ে ভাগ লয় (RSS training program in Guwahati)। নেতাজী সুভাষ বসুৰ জন্মদিনটোত এই ধৰণৰ কাৰ্যসূচী আৰ এছ এছে পালন কৰি আহিছে যদিও এইবাৰ কিছু ব্যতিক্ৰম হৈছে ।

RSS training program in Guwahati
গুৱাহাটীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শঙ্খনাদ কাৰ্যসূচী
author img

By

Published : Apr 3, 2022, 7:17 PM IST

Updated : Apr 3, 2022, 10:23 PM IST

গুৱাহাটী, ৩ এপ্ৰিল: প্ৰতি বছৰে অনুষ্ঠিত কৰি অহাৰ দৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ(আৰ এছ এছ)ই দেওবাৰে বিয়লি গুৱাহাটীত অনুষ্ঠিত কৰে শঙ্খনাদ । গুৱাহাটীৰ চান্দমাৰীস্থ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত এই কাৰ্যসূচীত মহানগৰীৰ শতাধিক আৰ এছ এছ কৰ্মীয়ে ভাগ লয় (RSS training program in Guwahati)। স্মৰ্তব্য যে সাধাৰণতে নেতাজী সুভাষ বসুৰ জন্মদিনটোত এই ধৰণৰ কাৰ্যসূচী আৰ এছ এছে পালন কৰে যদিও এইবাৰ কিছু ব্যতিক্ৰম হৈছে ।

গুৱাহাটীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শঙ্খনাদ কাৰ্যসূচী

আৰ এছ এছ কৰ্মী সকলৰ বাবে আয়োজিত আজিৰ এই বিশেষ শাৰিৰীক শিক্ষণ কাৰ্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থাকে আৰ এছ এছৰ অখিল ভাৰতীয় শাৰিৰীক প্ৰমুখ সুনীল কুলকাৰ্ণী, অসমৰ ক্ষেত্ৰ প্ৰচাৰক উল্লাহ কুলকাৰ্ণী, উত্তৰ পূৱৰ সহ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাৰ লগতে খগেন শইকীয়া, নৃপেন বৰ্মন, গুৰুপ্ৰসাদ মেধীকে ধৰি আৰ এছ এছৰ কেইবাগৰাকীও শীৰ্ষ বিষয়ববীয়া৷ আনহাতে, সম্প্ৰতি গুৱাহাটীত বাহৰ পাতি থকা আৰ এছ এছৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সুৰেশ চোনীও উপস্থিত থাকে আজিৰ এই অনুষ্ঠানত ।

উল্লেখযোগ্য যে বিগত কেইবা বছৰজুৰি এইদৰে আৰ এছ এছৰ প্ৰশিক্ষণপ্ৰাপ্ত সদস্যসকলক লৈ সংগঠনটোৱে বাৰ্ষিক এবাৰকৈ এনে কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে ।

লগতে পঢ়ক: Gujarat assembly election : গুজৰাটত বিজেপিৰ বাবে প্ৰত্যাহ্বান হ'ব নেকি আম আদমি পাৰ্টি ?

Last Updated : Apr 3, 2022, 10:23 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.