ETV Bharat / state

Siksha Setu portal app launched: শিক্ষা সেঁতু পৰ্টেল মুকলি; মঙলবাৰে ঘোষণা হ’ব গুণোৎসৱৰ ফলাফল - Tablets will be given to every school authority

নতুন শিক্ষা নীতিৰ পৰামৰ্শবোৰ কাৰ্যকৰী কৰাৰ বাবে, কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি বিদ্যালয় পৰ্যায়ত শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ দৈনন্দিন কাৰ্যকলাপৰ হিচাপ ৰখাৰ বাবে অসম চৰকাৰে বিদ্যালয় নিৰীক্ষণ আৰু ব্যৱস্থাপনা প্ৰণালী ৰূপায়ণ কৰাৰ বাবে শিক্ষা বিভাগে আৰম্ভ কৰিব এক বিশেষ পৰ্টেল । শিক্ষা সেঁতু প'ৰ্টেল মুকলি কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে (Ronoj Pegu launches Siksha Setu portal app) ।

Ronoj Pegu launches Siksha Setu portal app
শিক্ষা সেঁতু পৰ্টেল মুকলি শিক্ষামন্ত্ৰীৰ
author img

By

Published : Apr 25, 2023, 1:17 AM IST

গুৱাহাটী, ২৪ এপ্ৰিল: নতুন শিক্ষা নীতিৰ পৰামৰ্শবোৰ কাৰ্যকৰী কৰাৰ বাবে, কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি বিদ্যালয় পৰ্যায়ত শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ দৈনন্দিন কাৰ্যকলাপৰ হিচাপ ৰখাৰ বাবে অসম চৰকাৰে বিদ্যালয় নিৰীক্ষণ আৰু ব্যৱস্থাপনা প্ৰণালী ৰূপায়ণ কৰাৰ বাবে শিক্ষা বিভাগে আৰম্ভ কৰিছে এক শিক্ষা ব্যৱস্থাপনা । এই সন্দৰ্ভত সোমবাৰে গুৱাহাটীৰ শিক্ষা বিভাগৰ কাৰ্য্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে, বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাপনাৰ বাবে শিক্ষা সেঁতু প'ৰ্টেল এপটো আৰম্ভ কৰা হৈছে (Ronoj Pegu launches Siksha Setu portal app) ।

নতুন শিক্ষা বৰ্ষ (New Academic Year) আৰম্ভ কৰাৰ লগে লগে শিক্ষা সেঁতুও আৰম্ভ কৰা হ'ব । ইতিমধ্যে সোমবাৰৰ পৰা অহা এপ্তাহৰ ভিতৰত বিদ্যালয়সমূহৰ সকলো তথ্য এই এপটোত সংলগ্ন কৰাৰ কাম আৰম্ভ কৰা হৈছে । বিদ্যালয়ৰ বিভিন্ন তথ্য পৰ্যালোচনা কৰাৰ বাবে নিজাববীয়াকৈ এই শিক্ষা সেঁতু প'ৰ্টেল মুকলি কৰা হৈছে । এয়া ৰাজ্য চৰকাৰৰ নিজাববীয়া এপ । ইয়াত কেন্দ্ৰীয় চৰকাৰৰ কোনো ভূমিকা নাথাকিব ।

এই এপটো পৰিচালনা কৰাৰ বাবে প্ৰতিখন বিদ্যালয়ৰ কৰ্তৃপক্ষক একোটাকৈ টেবলেট দিয়া হ'ব (Tablets will be given to every school authority) । যিবোৰ বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি তাত দুটাকৈ টেবলেট দিয়া হ'ব । তেওঁ কয় যে, এই টেবলেট পৰিচালনা কৰাৰ বাবে বিদ্যালয়সমূহক পুঁজি দিয়া হয় । এই টেবলেটসমূহ চলাবলৈ প্ৰয়োজন হোৱা চিমকাৰ্ড, ইন্টাৰনেট আদিৰ খৰচ এই পুঁজিৰ পৰাই লোৱা হ'ব । শিক্ষামন্ত্ৰীয়ে কয় যে, এই টেবলেটসমূহ চলাবলৈ বিদ্যালয়ত একোজন কৰ্মচাৰীয়ে দায়িত্ব ল'ব ।

এতিয়ালৈকে ৫৩ হাজাৰ টেবলেট শিক্ষা বিভাগে বিতৰণ কৰিছে । ব্যক্তিগত বিদ্যালয়সমূহৰ বাবেও এই শিক্ষা সেঁতু প'ৰ্টেল বাধ্যতামূলক হ'ব বুলি শিক্ষামন্ত্ৰীয়ে সদৰী কৰে । তেওঁ কয় যে চাৰিটা প্ৰধান শ্ৰেণীত এতিয়া ৰাজ্যৰ বিদ্যালয়সমূহক বিভক্ত কৰা হৈছে । প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ, ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ, নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে আৰু একাদশ‌ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিদ্যালয়সমূহক চাৰিটা প্ৰধান শ্ৰেণীত বিভক্ত কৰা হৈছে ।

তেওঁ কয় যে, বিদ্যালয়সমূহ থকা অঞ্চলটোত কি কি ভাষা কোৱা শিক্ষাৰ্থী থাকে, লোক থাকে, স্থানীয় কথিত ভাষা কোৱা লোক আছে, সেই তথ্য আমি বিচাৰিছো । যাতে অঞ্চলটোত থকা বিদ্যালয়সমূহৰ Mapping কৰাত সুবিধা হয় । পাছলৈ এই ডাটাসমূহ থাকিলে, নতুনকৈ শিক্ষক নিযুক্তি দিয়াৰ সময়ত সেই অঞ্চলত কোৱা ভাষাৰ জ্ঞান নিযুক্তি দিবলগীয়া শিক্ষকৰ আছে নে নাই, জনাত সহায় হ'ব । ইপিনে শিক্ষামন্ত্ৰীয়ে কয় যে, মঙলবাৰে গুণোৎসৱৰ ফলাফল ঘোষণা কৰিব মুখ্যমন্ত্ৰীয়ে (Results of Gunotsav will be announced tomorrow) ।

মঙলবাৰে দিনৰ ১১ বজাত জনতা ভৱনত ঘোষণা কৰিব মুখ্য মন্ত্ৰীয়ে । সংবাদমেলত বিদ্যালয়ৰ শিক্ষক বদলিৰ বিষয় সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে কয় যে, বিদ্যালয়ৰ শিক্ষক বদলিৰ বিষয়টি জটিল । যিসকলে কোনো জিলাত ১০ বছৰ যদি চাকৰি কৰিলে, দিব্যাংগ কোনোবাই যদি ২ বছৰ কটাইছে একেখন জিলাত, তেওঁলোকে বদলিৰ বাবে আৱেদন কৰিব পাৰিব । ৭৫ বিধ শিক্ষক আছে আমাৰ । বদলিৰ কাৰণে এইটো এটা প্ৰধান সমস্যা । অংকৰ ঠাইত ইংৰাজী শিক্ষকক বদলি কৰিব নোৱাৰি ।"

ইফালে গণিত আৰু বিজ্ঞানৰ পাঠ্যক্ৰম পাঠ্যক্ৰমৰ মাধ্যম ইংৰাজী কৰা সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে লগতে কয় যে, গণিত আৰু বিজ্ঞানৰ পাঠ্যক্ৰম পাঠ্যক্ৰমৰ মাধ্যম ইংৰাজী কৰাক লৈ এবছুৰে আজি আলোচনা হৈছে । ইতিমধ্যে প্ৰাথমিকৰ গণিত আৰু বিজ্ঞানৰ পাঠ্যক্ৰম ইংৰাজী ভাষাত ছপা কৰি বিতৰণ কৰা হৈছে এবছুৱেও এই নীতিক আদৰণি জনাইছে ।"

লগতে পঢ়ক: Photo journalist attacked: মহানগৰীত নিশা সাংবাদিকক আক্ৰমণ সুৰামত্ত যুৱকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.