গুৱাহাটী,13 এপ্ৰিলঃ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ বাবে মাজত মাত্ৰ কেইটামান ঘন্টা বাকী। বিহু উপলক্ষে চৌদিশে চলিছে ব্যাপক প্ৰস্তুতি। প্ৰতিবছৰৰ দৰেই এইবাৰো মহানগৰীৰ জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু'টো উদযাপন কৰা হ'ব বহাগ বিহু।
১৫ তাৰিখৰ পৰা ১৭ এপ্ৰিললৈ তিনিদিনীয়াকৈ পঞ্চতাৰকাযুক্ত হোটেলখনত আয়োজন কৰা হৈছে ৰঙালী বিহুৰ। বিহু এই দিনকেইটাত পঞ্চতাৰকাযুক্ত হোটেলখনত উপলব্ধ হ'ব অসমীয়াৰ পিঠা পনা, দৈৰ লগতে থলুৱা বিভিন্ন খাদ্য সম্ভাৰ। ৰঙালী বিহুৰ বাবে হোটেল কৰ্তৃপক্ষই বিশেষভাৱে নিয়োগ কৰিছে অসমৰ কেইবাগৰাকীও ৰান্ধনী । মুঠৰ ওপৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এক অনন্য ধৰণে বিহু উদযাপন কৰাৰ প্ৰস্তুতি চলিছে হোটেল ৰেডিচন ব্লু'ত। ইফালে ৰঙালী বিহুৰ সময়চোৱাত সকলো সাধাৰণ লোকে অসমীয়া থলুৱা খাদ্য সম্ভাৰৰ লগতে ৰঙালী বিহুৰ আনন্দ ল'ব পৰাকৈ সুবিধা কৰিছে হোটেল কৰ্তৃপক্ষই ৷ ইয়াৰ উপৰি গ্ৰাহকৰ অতি কম মূল্য নিৰ্ধাৰণ কৰিছে হোটেল কৰ্তৃপক্ষই।