ETV Bharat / state

Rojgar mela: গুৱাহাটীৰ ৰোজগাৰ মেলাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল - গুৱাহাটীৰ ৰোজগাৰ মেলা

উত্তৰ পূৰ্বাঞ্চলকে ধৰি বাৰখন ৰাজ্যৰ মুঠ ২১১ গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান । নৱনিযুক্ত সকলক ৰাষ্ট্ৰৰ সেৱাত নিজকে সমৰ্পণ কৰি একো একোজন কৰ্মযোগী হোৱাৰ বাবে আহ্বান সোণোৱালৰ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃঢ় নেতৃত্বত ভাৰত বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে ।

Rojgar Mela in Guwahati
ৰোজগাৰ মেলা
author img

By

Published : Jul 22, 2023, 9:38 PM IST

গুৱাহাটী,২২ জুলাই : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰোজগাৰ মেলা সম্বোধন কৰে । দেশজুৰি আয়োজন কৰা এই মেলাৰ যোগেদি বিভিন্ন চৰকাৰী বিভাগ তথা সংস্থাত নতুনকৈ নিযুক্তিপ্ৰাপ্ত ৭০,০০০ তকৈও অধিক প্ৰার্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰা হয় । প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়ত সমগ্ৰ দেশৰ ৪৪ খন ঠাই আজিৰ এই ৰোজগাৰ মেলাৰ সৈতে সংযুক্ত আছিল ।

Rojgar Mela in Guwahati
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

গুৱাহাটীৰ বশিষ্ঠত অনুষ্ঠিত ৰোজগাৰ মেলাত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশ গ্ৰহণ কৰে । গুৱাহাটীৰ অনুষ্ঠানত ২১১ জন প্ৰাৰ্থীয়ে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগ আৰু সংস্থাত যোগদানৰ অৰ্থে নিযুক্তি পত্ৰ লাভ কৰে । প্ৰাৰ্থীসকল অসম, অৰুণাচল প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ওড়িষা, ছিকিম, ত্ৰিপুৰা আৰু পশ্চিম বংগকে প্ৰমুখ্য কৰি পূব ভাৰতৰ ১২খন ৰাজ্যৰ ।

Rojgar Mela in Guwahati
ৰোজগাৰ মেলা

প্ৰাৰ্থীসকলে চি বি ডি টিৰ আয়কৰ বিভাগ, আছাম ৰাইফলছ, চি আৰ পি এফ, অ’ইল, এইমছ, জি এছ আই, এছ বি আই, এফ চি আই, চি জি এছ টি, ডাক বিভাগ, ৰে’লৱে, ইছৰ’, এল আই চি আদি বিভিন্ন বিভাগ আৰু সংস্থাত নিযুক্তি লাভ কৰে । নৱ নিযুক্ত প্ৰাৰ্থীসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মত-বিনিময় কৰি ২০৪৭ চনৰ ভিতৰত ভাৰত আত্মনিৰ্ভৰ ভাৰত হৈ উঠাৰ দিশত আগবাঢ়ি যোৱাৰ সময়তে তেওঁলোকক ৰাষ্ট্ৰৰ সেৱাত নিজকে সমৰ্পণ কৰি একো-একোজন “কৰ্মযোগী” হ’বলৈ আহ্বান জনায় । ভাষণত সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃঢ় নেতৃত্বত ভাৰত বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে ।

Rojgar Mela in Guwahati
গুৱাহাটীত ৰোজগাৰ মেলা

তেওঁ নৱ নিযুক্তসকলক উৎসাহ যোগাই তেওঁলোকক নিয়মিতভাৱে যোগাসনেৰে এটি সুস্থ, নিৰোগী আৰু সুন্দৰ শৰীৰ তথা মনৰ গৰাকী হ’বলৈ আহ্বান জনায় । তেওঁ কয় যে যোগ হৈছে জীৱনৰ বিজ্ঞান । সকলোৱে আমাৰ চহকী ঐতিহ্যৰ এই আশ্চৰ্য্যক আদৰি লৈ সুস্থ আৰু নিৰোগী হ’ব লাগিব ।

Rojgar Mela in Guwahati
গুৱাহাটীত ৰোজগাৰ মেলা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত যোগ বিশ্বজুৰি এক সুস্থতা আন্দোলনত পৰিণত হৈছে বুলি সদৰী কৰি তেওঁ কয় যে বিশ্বতে যোগৰ জনপ্ৰিয়তা বৃদ্ধিৰ লগে লগে যোগ দিৱস ৰাষ্ট্ৰসংঘৰ অতিশয় জনপ্ৰিয় অনুষ্ঠানত পৰিণত হৈছে । উল্লেখ্য যে, ৰোজগাৰ মেলা হৈছে প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টিত সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণৰ অৰ্থে এটি পদক্ষেপ ।

লগতে পঢ়ক : Nagaon niyog mela 2023:প্ৰতিখন ৰাজ্যতে অসমৰ যুৱক-যুৱতীয়ে বনাওক নিজৰ এক সুকীয়া স্থান:প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.