ETV Bharat / state

Rojgar mela 2023: ৰোজগাৰ মেলাৰে ১০ লাখ নিবনুৱাক নিযুক্তি দিয়াৰ লক্ষ্য ভাজপা চৰকাৰৰ - গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্প

দেশৰ ৪৫ টা স্থানত বিশালভাৱে আয়োজন কৰা হৈছে ৰোজগাৰ মেলাৰ (Rojgar mela 2023) । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভাষাত আগন্তুক সময়ত উত্তৰ-পূব নৱভাৰতৰ নতুন ইঞ্জিন হ'ব । ৯ বছৰত উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্য আগবাঢ়ি গৈছে ।

rojgar mela 2023
ৰোজগাৰ মেলা
author img

By

Published : May 16, 2023, 5:20 PM IST

সৰ্বানন্দ সোণোৱাল

গুৱাহাটী, ১৬ মে’ : গুৱাহাটীত ৰোজগাৰ মেলাৰ যোগেদি মঙলবাৰে ৰাজ্যৰ ২১৭ গৰাকী নিৱনুৱাক প্ৰদান কৰা হয় নিযুক্তি পত্ৰ । গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আয়োজন কৰা ৰোজগাৰ মেলাত অংশ গ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰসমূহ বিতৰণ কৰে (Sarbananda Sonowal attends Rojgar mela) ।

উল্লেখযোগ্য যে, মঙলবাৰে দেশৰ ৪৫ টা স্থানত ৰোজগাৰ মেলাৰ বিশাল আয়োজন কৰা হৈছে । তাৰেই অংশ হিচাপে গুৱাহাটীৰ মাছখোৱাস্থিত আই টি এ চেণ্টাৰত ৰোজগাৰ মেলাৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত ৰাজ্যৰ ২১৭ গৰাকী নিবনুৱাক প্ৰদান কৰা হয় নিযুক্তি পত্ৰ । অনুষ্ঠানটোত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, আগন্তুক সময়ত উত্তৰ-পূব নৱভাৰতৰ নতুন ইঞ্জিন হ'ব । ৯ বছৰত উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্য আগবাঢ়ি গৈছে । অৰ্থনৈতিক দিশত ভাৰতবৰ্ষ পঞ্চম বৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে বুলিও কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে উল্লেখ কৰে (Rojgar mela 2023 in India)।

rojgar mela 2023
ৰোজগাৰ মেলা

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱশক্তিৰ সৱলীকৰণৰ বাবে ৰোজগাৰ মেলাৰ যোগেদি সুযোগ প্ৰদান কৰিছে । এই মেলাৰ যোগেদি ১০ লাখ নিবনুৱা যুৱক-যুৱতীক নিযুক্তি দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । আজি পঞ্চম পৰ্যায়ত নিযুক্তি পত্ৰ দিয়া হ'ল বুলি তেওঁ সদৰী কৰে (Rojgar mela 2023) ।

তাৰোপৰি সৰ্বানন্দ সোণোৱালে কয় যে, এতিয়ালৈকে চাৰে তিনি লাখৰো অধিক নিবনুৱা যুৱক-যুৱতীক নিযুক্তি দিয়া হৈছে । মঙলবাৰৰ অনুষ্ঠানটোত ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।

উল্লেখ্য যে দেশজুৰি বিভিন্ন স্থানত চলা ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অংশ গ্ৰহণ কৰে । মঙলবাৰে সমগ্ৰ দেশত ৰোজগাৰ মেলাৰ অধীনত প্ৰায় ৭১ হাজাৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হয় (Rojgar mela 2023 PM Modi)।

লগতে পঢ়ক : Assam Police VRS : অসম আৰক্ষীৰ সকলোৱে দিব লাগিব শাৰীৰিক সক্ষমতাৰ পৰীক্ষা, অনুত্তীৰ্ণক দিব স্বেচ্ছামূলক অৱসৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.